২৬/১১ৰ খলনায়ক কছাবক জীৱন্তে কৰায়ত্ব কৰা আৰক্ষী বিষয়াক নিলম্বন…

২৬/১১ৰ খলনায়ক কছাবক জীৱন্তে কৰায়ত্ব কৰা আৰক্ষী বিষয়াক নিলম্বন…

ডিজিটেল ডেস্কঃ মুম্বাইৰ ২৬/১১ সন্ত্ৰাসবাদী আক্ৰমণৰ অভিযুক্ত সন্ত্ৰাসবাদী আজমল কছাবক জীৱন্তে গ্ৰেপ্তাৰ কৰা এগৰাকী আৰক্ষী বিষয়াসহ ২ জনক কৰ্মত গাফিলতি কৰাৰ অভিযোগত নিলম্বন কৰা হৈছে। খবৰ অনুসৰি পি আই সঞ্জয় গোৱালিকৰ আৰু আনগৰাকী এ পি আই জীতেন্দ্ৰ সিংগোটক মুম্বাই আৰক্ষী আয়ুক্তই শুকুৰবাৰে নিলম্বন কৰে। দুয়োজন আৰক্ষী বিষয়াক ডাউদ ইব্ৰাহিমৰ সহযোগী ছোহেইল ভামলাৰ পলায়নত সহায় কৰাৰ অভিযোগত নিলম্বন কৰা হয়।

জানিব পৰা মতে, ইঅ'ডব্লিউত কৰ্মৰত আৰক্ষী বিষয়া দুগৰাকীয়ে এটা পুৰণি গোচৰৰ তদন্তকালত মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা ছোহেইল ভামলাক আটক কৰিছিল। সেই সময়ত ডুবাইৰ পৰা আহি বিমান বন্দৰত উপস্থিত হৈছিল ছোহেইল। ডাউদৰ এই বিশ্বস্ত সহযোগীজনৰ বিৰুদ্ধে জাৰি হৈ আছিল লুক আউট নটিছ।

ইফালে ছোহেইলক আটক কৰাৰ পিছতে আৰক্ষী বিষয়া দুগৰাকীয়ে তেওঁক ইঅ'ডব্লিউৰ কাৰ্যালয়লৈ লৈ আহে আৰু সোধা পোছাৰ অন্তত তেওঁক পুনৰ মুকলি কৰি দিয়ে। যাৰ ফলত ছোহেইল ভামলাই পুনৰ পলায়ন কৰিবলৈ সক্ষম হয়। তাৰ পিছতে কৰ্মত গাফিলতি কৰাৰ অভিযোগত আৰক্ষী আয়ুক্ত সঞ্জয় বৰ্বেয়ে দুয়োজনকে নিলম্বন কৰি তেওঁলোকৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে, অভিশপ্ত ২৬/১১ৰ নিশা গিৰাগাঁৱৰ চৌপট্টীত শ্বহীদ আৰক্ষী কনিষ্টবল তুকাৰাম অম্বালেৰ সৈতে একেলগে কৰ্তব্য পালন কৰি আছিল পি আই সঞ্জয় গোৱালিকৰে। সন্ত্ৰাসবাদী আক্ৰমণটোৰ অভিযুক্ত কছাব আৰু ইছমাইল নামৰ সন্ত্ৰাসবাদী দুজনে গাড়ীৰে পলায়ন কৰিবলৈ লোৱাৰ সময়ত কনিষ্টবল তুকাৰাম অম্বালে কছাবক কৰায়ত্ব কৰাৰ চেষ্টা চলায়।

অন্যহাতে কনিষ্টবল অম্বালেৰ সৈতে কৰ্তব্য পালন কৰি থকা পি আই সঞ্জয় গোৱালিকৰৰ গুলীত তেতিয়া আহত হয় ইছমাইল নামৰ আনজন সন্ত্ৰাসবাদী। কিন্তু সন্ত্ৰাসবাদীজনেৰে হোৱা সেই গুলীয়াগুলিত গুলীবিদ্ধ হৈ মৃত্যু ঘটে কনিষ্টবল তুকাৰাম অম্বালাৰ। সন্ত্ৰাসবাদী কছাবক কৰায়ত্ব কৰি সাহসিকতাৰ পৰিচয় দিয়া বাবে পিছত আৰক্ষী বিষয়া সঞ্জয় গোৱালিকৰক ৰাষ্ট্ৰপতি পুৰস্কাৰেৰে সন্মানিত কৰা হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in