কোৰোনাৰ সজাগতাঃ ‘মাই কি ভাল পাই?’… চাওঁক VIDEO

কোৰোনাৰ সজাগতাঃ ‘মাই কি ভাল পাই?’… চাওঁক VIDEO

ডিজিটেল ডেস্কঃ এখন জনপ্ৰিয় বলিউডৰ ছবি- অগ্নিপথ। ছবিখনত এটা দৃশ্য আছে য'ত অভিনেতা অমিতাভ বচ্চনে মাতৃ আৰু ভগ্নীৰ সৈতে ভাত খাবলৈ ডাইনিং টেবুলত বহে। ভগ্নীয়ে কয়- 'দাদা মাই আজি তোমাৰ পচন্দৰ সকলো খাদ্য বনাইছে। অমিতাভ বচ্চনে কয়- মাই মোৰ পচন্দ ভালদৰে জানে। সেই সময়তে মাতৃয়ে পুত্ৰ অৰ্থাৎ অমিতাভ বচ্চনক উদ্দেশ্যি কয় যে, কিন্তু তই জান'নে যে মই কি ভাল পাওঁ। উত্তৰত অমিতাভে ক'লে- মা তোমাক কি লাগে কোৱা মই আনি দিম। মাতৃয়ে ক'লে- প্রথমে হাতখন ভালদৰে ধুই লোৱা। হাত ধোৱাৰ পাছত অমিতাভ বচ্চনে কয় যে, মা চোৱা মোৰ হাত সম্পূৰ্ণকৈ চাফা হৈ গ'ল। কিন্তু মাতৃয়ে কয়- ইমান সহজে তোৰ হাত চাফ হ'ব নোৱাৰে।'

তলৰ লিংকত চাওঁক ভিডিঅ'টো-

এই দৃশ্যটো অগ্নিপথ ছবিখন চোৱা প্ৰতিগৰাকী লোকৰে মনত আছে। কিন্তু এই দৃশ্যটোকে কোৰোনাৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিছে মুম্বাই আৰক্ষীয়ে। ছ'চিয়েল মিডিয়াত আৰক্ষীয়ে ভিডিঅ'টো শ্বেয়াৰ কৰি অৱশেষত উক্ত ভিডিঅ'টোতে লিখিছে- 'Wash Your Hands Wash Corona Away'। অৰ্থাৎ হাত ধুই কোৰোনাক দূৰত ৰাখক।

এক ব্যতিক্ৰমী পদক্ষেপ জনসাধাৰণক কোৰোনাৰ পৰা হাত সাৰিবলৈ সজাগত-সচেতন কৰাৰ। ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ভিডিঅ'টোৰ সৈতে মুম্বাই আৰক্ষীয়ে লিখিছে- 'Kya aapne kabhi jaanane ki koshish ki, ki Ma ko kya pasand hai? #PathToSafety #MaKiSuno #MomsAlwaysRight #TakingOnCorona'

উল্লেখ্য যে, পুনৰ মহাৰাষ্ট্ৰত বৃদ্ধি পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে বালাঘাটত সান্ধ্য আইন জাৰি কৰা হয়। নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈকে জাৰি থাকিব সান্ধ্য আইন। ২০২০চনৰ লকডাউনৰ সেই সময়চোৱাৰ পাছত যেন আকৌ পূৰ্বৰ সেই সময় ঘূৰি আহিব যেন অনুমান কৰা হৈছে। কিন্তু সকলোৱে পূৰ্বৰ দৰে মাস্ক, হেণ্ড চেনিটাইজাৰৰ লগতে যিমানবোৰ সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইবোৰ কৰিলে এই ভাইৰাছৰ পৰা ৰক্ষা পৰিব পাৰি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in