মুম্বাইত অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান, তৃতীয় দিনাও সন্ধান নাপালে ৩ বছৰীয়া শিশুটিৰ…

মুম্বাইত অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান, তৃতীয় দিনাও সন্ধান নাপালে ৩ বছৰীয়া শিশুটিৰ…

ডিজিটেল ডেস্কঃ তৃতীয় দিনাও উদ্ধাৰকাৰী দলে কোনো সন্ধান নাপালে মুম্বাইৰ এটা নলাত পৰি সন্ধানহীন হোৱা ৩ বছৰীয়া শিশুটিৰ। অগ্নিনিৰ্বাপক বাহিনীয়ে চলোৱা এই উদ্ধাৰ অভিযান যোৱা ১০ জুলাইৰ নিশাৰ পৰা চলাই থকা হৈছে। শুকুৰবাৰে নিশা প্ৰায় ১১.৩০ বজাত আন্ধাৰৰ বাবে উদ্ধাৰকাৰী দলে শিশুটিৰ উদ্ধাৰ অভিযান স্থগিত ৰাখে।

উল্লেখ্য যে, বুধবাৰে মুম্বাইৰ গোড়গাঁৱৰ আমবেদকাৰ নগৰৰ এটা ব্যস্ত ৰাজপথত আন্ধাৰ ৰাতি খোজ কাঢ়ি গৈ আছিল শিশুটি। প্ৰথমে পদপথৰ পৰা ৰাজপথৰ দিশে কিছুদুৰ গৈ শিশুটি ঘূৰি আহে। তাৰ পিছতে শিশুটিয়ে ভৰি দিয়ে নলাটোত। নলাটো সম্পূৰ্ণ উন্মুক্ত হোৱাৰ বাবেই সংঘটিত হয় এই ঘটনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in