ভয়াবহ অগ্নিকাণ্ডঃ ২০ খন মটৰচাইকেল অগ্নিদদ্ধ…

ভয়াবহ অগ্নিকাণ্ডঃ ২০ খন মটৰচাইকেল অগ্নিদদ্ধ…

ডিজিটেল ডেস্কঃ মঙ্গলবাৰে পুৱাই বাণিজ্য নগৰি মুম্বাইৰ কুৰ্লাৰ নেহৰু নগৰৰ আৱাসিক সমাজত এক ডাঙৰ অগ্নিকাণ্ড সংঘটিত হয়। আৱাসিক এলেকাটোত পাৰ্কিং লটত ৰখাই থোৱা প্ৰায় ২০ খন মটৰচাইকেল অগ্নিদগ্ধ হৈছে।

অগ্নি নিৰ্বাপক বাহিনীয়ে আহি অগ্নি নিৰ্বাপন কৰিছে যদিও অগ্নিকাণ্ডৰ ফলত বহু ক্ষতি হৈছে। ঘটনাস্থলীত আৰক্ষী বিষয়াসকল উপস্থিত হৈছে। অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in