১০ জনৰো অধিক মন্ত্ৰী, ২০ জনৰো অধিক বিধায়ক আক্ৰান্ত কোৰোনাত…

১০ জনৰো অধিক মন্ত্ৰী, ২০ জনৰো অধিক বিধায়ক আক্ৰান্ত কোৰোনাত…

ডিজিটেল ডেস্কঃ যিসময়ত কোৰোনাৰ নতুন প্ৰকাৰ অমিক্ৰনে দেশত এক জটিল পৰিস্থিতিৰ সূচনা হোৱাৰ উপক্ৰম হৈছে ঠিক সেই সময়তেই মহাৰাষ্ট্ৰৰ ১০ জনতকৈও অধিক মন্ত্ৰী আক্ৰান্ত হৈছে কোৰোনাত। আনহাতে ৰাজ্যখনৰ বিধানসভাৰ ২০ জনতকৈও অধিক বিধায়ক আক্ৰান্ত হৈছে কোৰোনাত। এই সম্পৰ্কে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱেৰ উল্লেখ কৰিছে।

উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে এই সম্পৰ্কে উল্লেখ কৰি কয় যে, যদিহে পৰিস্থিতি জটিল হয়, আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ থাকে তেনে কঠোৰ প্ৰতিবন্ধকতা আৰোপ কৰিব পাৰে। শুকুৰবাৰে ৰাজ্যখনত কৰোনা ভাইৰাছ সংক্ৰমণৰ ৮,০৬৭ টা নতুন ঘটনা পোহৰলৈ অহাৰ পিছত পাৱাৰৰ এই মন্তব্য প্ৰকাশ পাইছে।

উল্লেখ্য যে শুক্ৰবাৰে পোহৰলৈ অহা কোৰোনাৰ নতুন ঘটনা বৃহস্পতিবাৰে তুলনাতকৈ প্ৰায় ৫০ শতাংশ বেছি ।কোৰেগাঁও-ভীমা যুদ্ধৰ ২০৪ তম বাৰ্ষিকী উপলক্ষে পাৰনে গাঁৱৰ জয়ষ্টম্ভ স্মাৰক পৰিদৰ্শন কৰাৰ পিছত উপ-মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিকসকলক কয়, "আমি শেহতীয়াকৈ বিধানসভাৰ অধিৱেশন হ্ৰাস কৰিছো। এতিয়ালৈকে ১০ জন মন্ত্ৰী আৰু ২০ জনতকৈ অধিক বিধায়ক কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা দেখা গৈছে। সকলোৱে নৱবৰ্ষ, জন্মদিন আৰু অন্যান্য উদযাপনত উপস্থিত থাকিব বিচাৰে। মনত ৰাখিব যে কোৰোনাৰ নতুন প্ৰকাৰ দ্ৰুতগতিত বিয়পে আৰু সেয়েহে, সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন।

মহাৰাষ্ট্ৰত দৈনিক কৰোনা ভাইৰাছ সংক্ৰমণৰ ঘটনা যোৱা ১২ দিনধৰি ক্ৰমান্বয়ে বৃদ্ধি হৈ আহিছে। মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যখনত ঘটনা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি বা বন্ধ ঠাইত সমবেত হোৱা লোকৰ সংখ্যা ৫০ শতাংশলৈ হ্ৰাস কৰিছে। মুম্বাইত শুক্ৰবাৰে কৰোনা ভাইৰাছ সংক্ৰমণৰ ৫,৬৩১ টা নতুন ঘটনা পোহৰলৈ আহিছে। সংক্ৰমণৰ নতুন ঘটনা পূৰ্বৰ তুলনাত ৫৩ শতাংশ বৃদ্ধি পাইছে। নতুন ঘটনাপোহৰলৈ অহাৰ লগে লগে মুম্বাইত সংক্ৰমিত লোকৰ মুঠ সংখ্যা ৭,৮৫,১১০ জনলৈ বৃদ্ধি পাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in