পৰিয়ালৰ অসাৱধানতাৰ বাবেই চতুৰ্থ মহলাৰ পৰা পৰি ১৪ মহীয়া শিশুৰ মৃত্যু

পৰিয়ালৰ অসাৱধানতাৰ বাবেই চতুৰ্থ মহলাৰ পৰা পৰি ১৪ মহীয়া শিশুৰ মৃত্যু

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে মুম্বাইৰ গৌবিন্দীত সংঘটিত হ'ল এক শোকাৱহ ঘটনা। পৰিয়ালৰ লোকৰ অসাৱধানতাৰ বাবেই প্ৰাণ হেৰুৱালে এটি ১৪ মহীয়া শিশুৱে। খবৰ অনুসৰি গৌবিন্দী অঞ্চলৰ এটা অট্টালিকাৰ চতুৰ্থ মহলাৰ পৰা পৰি মৃত্যু হ'ল এই শিশুটি। অট্টালিকাৰ চতুৰ্থ মহলাত বাস কৰা এই পৰিয়ালটোৱে বাৰাণ্ডাৰ দৰ্জা খুলি থোৱাৰ ফলতে সংঘটিত হবলৈ পালে অঘটন। পৰিয়ালটোৱে দৈনন্দিন কাপোৰ মেলাৰ বাবে ব্যৱহাৰ কৰা এই বাৰাণ্ডাখনত আছিল সম্পূৰ্ণ মুকলি। বৃহস্পতিবাৰে পৰিয়ালৰ এগৰাকী ব্যক্তিয়ে কাপোৰ মেলি দৰ্জা বন্ধ নকৰাৰ ফলতেই চতুৰ্থ মহলাৰ পৰা পৰি মৃত্যু হ'ল অৰ্থব নাম এই ফুলকুমলীয়া শিশুটি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in