বিয়া খাবলৈ মুম্বাই আহিল ইংলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী টনী ব্লেয়াৰ

বিয়া খাবলৈ মুম্বাই আহিল ইংলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী টনী ব্লেয়াৰ

ডিজিটেল ডেস্কঃ ভাৰত বিয়া খালেহি প্ৰাক্তন ব্ৰিটিছ প্ৰধান মন্ত্ৰী টনী ব্লেয়াৰে। এখন ৰাজকীয় বিয়া। আকৌ আম্বানী পৰিয়ালৰে বিয়া এইখন। এইবাৰ কন্যাৰ পাছত পুত্ৰৰ বিয়া পাতি বোৱাৰী ঘৰলৈ আনিলে মুকেশ আম্বানী আৰু টিনা আম্বানীয়ে। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই বিয়াত পূৰ্বৰ দৰে জাক-জমক পৰিৱেশ।

পুত্ৰ আকাশ আম্বানীৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ল শ্লোকা মেহতা। মুম্বাইত শনিবাৰে অনুষ্ঠিত হৈছে সেই বিবাহ অনুষ্ঠান। বিয়াক লৈ ব্যস্ত আম্বানীৰ পৰিয়াল।

মুকেশ আম্বানীৰ ঘৰৰ এই বিয়া খাবলৈ আহিল বলিউদৰ তাৰকা সকলো । এটা ব'গা কূৰ্টা পিন্ধি পন্তী কিৰণৰ সৈতে বিবাহস্থলীত উপস্থিত হ'লহি মিষ্টাৰ পাৰ্ফেকশ্যনিষ্ট আমিৰ খান।

কেৱল দেশৰেই যে আলহী আহিছিল এই বিয়া খাবলৈ তেনে নহয়। আকাশ আৰু শ্লোকাৰ বিবাহ অনুষ্ঠানলৈ আহিল ক্ৰিকেটাৰ শ্ৰীলংকাৰ ক্ৰিকেটাৰ মহেলা জয়ৱৰ্ধন।

বিশাল দাদলানী-শেখৰ ৰবিজানীও আহিছিল এই বিবাহ অনুষ্ঠানলৈ। কেৱল এয়াই নহয়, এই বিবাহ অনুষ্ঠানত আহি উপস্থিত হ'লহি ইংলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী টনী ব্লেয়াৰ আৰু শ্বেৰী ব্লেয়াৰ।

ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন সচিব প্ৰধান বেনকিকো দেখা পোৱা গ'ল বিবাহস্থলীত। বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট অতিথিসকলৰে ভৰি পৰিল মুকেশ আম্বানীৰ পুত্ৰৰ বিবাহস্থলীত।

অৱশ্যে কন্যাৰ বিয়াৰ দৰে এই বিয়াক লৈ বিশেষভাৱে চৰ্চা হোৱা নাই। আমন্ত্ৰিত বিশিষ্ট অতিথিসকলক নিজেই আদৰণি জনালে মুকেশ আম্বানীয়ে।

মুম্বাইত জিঅ' ৱৰ্ল্ড চেন্টাৰত অনুষ্ঠিত হোৱা এই বিবাহ অনুষ্ঠানত দেখা পোৱা গ'ল ভগ্নী ঈশাক। খুৰাক অনিল আম্বানীৰ সৈতে অতিথিক সোধ-পোছ কৰাত ব্যস্ত আছিল ঈশা।

নাতিয়েকৰ বিয়াক গোলপীয়া শাৰী পিন্ধি অতিথিক দেখা দিলে মুকেশ আম্বানীৰ মাতৃ কোকিলাবেন আম্বানীয়ে।

বিয়াৰ মাংগলীক অনুষ্ঠান অৱশ্যে সম্পূৰ্ণ হ'ব শনিবাৰে সন্ধিয়া ৭.৩০ বজাত। ২৩ ফেব্ৰুৱাৰীৰ পৰাই আৰম্ভ হৈছিল এই বিবাহৰ পৰ্ব। আৰু ইয়াৰ সামৰণি পৰিব ছুইজাৰলেণ্ডত। ছুইজাৰলেণ্ডত অনুষ্টিত সামৰণি অনুষ্ঠানত খ্ৰীষ্ট মাৰ্টিনৰ সংগীতানুষ্ঠানো অনুষ্ঠিত হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in