মুকালমুৱাত বীৰ লাচিত বৰফুকনক সোঁৱৰণ…

মুকালমুৱাত বীৰ লাচিত বৰফুকনক সোঁৱৰণ…

ডিজিটেল সংবাদ, চেঙা: অসমীয়া জাতিৰ বীৰত্বৰ প্ৰতীক বীৰ লাচিত বৰফুকন আৰু উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈক বুধবাৰে নলবাৰী জিলা সাংবাদিক সন্থাই শ্ৰদ্ধাৰে সুঁৱৰি জিলা সাংবাদিক সন্থাৰ নতুন সমিতিয়ে কাৰ্যভাৰ গ্ৰহণ কৰে ৷ নলবাৰী জিলাৰ মুকালমুৱাস্থিত ঐতিহ্যমণ্ডিত ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নলবাৰী জিলা সাংবাদিক সন্থাৰ ন-পুৰণি কাৰ্যনিৰ্বাহকৰ প্ৰাৰম্ভিক সভাৰ পূৰ্বে বীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বালন কৰে বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উদয় শংকৰ দত্তই ৷

অসমীয়া জাতিয়ে চিৰদিন চিৰকাল গৌৰৱ কৰিব পৰা বীৰ গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে নলবাৰী জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই ৷ নলবাৰী জিলা সাংবাদিক সন্থাৰ যুটীয়া সাধাৰণ সম্পাদক বসন্ত দাসে আঁত ধৰা অনুষ্ঠানটোত উপন্যাসক সম্ৰাট, জোনাকী যুগৰ সাহিত্যিক, সাংবাদিক ৰজনীকান্ত বৰদলৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বালন কৰে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে ৷ ঔপন্যাসিক গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠকে ৷

তদুপৰি নলবাৰী জিলাৰ প্ৰথম গৰাকী সাংবাদিক তথা বিহগী কবি ৰঘুনাথ চৌধাৰীৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বালন কৰে অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোবিন্দ কলিতাই আৰু মাল্যাৰ্পণ কৰে নলবাৰী জিলা সাংবাদিক সন্থাৰ নৱনিৰ্বাচিত সভাপতি ৰাজেন ডেকাই ৷ অসম গৌৰৱ তিনিওগৰাকী ব্যক্তিৰ প্ৰতিচ্ছবিত সমূহীয়া পুষ্পাঞ্জলি অনুষ্ঠান মুকলি কৰে বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মানস তালুকদাৰে ৷ ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অস্থায়ী সভাকক্ষত নলবাৰী জিলা সাংবাদিক সন্থাৰ বিদায়ী সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত নলবাৰী জিলা সাংবাদিক সন্থাৰ ন-পুৰণি কাৰ্যনিৰ্বাহকৰ প্ৰাৰম্ভিক সভাৰ আৰম্ভণিতে নলবাৰী জিলাৰ কেইবাগৰাকীও বিশিষ্ট সাংবাদিকৰ মৃত্যুত তেওঁলোকৰ আত্মাৰ সদগতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে ।

তাৰ পিছতে নলবাৰী জিলা সমিতিৰ নৱ নিৰ্বাচিত বিষয়ববীয়াসকলক গামোচাৰে আদৰণি জনোৱা হয়৷ বীৰ লাচিত বৰফুকন আৰু উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ জন্মদিনটোত অনুষ্ঠিত কৰা ন-পুৰণি কাৰ্যনিৰ্বাহকৰ প্ৰাৰম্ভিক সভাত সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে ভাষণ প্ৰসংগত ঔপন্যাসিকগৰাকীৰ জীৱন-দৰ্শন আৰু সৃষ্টি সম্পৰ্কে বক্তব্য প্ৰদান কৰে । তেখেতে কয় যে- বৃটিছৰ অধীনৰ কৰ্মচাৰী হৈও ৰজনীকান্ত বৰদলৈ এগৰাকী স্বাভিমানী অসমীয়া হিচাপে কাম কৰিছিল ।

আনহাতে, বীৰ লাচিত বৰফুকন কিছু ক্ষেত্ৰত উপেক্ষিত হৈ থকা বুলিও আক্ষেপ কৰে নকুল তালুকদাৰে ৷ অসমীয়া ভাষাৰ ওপৰত চলি থকা আক্ৰমণ আমি প্ৰতিহত কৰিব লাগিব বুলিও মন্তব্য কৰি সাংবাদিকসকলক একত্ৰিত হৈ অপশক্তি সমূহৰ বিৰুদ্ধে যুঁজ দিবলৈ আহ্বান জনায় সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে ৷ সভাত শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উদয় শংকৰ দত্ত আৰু অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোবিন্দ কলিতাই ।

সভাত গণ অধিকাৰ কাকতৰ সঞ্চালক ছাহজাহান তালুকদাৰে উপস্থিত হৈ শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে । ন-পুৰণি কাৰ্যনিৰ্বাহকৰ প্ৰাৰম্ভিক সভাত নলবাৰী জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ পৰা নৱনিৰ্বাচিত সভাপতি ৰাজেন ডেকাসহ নতুন সমিতিৰ বিষয়ববীয়াই কাৰ্যভাৰ গ্ৰহণ কৰে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in