নাগালেণ্ডত ৪ কোটি টকাসহ এন এছ চি এন মুইভা গোটৰ ট্ৰেজাৰী বিষয়াৰ পত্নীক গ্ৰেপ্তাৰ নিয়াৰ…

নাগালেণ্ডত  ৪ কোটি টকাসহ এন এছ চি এন মুইভা গোটৰ ট্ৰেজাৰী বিষয়াৰ পত্নীক গ্ৰেপ্তাৰ নিয়াৰ…


 
ডিজিটেল সংবাদ বেকাজানঃ নাগালেণ্ডৰ সশস্ত্ৰ বিদ্ৰোহী সংগঠন এন এছ চি এন মুইভা গোটৰ এগৰাকী শীৰ্ষনেতাৰ পত্নীয়ে সোমবাৰে ডিমাপুৰৰ এটা বেংকৰ নগদ ৪ কোটি টকা উলিয়া নিয়াৰ তথ্য লাভ কৰাৰ পিচত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই আছাম ৰাইফলছ আৰু নগা আৰক্ষীৰ সহযোগত যৌথ অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে ।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ এই প্ৰতিবেদকৰ হাতত পৰা তথ্য অনুসৰি  যোৱা শনিবাৰে এন এছ চি এন আই এমৰ  মুৰব্বী থুইংগালেং মুইভাৰ  আত্মীয়  তথা  বিদ্ৰোহী সংগঠনটোৰ ট্ৰেজাৰী  বিষয়া কৰ্ণেল ৰেয়িলুংগ নাছাৰাংবিৰ পত্নীয়ে বিদ্ৰোহী নেতাজনৰ ডিমাপুৰত থকা এটা বেংক একাউণ্ট পৰা  নগদ ৪ কোটি টকা উলিয়াই  নিয়াত সহায় কৰাৰ তথ্য লাভ কৰে । 

সোমবাৰে  নিয়াই এই খবৰ লাভ কৰাৰ পিছত  আছাম ৰাইফলছ –  নগা আৰক্ষীয়ে   অতি গোপনে শীৰ্ষ বিদ্ৰোহী নেতাজনৰ বাসগৃহত অভিযান চলাই তেওঁৰ  পত্নীক  গ্ৰেপ্তাৰ কৰে । অভিযান কালত আৰক্ষীয়ে কৰ্ণেল ৰেয়িলুংগ ঘৰৰ পৰা নগদ ১ কোটি ৫৯ লাখ টকা ,২ কিলোগ্ৰামৰ আৰ ডি এক্স  আৰু বৃহৎ সংখ্যক মাৰণাস্ত্ৰ উদ্ধাৰ কৰিছে । ইফালে নেতাজনৰ পত্নীক গ্ৰেপ্তাৰ কৰাৰ পিছত এই সমগ্ৰ ঘটনাৰ তদন্ত বাবে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াক  দায়িত্ব অৰ্পণ কৰে ।

নিয়াই ইতিমধ্যে প্ৰাথমিক তদন্তত  চলাই ৰেয়িলুংগ নাছাৰাংবিয়ে মণিপুৰত  প্ৰায় ৮০০ একৰৰ বিশাল ভূমি অধিগ্ৰহণ কৰাৰ লগতে নিজৰ লগত ৫.৫৯ কোটি টকাৰ লগত খৰাৰ বিস্ফোৰক তথ্য লাভ কৰিছে । নিয়াই তদন্ত সময়ত গৰাকী পাদুৰী পৰা নগদ ১১ লাখ টকা জব্দ কৰাৰ সময়ত মণিপুৰত পি এম জি এছ আৰু এম জি এনৰেগাৰ চৰকাৰী আঁচনি ধন এগৰাকী আই এছ বিয়ষাই এন এছ চি এন আই এমৰ পুঁজিলৈ হস্তান্তৰ কৰাৰ তথ্যও উদঘাটন কৰিছে ।

উল্লেখযোগ্য যে ৰেয়িলুংগ নাছাৰাংবিৰ হৈছে এন এছ চি এন আই এমৰ মুৰব্বী আত্মীয় তথা সংগঠনটোৰ ট্ৰেজাৰী বিষয়া । ইফালে যোৱা শনিবাৰে অৰুণাচল প্ৰদেশৰ লংডিঙত আছাম ৰাইফলছৰ সামৰিক অভিযানত ছয়জনকৈ শীৰ্ষ কেডাৰ নিহতৰ হোৱাৰ পিছত ডিমাপুৰ সোমবাৰে এনেদৰে বিদ্ৰোহী সংগঠনটোৰ এগৰাকী শীৰ্ষনেতাৰ পত্নীক ৪ কোটি টকাৰ সৈতে গ্ৰেপ্তাৰ কৰা ঘটনাই এন এছ চি এন মুইভা গোটৰ ডাঙৰ আঘাত বুলি বিবেচিত হৈছে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in