ঘেঁহুৰ এম এছ পিকলৈ অসন্তুষ্ট কৃষকঃ কৃষি আইন বাতিলৰ বাবে কৰা সংগ্ৰামৰ বিৰুদ্ধে প্ৰতিশোধ লৈছে চৰকাৰে!

ঘেঁহুৰ এম এছ পিকলৈ অসন্তুষ্ট কৃষকঃ কৃষি আইন বাতিলৰ বাবে কৰা সংগ্ৰামৰ বিৰুদ্ধে প্ৰতিশোধ লৈছে চৰকাৰে!

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে বুধবাৰে ২০২২-২৩ বৰ্ষৰ ৰবি বিপণন ঋতুৰ বাবে শস্যৰ এক নতুন এম এছ পি মুকলি কৰে৷ ঘেঁহুৰ এম এছ পি ৪০ টকা বৃদ্ধি কৰা হৈছে৷ যোৱা বছৰ ঘেঁহুৰ মূল্য আছিল প্ৰতি কুইন্টালত ১৯৭৫ টকা। এই মূল্য এতিয়া ২০১৫ টকা হ'ব। অৱশ্যে, কৃষক সংগঠনবোৰ চৰকাৰৰ এই বৃদ্ধিত সুখী নহয়। তেওঁলোকে কয় যে ঘেঁহুৰ এম এছ পিত ৪০ টকা বৃদ্ধি মাত্ৰ ২.০৩ শতাংশ আৰু ই বিগত ১২ বছৰত সৰ্বনিম্ন।

ঘেঁহু আৰু সৰিয়হ হৈছে ৰবি খেতিৰ ছিজনৰ মুখ্য শস্য। সৰিয়হৰ এম এছ পি প্ৰতি কুইন্টলত ৪০০ টকা বৃদ্ধি কৰা হৈছে। কিন্তু ৰবি ছিজনত কৃষকসকলে সৰ্বাধিক পৰিমাণৰ ঘেঁহু খেতি কৰে আৰু চৰকাৰৰ পৰা এম এছ পি অধিক বৃদ্ধি আশা কৰিছে।

কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা তিনিখন নতুন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা কৃষক সংগঠনসমূহে কয় যে, চৰকাৰে ঘেঁহুৰ নিম্নতম সমৰ্থন মূল্য (এম এছ পি) ৪০ টকা বৃদ্ধি কৰি আমাৰ প্ৰতিশোধ লৈছে। একাংশ কৃষক সংগঠনৰ মতে বেছিভাগ ৰবি শস্যৰ এম এছ পি ২ ৰ পৰা ৮.৬ শতাংশ বৃদ্ধি কৰা হৈছে, কিন্তু প্ৰকৃততে ই বিগত বছৰৰ তুলনাত ৪ শতাংশ কম।

ইফালে বি জে পিয়ে ২০২২ চনৰ ভিতৰত কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ দিশত ৰবি শস্যৰ নিম্নতম সমৰ্থন মূল্য বৃদ্ধিক এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰিছে। আনহাতে কংগ্ৰেছে ইয়াক উটৰ মুখত জিৰা আৰু কৃষকৰ সৈতে লেতেৰা কৌতুক বুলি অভিহিত কৰিছে।

এক চৰকাৰী বিবৃতি অনুসৰি, ৪০ টকা বৃদ্ধিৰ সৈতে, ঘেঁহুৰ মূল্য এতিয়া প্ৰতি কুইন্টলত ২০১৫ টকালৈ বৃদ্ধি হৈছে। চৰকাৰে এক কুইন্টল ঘেঁহুৰ আনুমানিক ব্যয় ১০০৮ টকা বুলি গণ্য কৰিছে। কিন্তু কৃষকসকলে আনুমানিক ব্যয়ৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকে কয় যে কৃষি ব্যয় যথেষ্ট বৃদ্ধি পাইছে আৰু নতুন এম এছ পিয়ে আমাৰ বাবে প্ৰয়োজনীয় খৰছ উলিওৱাটো কঠিন হৈ পৰিছে।

কিষাণ মজদুৰ সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক চাৰৱান সিং পান্ধেৰে এই প্ৰসংগত কৈছে, ডিজেলৰ হাৰ প্ৰতি লিটাৰত ২০ টকালৈ বৃদ্ধি পাইছে। কৃষিত ব্যৱহৃত সকলো যন্ত্ৰ ডিজেলত চলে। ফলস্বৰূপে, ব্যয় যথেষ্ট বৃদ্ধি পাইছে। এম এছ পি এইদৰে নিম্নতম বৃদ্ধিয কৰি বিজেপি চৰকাৰে কৃষক বিৰোধী মুখ দেখুৱাইছে।

পঞ্জাৱ কিষাণ ইউনিয়নৰ জ্যেষ্ঠ উপ-সভাপতি গোৰা সিং ভাইনিবাঘাই পান্ধেৰৰ সৈতে একমত বুলি উল্লেখ কৰিছে কৈছে যে, যোৱা বছৰ ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৭০ টকা আছিল। বৰ্তমান ৯১ টকা। চৰকাৰে ইউৰিয়াৰ মূল্য বৃদ্ধি কৰা নাই যদিও ৫০ কিলোগ্ৰাম ইউৰিয়াৰ বেগত ৪৫ কেজি ইউৰিয়া উপলব্ধ হৈছে। প্ৰতিবেগত ৫ কিলোগ্ৰাম কৈ কটা হৈছে।

মন কৰিবলগীয়া যে ২০১৪-১৫ বৰ্ষত ঘেঁহুৰ এম এছ পি আছিল প্ৰতি কুইন্টালত ১৪০০ টকা। ২০১৫-১৬ বৰ্ষত ই ৫০ টকা বৃদ্ধি পাইছিল। ২০১৭-১৮ বৰ্ষত ঘেঁহুৰ এম এছ পি ১০০ টকা বৃদ্ধি কৰা হৈছিল আৰু প্ৰতি কুইন্টলত ১৬২৫ টকালৈ মূল্য বৃদ্ধি কৰা হৈছিল। ইয়াৰ পিছত একেৰাহে দুবছৰৰ বাবে ১১০ টকা আৰু ১০৫ টকা বৃদ্ধি কৰা হৈছিল। ২০২০-২১ বৰ্ষত চৰকাৰে ঘেঁহুৰ এমএছপি ৮৫ টকা বৃদ্ধি কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in