শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...

পুনৰ আই পি এলত দেখা পাব ধোনীক, বিমান বন্দৰত জনালে উষ্ম আদৰণি… VIDEO

319

ডিজিটেল ডেস্কঃ বিগত কেইবাদিনো ধৰি ক্ৰিকেটৰ পৰা আঁতৰি থকা মহেন্দ্ৰ সিং ধোনীক শীঘ্ৰেই দেখা পোৱা যাব আই পি এলত। যাৰ বাবে খেলুৱৈগৰাকী ইতিমধ্যে আহি উপস্থিত হৈছেহি চেন্নাইত। ইণ্ডিয়ান প্ৰেমিয়াৰ লীগ চমুকৈ আই পি এল ২০২০ আৰম্ভ হ’ব অহা ২৯ মাৰ্চৰ পৰা। আৰু এই টুৰ্ণামেন্টত চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ হৈ খেলিব ধোনীয়ে।

চেন্নাই বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতেই তেওঁক উষ্ম আদৰণি জনোৱা হয়। আৰু মঙলবাৰৰ পৰাই আই পি এলৰ বাবে তেওঁ অনুশীলনো আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে। ইফালে, মহেন্দ্ৰ সিং ধোনীৰ ঘনিষ্ঠ স্বপ্না ভাৱনানীয়ে টুইটাৰত লিখিছে- ‘মোৰ বন্ধু তোমাক আই পি এলত খেলি থকা চাবলৈ পাই বহুত সুখী হম। চেন্নাই আমি আহি আছো।’

আনহাতে, চেন্নাই ছুপাৰ কিংছ কেম্পত ইতিমধ্যে যোগদান কৰিছেহি এ ৰাইডু, মনু সিং, পীয়ুষ চাৱলা, সুৰেশ ৰাইনাই। উল্লেখযোগ্য যে, ইংলেণ্ডত ২০১৯ৰ ক্ৰিকেট বিশ্বকাপত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰূপে খেলাৰ পাছৰেই পৰা ক্ৰিকেটৰ পৰা আঁতৰি আছিল ৩৮ বছৰীয়া এই খেলুৱৈগৰাকী।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি