স্বাধীনতা দিৱস উদযাপনৰ বাবে লাডাখত উপস্থিত এম এছ ধোনী… চাওঁক VIDEO

স্বাধীনতা দিৱস উদযাপনৰ বাবে লাডাখত উপস্থিত এম এছ ধোনী… চাওঁক VIDEO

ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱস উদযাপনৰ বাবে লাডাখত উপস্থিত হ'ল মহেন্দ্ৰ সিং ধোনী। দুমাহৰ বাবে ক্ৰিকেট জগতৰ পৰা আঁতৰি সেনাৰ সৈতে থকা ধোনীক উষ্ম আদৰণি জনোৱা হয় লাডাখত। লাডাখত উপস্থিত হোৱাৰ পাছত তেওঁক সেনা বিষয়াসকলে ছেল্যুট দিয়াৰ লগতে বহু কথা-বতৰাও পাতে।

ইফালে, ৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে এম এছ ধোনী লাডাখত উপস্থিত হোৱা ফটো আৰু ভিডিঅ' বৰ্তমান ভাইৰেল হৈ পৰিছে। লেফটেনেন্ট কৰ্ণেল এম এছ ধোনীয়ে স্বাধীনতা দিৱসৰ এদিন পূৰ্বে লাডাখত উপস্থিত হোৱাৰ আৰু প্ৰথমে সেনা হাস্পতাললৈ ৰাওনা হয়। হাস্পতালত ৰোগীসকলৰ সৈতে মিলিত হয় তেওঁ।

উল্লেখ্য যে, বিশ্বকাপ ২০১৯ৰছেমিফাইনেলত ভাৰতীয় ক্ৰিকেট দলে পৰাজয়ৰ মুখ দেখাৰ পাছতেই ধোনীৰ অৱসৰক লৈ ব্যাপকচৰ্চা চলিছিল ছ'চিয়েল মিডিয়াত। তাৰপাছত তেওঁ দুমাহৰ বাবে ক্ৰিকেটৰ পৰা আঁতৰি সেনাৰসৈতে অনুশীলনত ব্যস্ত থকাৰ সিদ্ধান্ত লয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in