বিজেপিয়ে উন্নয়নৰ কাম নকৰিলে দল ত্যাগ কৰিমঃ মৃণাল শইকীয়া

বিজেপিয়ে উন্নয়নৰ কাম নকৰিলে দল ত্যাগ কৰিমঃ মৃণাল শইকীয়া

ডিজিটেল সংবাদ, গোলাঘাটঃ যি দিনাই বিজেপিয়ে উন্নয়নৰ কাম নকৰিব আৰু দুৰ্নীতি বিৰোধী যুদ্ধখন এৰি দিব সেই দিনাই দল ত্যাগ কৰিব বুলি মন্তব্য কৰে বিধায়ক মৃণাল শইকীয়াই। তেওঁ আৰু কয় কাম-বন নকৰি বিজেপিক খামুচ মাৰি ধৰি থাকিবলৈ দল কৰা নাই। কিছুমান মানুহে কেৱল দল কৰে ,উন্নয়ন নকৰি দলে ব্যাপক দুৰ্নীতি অনিয়ম কৰিলেও পদবী আৰু দলটোকে খামুচ মাৰি ধৰি থাকে। মই কেৱল দল কৰা নাই সমাজৰ কাম কৰিবলৈ আহিছো।'

শনিবাৰে খুমটাইত কেইবাখনো দলং মুকলি আৰু পথৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশ লৈ এই মন্তব্য আগবঢ়াই বিধায়ক মৃণাল শইকীয়াই। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কাম সম্পূৰ্ণ হৈ থকা তিনিখন দলং আজি উদ্বোধন কৰে বিধায়ক গৰাকীয়ে। সমষ্টি উন্নয়নৰ বাবে ১০০ কোটি টকা আৱন্টিত ধনেৰে ২০ কোটি টকাৰ কাম শুভাৰম্ভ আৰু উদ্বোধন কৰে। হাতীয়েখোৱা, চকলাঘাট আৰু ৰঙামাটি জৰাগুৰি সংযোগী দলং উদ্বোধন কৰাৰ উপৰিও কেইবাখনো দলং আৰু ৰাস্তাৰ আধাৰশিলা স্থাপন কৰে বিধায়ক গৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in