মিষ্টাৰ ৱৰ্ল্ড খিতাপ অসমৰ গোলাপ ৰাভালৈ

মিষ্টাৰ ৱৰ্ল্ড খিতাপ অসমৰ গোলাপ ৰাভালৈ

ডিজিটেল ডেস্কঃ মিষ্টাৰ ৱৰ্ল্ডৰ খিতাপ অসম সন্তান গোলাপ ৰাভালৈ। ক্ৰীড়া ক্ষেত্ৰত ৰাজ্যখনলৈ আহিছে ইটোৰ পিছত সিটো ভাল খবৰ। এইবাৰ ৱৰ্ল্ড বডী বিল্ডিং ফেডাৰেশ্যন চমুকৈ (ডব্লিউ এফ এফ)য়ে আয়োজন কৰা শৰীৰচর্চা প্ৰতিযোগিতাত সমগ্র বিশ্বৰ ভিতৰতে অসম তথা দেশৰ নাম উজ্বলালে দক্ষিণ কামৰূপৰ বকোৰ গোলাপ ৰাভাই।

দীৰ্ঘদিনৰ পৰা প্ৰস্তুতি চলাই সফল হ'বলৈ সক্ষম হোৱাৰ পাছতে খেলুৱৈজনৰ লগতে আনন্দত আত্মহাৰা হৈ পৰে ৰাজ্যবাসী। উল্লেখ্য যে প্ৰতিযোগিতাখনত তেওঁ মিষ্টাৰ ৱৰ্ল্ড খিতাপৰ লগতে লাভ কৰে তিনিটাকৈ স্বৰ্ণ পদক।

ইউৰোপৰ লিথুৱানীয়াত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত বিশ্বৰ সকলো শৰীৰচর্চাবিদকে পৰাজিত কৰে তেওঁ। ইয়াৰ পূর্বেও বহু কেইবাৰ স্বৰ্ণ বুটলিবলৈ সক্ষম হৈছিল অসম সন্তান গোপাল ৰাভা। ২০১৭-২০১৮ বৰ্ষত মিষ্টাৰ ইণ্ডিয়া খিতাপ লাভৰ লগতে ২০১৮ বর্ষত মিষ্টাৰ এছিয়া খিতাপ অৰ্জন কৰিছিল তেওঁ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in