টংলাত মহাবীৰ শৰীৰ চৰ্চা কেন্দ্ৰ মুকলি অনুষ্ঠানত মিষ্টাৰ ইউনিভাৰ্চ গোলাপ ৰাভা

টংলাত মহাবীৰ শৰীৰ চৰ্চা কেন্দ্ৰ মুকলি অনুষ্ঠানত মিষ্টাৰ ইউনিভাৰ্চ গোলাপ ৰাভা

ডিজিটেল সংবাদ, টংলাঃ ওদালগুৰি জিলাৰ টংলাত উদ্যমী যুৱক ক্ৰমে অমিত মোদক আৰু মৃণাল দাসে নতুনকৈ প্ৰতিষ্ঠা কৰা মহাবীৰ শৰীৰ চৰ্চা কেন্দ্ৰটো দেওবাৰে মিষ্টাৰ ৱৰ্ল্ড তথা মিষ্টাৰ ইউনিভাৰ্চ গোলাপ ৰাভাই আনুষ্ঠানিকভাৱে মুকলি কৰে৷

মাংগলিক অনুষ্ঠানেৰে মহাবীৰ শৰীৰ চৰ্চা কেন্দ্ৰটো মুকলি কৰি শৰীৰ চৰ্চাবিদ গোলাপ ৰাভাই নিজৰ শৰীৰটো ভাল পাব শিকিলে সু-স্বাস্থ্য গঢ়িব পাৰিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰি সু স্বাস্থ্যৰ বাবে বদ অভ্যাসবোৰ ত্যাগ কৰাৰ আহ্বান জনায়৷ তেওঁ চৰকাৰক শৰীৰ চৰ্চাৰ ক্ষেত্ৰখনত নতুন প্ৰজন্মক আকৰ্ষিত কৰিব পৰা ফলপ্ৰসূ আঁচনি গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

শৰীৰ চৰ্চাৰ ক্ষেত্ৰখনক চৰকাৰে কৰা প্ৰবঞ্চনাৰ বাবে তেওঁ ক্ষোভ প্ৰকাশ কৰি অসমৰ ৰাইজৰ হিতৰ বাবে কাম কৰিবলৈ চৰকাৰক আহ্বান জনায় গোলাপ ৰাভাই। টংলা অঞ্চলৰ যুৱকসকলৰ সৈতে শৰীৰ চৰ্চা সম্পৰ্কত বিভিন্ন প্ৰশ্নৰ উত্তৰত তেওঁ যুৱক সকলৰ শৰীৰ চৰ্চাৰ প্ৰতি আগ্ৰহ দেখি সন্তোষ প্ৰকাশ কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in