বিধায়ক বলিন চেতিয়াৰ সংস্পৰ্শলৈ অহা সাংসদ প্ৰদান বৰুৱাক কোৱাৰেন্টাইন…

বিধায়ক বলিন চেতিয়াৰ সংস্পৰ্শলৈ অহা সাংসদ প্ৰদান বৰুৱাক কোৱাৰেন্টাইন…

ডিজিটেল সংবাদ, লখিমপুৰঃ বিধায়ক বলিন চেতিয়া কোৰোনা পজিটিভ হোৱা খবৰে কপাইছে লখিমপুৰ৷ বিধায়কগৰাকীৰ সৈতে সংস্পৰ্শলৈ আহিছিল সাংসদ প্ৰদান বৰুৱা৷ দুদিনমান পূৰ্বে সাংসদ প্ৰদান বৰুৱাৰ সৈতে শদিয়াৰ বান পৰিস্থিতিৰ বুজ লৈছিল বিধায়ক চেতিয়াই৷

তাৰপিছত সাংসদ গৰাকীয়ে লখিমপুৰৰ কেইবাটাও স্হানত দলীয় জনসম্পৰ্কৰ কাৰ্যসূচীত ভাগ লৈ ঘৰে ঘৰে গৈছিল৷ উল্লেখ্য যে, ১০ জুলাই তাৰিখে লখিমপুৰত জন সম্পৰ্ক অভিযানত ভাগ লৈছিল তেওঁ।সম্প্ৰতি উত্তৰ লখিমপুৰ আৱৰ্ত ভৱনত কোৱাৰেন্টাইনত আছে সাংসদ প্ৰদান বৰুৱা ৷ ইতিমধ্যে সাংসদ গৰাকীৰ শ্বাব সংগ্ৰহ কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in