ওদালগুৰিৰ আৱৰ্ত ভৱনত সাংসদ দিলীপ শ‌ইকীয়াৰ বৈঠক…

ওদালগুৰিৰ আৱৰ্ত ভৱনত সাংসদ দিলীপ শ‌ইকীয়াৰ বৈঠক…

ডিজিটেল সংবাদ, ওদালগুৰিঃ মঙলদৈ লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত বিজেপি দলৰ সাংসদ দিলীপ শ‌ইকীয়াই মঙলবাৰে ওদালগুৰি আৱৰ্ত ভৱনত সাংবাদিক তথা আন সংগঠনৰ সৈতে এক আলোচনাত মিলিত হয়। বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্যখনত বিজেপি দলটোৰ স্থিতি সম্পৰ্কে উপস্থিত লোকসকলৰ আগত মত ব্যক্ত কৰে সাংসদগৰাকীয়ে।

ইফালে, মঙলবাৰে ওদালগুৰি জিলাখনৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা দলটোৰ যোগদান কাৰ্যসূচীত বিভিন্ন দলৰ কেইবাগৰাকীও প্ৰভাৱশালী লোকে বিজেপি দলত যোগদান কৰা বুলি তেওঁ উল্লেখ কৰে। ইয়াৰে ভিতৰত কলাইগাঁৱৰ অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সদস্য তৰুণ চহৰীয়াৰ নেতৃত্বত বহুতো কংগ্ৰেছ কৰ্মীয়ে মঙলবাৰে বিজেপি দলত যোগদান কৰাৰ কথা তেওঁ উল্লেখ কৰে।

লগতে সমগ্ৰ ওদালগুৰি জিলাখনত ৬০ হাজাৰ সদস্য ভৰ্তিৰ লক্ষ্য আগত ৰাখি আগন্তুক ১৮ আগষ্টৰ পৰা এই সদস্যভৰ্তি অভিযান আৰম্ভ কৰিব বুলি সাংসদগৰাকীয়ে উল্লেখ কৰে। ইফালে, সমাগত বিটিচি নিৰ্বাচন সন্দৰ্ভত সাংসদগৰাকীয়ে উল্লেখ কৰি তেওঁ কয় যে- দলীয় মজিয়াত আলোচনা হোৱালৈ লক্ষ্য ৰাখি অনাগত বিটিচি নিৰ্বাচনত বিজেপিয়ে সক্ৰিয় অংশগ্ৰহণ কৰিব।

এই নিৰ্বাচনত বিজেপি দলটোৱে কাৰোৱাৰ সৈতে মিত্ৰতা কৰে নে নকৰে সেয়া পৰৱৰ্তী সময়ত দলে লোৱা সিদ্ধান্তৰ ওপৰতহে নিৰ্ভৰ কৰিব যদিও দলটোৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে সক্ৰিয়তাৰে এককভাৱে নিৰ্বাচনত অবতীৰ্ণ হৈ বিজেপিয়ে বিটিচি পৰিষদখন দখল কৰাটো বিচাৰিছে বুলিও উল্লেখ কৰে সাংসদগৰাকীয়ে।

বিটিচি অঞ্চলত কোনো শক্তিশালী বিৰোধী নাই বুলি সাংসদগৰাকীয়ে উল্লেখ কৰি কয় যে, নৱ শৰণীয়াৰ অবড়ো শক্তিয়ে এই নিৰ্বাচনত প্ৰভাৱ পেলাব যদিও বিজেপি দলটোৰ সৈতেও বিটিচি অঞ্চলত যথেষ্ট অবড়ো ভোট থকাৰ কথা তেওঁ উল্লেখ কৰি বিজেপি সফল হ'ব কয়।

ইফালে ওদালগুৰি জিলাত ক্ৰীড়া একাডেমী স্থাপনৰ লক্ষ্য আগত ৰখা বুলিও সাংসদগৰাকীয়ে মন্তব্য কৰে। লগতে ৰৌতা-ওদালগুৰি পথৰ সমস্যা অহা ২০২০ চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ আশ্বাস প্ৰদান কৰে সাংসদ শ‌ইকীয়াই। সভাৰ শেষত নৱনিৰ্বাচি সাংসদগৰাকীয়ে সমূহ দেশবাসীকে আগন্তুক ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in