শেহতীয়া খবৰ
গৰৈমাৰীৰ দুখনকৈ গাঁও পঞ্চায়তৰ কংগ্ৰেছী সভানেত্ৰীক দল বিৰোধী কাৰ্যকলাপৰ বাবে বহিষ্কাৰ • বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাকক্ষণত গছ পুলিৰ চাহিদা বৃদ্ধি... • মৰিশালীৰ নিস্তব্ধতাৰ মাজতে নগাঁও কাগজ কলত সোণালী জয়ন্তি... • ৰাজ্যত আৰু ৪২জনৰ দেহত ধৰা পৰিল কোৰোনা ভাইৰাছ... • ৰাজ্যত নতুনকৈ ৮৫ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ • গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা কাৰাবন্দীৰ দেহত কোভিড-১৯... • জাজৰি আৰক্ষীৰ বৰ্বৰতাৰ বলি হৈ অৱশেষত কৰুণ মৃত্যুক সাবটিলে গাঁওৰক্ষী বাহিনীৰ সম্পাদকে... • বিস্ময়ঃ শশী ফুকনে কি ক’লে... • অৰুণাচল প্ৰদেশত পুনৰ ৪গৰাকী লোকৰ দেহত কোৰোনা... • নাৰায়ণপুৰত মাধৱদেৱ কলাক্ষেত্ৰৰ তৃতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্তৰ…

ভাৰতীয় নৌসেনাই মোজাম্বিকত উদ্ধাৰ কৰিলে ১৯২জন লোকক, মৃত্যুৰ সংখ্যা ৪১৭লৈ বৃদ্ধি…

1,510

ডিজিটেল ডেস্কঃ ঘূৰ্ণীবতাহৰ ফলত ক্ষতিগ্ৰস্ত মোজাম্বিকত ভাৰতীয় নৌসেনাৰ উদ্ধাৰ অভিযান অব্যাহত। বৰ্তমানলৈ ১৯০জনৰো অধিক লোকক জীৱন্তে উদ্ধাৰ কৰাৰ লগতে ১,৩৮১জন লোকক চিকিৎসা শিবিৰলৈ প্ৰেৰণ কৰিছে ভাৰতীয় নৌসেনাই। বিদেশ মন্ত্ৰণালয়ে জনায় এই কথা। যোৱা ১৫ মাৰ্চৰ পৰা ঘূৰ্ণীবতাহে মোজাম্বিক, জিম্বাবৱে আৰু মালাৱীত সা-সম্পত্তিৰ লগতে বহুজনৰ প্ৰাণ কাঢ়িছে।

বিদেশ মন্ত্ৰণালয়ে জনোৱা মতে, মোজাম্বিকৰ ঘূৰ্ণীবতাহে চলোৱা এই তাণ্ডৱৰ পাছতেই ভাৰতে তৎকালীনভাৱে নৌসেনাৰ তিনিখন জাহাজ প্ৰেৰণ কৰিছিল। লগতে জনায় যে- ‘ভাৰতীয় নৌসেনাই বৰ্তমানলৈ মোজাম্বিকত ১৯২জন লোকক জীৱন্তে উদ্ধাৰ কৰিছে। ভাৰতীয় নৌসেনাৰ  শিবিৰত ১৩৮১জন লোকক চিকিৎসা প্ৰদান কৰা হৈছে।’

উল্লেখ্য যে, ঘূৰ্ণীবতাহৰ ফলত মোজাম্বিকত মৃত্যু সংখ্যা ৪১৭জনলৈ বৃদ্ধি পায়। প্ৰকৃতিয়ে চলোৱা এই তাণ্ডৱত বহু হাজাৰ কিঃমিঃ এলেকা ক্ষতিগ্ৰস্ত হৈছে আৰু বানৰ কৱলত পৰিছে। ইফালে, জিম্বাবৱে চৰকাৰে জনোৱা তথ্য অনুসৰি দেশখনত মুঠ ৬৭৬জন লোকে এই ঘূৰ্ণীবতাহৰ ফলত প্ৰাণ হেৰুৱাইছে। বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি