শেহতীয়া খবৰ
নগাঁৱৰ কচুৱাত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি যুৱ কংগ্ৰেছে জনালে কামৰুল ইছলামৰ বিনাচৰ্তে মুক্তিৰ দাবী, VIDEO  •  পদ্মশ্ৰী সন্মান লাভ কৰি বিশিষ্ট সাহিত্যিক-ঔপন্যাসিক য়েছে দৰজে ঠংছিৰ প্ৰতিক্ৰিয়া, ক’লে- 'এই সন্মান মোৰ পাঠক সকললৈ উচৰ্গা কৰিছো’  •  পদ্মশ্ৰী সন্মান লাভ কৰি বিশিষ্ট সাহিত্যিক-ঔপন্যাসিক য়েছে দৰজে ঠংছিৰ প্ৰতিক্ৰিয়া, ক’লে- 'এই সন্মান মোৰ পাঠক সকললৈ উচৰ্গা কৰিছো’  •  ১ মিনিটত ২৫ খবৰ  •  ১ মিনিটত ২৫ খবৰ  •  দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰৰ পৰা মঙলদৈত জাগ্ৰত নাট সমাৰোহ  •  ষ্টেডিয়ামত অশালীন আচৰণ! ইংলেণ্ডৰ অলৰাউণ্ডাৰ ক্ৰিকেটাৰ বেন ষ্টকছক ICC-এ বিহিলে শাস্তি...  •  যদি আপুনি সীমাৰ সুৰক্ষা, ৫ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতি আৰু মোডীক সমৰ্থন কৰে তেন্তে বিজেপিক ভোট দিয়কঃ অমিত শ্বাহ  •  দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত খহনীয়া! দলত্যাগ কৰি আম আদমী পাৰ্টীত যোগ দিলে ৪ বাৰৰ বিধায়কে…  •  দিল্লীত অসমক লৈ ছাত্ৰনেতাই কৰা মন্তব্যৰ দেশজোৰা প্ৰতিক্ৰিয়া, অসম চৰকাৰে তৰিব গোচৰ...

প্ৰথমবাৰৰ বাবে জনপ্ৰিয় অভিনেতা হৃতীক-টাইগাৰৰ মাজত ‘ৱাৰ’… চাওঁক VIDEO

1,140

ডিজিটেল ডেস্কঃ দীৰ্ঘসময়ৰ পৰা ভাৰতীয় দৰ্শকৰ মনৰ আশা বলিউডৰ জনপ্ৰিয় অভিনেতা হৃতীক ৰোশ্বন আৰু টাইগাৰ শ্ৰফক একেলগে ৰূপালী পৰ্দাত দেখা পোৱাতো। কিন্তু দৰ্শকৰ এই অপেক্ষাৰ অন্ত পৰিল। কিয়নো য়াশ ৰাজ ফিল্মছৰ এখন নতুন ছবিত একেলগে দেখা পোৱা যাব দুয়োগৰাকী অভিনেতাক।

ছবিখনৰ এটা ট্ৰেইলাৰ ইউটিউবত মুক্তি দিয়া হৈছে। আৰু ট্ৰেইলাটো চালে বুজিব পাৰি যে ছবিখন একশ্যনেৰে ভৰপূৰ হ’ব। ‘ৱাৰ’ নামৰ ছবিখনৰ ট্ৰেইলাৰত অভিনেতা হৃতীক ৰোশ্বন আৰু টাইগাৰ শ্ৰফৰ একশ্যনৰ লগতে ছবিখনৰ মুক্তিৰ তাৰিখো জনোৱা হৈছে।

মাত্ৰ ৫২ ছেকেণ্ডৰ এই ট্ৰেইলাৰটোত হলিউড ষ্টাইলৰ একশ্যনে দৰ্শকক ছবিখনৰ প্ৰতি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তদুপৰি ছবিখনৰ বাজেটো বহু বেছি বুলি অনুমান কৰা হৈছে। চাওঁক ‘ৱাৰ’ৰ ট্ৰেইলাৰটো-

এই ট্ৰেইলাৰটো দৰ্শকে ইমানেই ভাল পাইছে যে, ১২ ঘণ্টাৰো কম সময়ত ৭৬,৮৭,৩৩৮ লোকে এই ট্ৰেইলাৰটো চাইছে। ৰোমাঞ্চ আৰু একশ্যনেৰে এই ছবিখন ভৰপূৰ হ’ব সেই কথা ট্ৰেইলাৰটো চাই ক’লে ভুল নহ’ব।

উল্লেখ্য যে, ছবিখনত অভিনেত্ৰী বাণী কাপুৰেও অভিনয় কৰিছে। ২ অক্টোবৰ অৰ্থাৎ গান্ধী জয়ন্তীত ছবিগৃহত মুক্তি পাব লগা এই ছবিখনক লৈ বৰ্তমান ভাৰতীয় দৰ্শকে অপেক্ষা কৰি আছে। ইফালে, এই ছবিখনক লৈ পৰিচালক সিদ্ধাৰ্থ আনন্দো অতি আশাবাদী। আৰু এই জনপ্ৰিয় পৰিচালক গৰাকীৰ পৰিচালনাত অভিনেতাদ্বয়ই একেলগে অভিনয় কৰা ‘ৱাৰ’ ছবিখন ছুপাৰহীট হ’ব বুলি দৰ্শকসকলে আশা কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি