পুনৰ বিজেপি চৰকাৰে আনিব কৃষি আইন সংশোধিত বিধেয়কঃ কৃষি মন্ত্ৰীৰ মন্তব্যই সৃষ্টি কৰিছে ধুমুহা….

পুনৰ বিজেপি চৰকাৰে আনিব কৃষি আইন সংশোধিত বিধেয়কঃ কৃষি মন্ত্ৰীৰ মন্তব্যই সৃষ্টি কৰিছে ধুমুহা….

ডিজিটেল ডেস্কঃ পুনৰ কেন্দ্ৰীয় চৰকাৰে সংসদত উত্থাপন কৰিব কৃষি আইন সংশোধিত বিধেয়ক। কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সি তোমাৰে এই বিষয়ে উল্লেখ কৰিছে। প্ৰায় ১ টা বছৰ ৰাজপথত সংগ্ৰাম কৰাৰ পিছত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰথমে দেশবাসীক সম্বোধন কৰি এই আই প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পিছত ক্ৰমান্বয়ে কেবিনেট বৈকত এই আইন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনতে এক হুলস্থুলীয়া পৰিৱেশৰ মাজত কৃষি আইন বাতিল কৰা হৈছিল।

কেন্দ্ৰীয় বিজেপি চৰকাৰে পুঁজিপতিৰ স্বাৰ্থত সংসদত নিজৰ সংখ্যাগৰিষ্ঠতাৰ বলত গৃহীত কৰিছিল সংশোধিত কৃষি বিধেয়ক । ইয়াৰ পিছতেই এই কৃষি আই সংশোধিত বিধেয়ক আইনলৈ পৰিণত হৈছিল। এই আইন প্ৰত্যাহাৰৰ বাবে কৃষকে কৰা সংগ্ৰামত প্ৰায় ৭০০ কৃষকে প্ৰাণ ত্যাগ কৰিছিল। এই ৩ কৃষি আইনৰ বাবেই প্ৰথম বাৰৰ বাবে দেশবাসীৰ ওচৰত ক্ষমা বিচৰাছিল প্ৰধানমন্ত্ৰী মোডীয়ে। কিন্তু এই আইন প্ৰত্যাহাৰৰ মাত্ৰ কেইটামান দিন পিছতেই পুনৰ কৃষি আইন আনিব বুলি কৃষি মন্ত্ৰী তোমাৰে কৰা মন্তব্যই এতিয়া বিতৰ্কৰ সূচনা কৰিছে।

মহাৰাষ্ট্ৰৰ নাগপুৰত এক অনুষ্ঠানত ভাষণ দি তোমাৰে কয় যে, স্বাধীনতাৰ ৭০ বছৰৰ পিছত কৃষি আইন হৈছে আটাইতকৈ ডাঙৰ সংস্কাৰ। কিন্তু কিছুমান মানুহে প্ৰতিবাদ কৰাৰ পিছত এই আইন প্ৰত্যাহাৰ কৰিব লগা হৈছিল। তেওঁ আৰু কৈছিল যে আমি নিশ্চিতভাৱে এখোজ পিছুৱাইছো। কিন্তু আমি পুনৰ আগবাঢ়িম। চৰকাৰে পৰৱৰ্তী বিষয়ে চিন্তা চৰ্চা কৰি আছে। আমি হতাশ নহয়। কৃষকসকল হৈছে ভাৰতৰ মেৰুদণ্ড।

কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰৰ এই মন্তব্যই এতিয়া পুনৰ বিতৰ্কৰ সূচনা কৰিছে। কৃষকে আন্দোলন প্ৰত্যাহাৰ কৰিছে যদিও এতিয়াও নৰেন্দ্ৰ মোডী চৰকাৰক বিশ্বাসত লোৱা নাই। পূৰ্বৰে পৰা মোডী চৰকাৰক বিশ্বাস নকৰো বুলি ৰাজহুৱাকৈ কৈ অহা কৃষক নেতাই এতিয়া পুনৰ সেই একেই কথা দোহাৰিছে। ইফালে কৃষক সংগঠন আৰু চৰকাৰৰ মাজত হোৱা বৈঠকৰ পিছতে দুয়ো পক্ষই বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

সেই সিদ্ধান্ত আৰু বুজাপৰাৰ মাধ্যমতে কৃষকসকলে আন্দোলনস্থলী ত্যাগ কৰি ঘৰলৈ উভতিছিল। ইফালে চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণৰ সছিক ভাৱে কৰিছে নে নাই আৰু কৃষকৰ হিতৰ বাবে সিদ্ধান্ত লৈছেনে নাই সেই বিষয়ে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ'ব ১৫ জানুৱাৰীত। এনে প্ৰেক্ষাপটত কৃষি মন্ত্ৰীগৰাকীয়ে কৰা এই বিতৰ্কিত মন্তব্যই এতিয়া কি পৰিস্থিতিৰ সৃষ্টি কৰে সেয়া সময়ে ক'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in