হিমস্খলনৰ ফলত পৰ্বতাৰোহণৰ বাবে যোৱা নৌসেনাৰ দল সন্ধানহীন…

হিমস্খলনৰ ফলত পৰ্বতাৰোহণৰ বাবে যোৱা নৌসেনাৰ দল সন্ধানহীন…

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ চামোলীত সংঘটিত হৈছে ভয়াবহ হিমস্খলনৰ ঘটনা। ফলত পৰ্বতাৰোহণৰ বাবে যোৱা নৌসেনাৰ এটা দলৰ কেইবাজনো সদস্য আঘাতপ্ৰাপ্ত হৈছে। জানিব পৰা মতে নৌসেনাৰ এটা ২০ জনীয়া দলে ত্ৰিশূল পৰ্বত আৰোহণ কৰিছিল। তেনে সময়তে সৃষ্টি হোৱা হিমস্খলনৰ ফলত শুকুৰবাৰে পুৱা প্ৰায় ৫.৩০ বজাত, দলটোৰ পাঁচজন সদস্য আৰু তেওঁলোকৰ সৈতে থকা এজন কুলি বৰফৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈছে।

গুৰুত্বপূৰ্ণ কথাটো হ'ল এই আটাইকেইজন এই ঘটনাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে। নৌসেনা আৰু প্ৰশাসনে তেওঁলোকৰ সন্ধান কৰিছে যদিও বৰ্তমানেও তেওঁলোক সন্ধানহীন হৈ আছে। উল্লেখ্য যে উত্তৰাখণ্ডৰ পশ্চিম কুমাওঁ অঞ্চলত থকা ৭,১২০ মিটাৰ উচ্চ শৃংগ আৰোহণৰ বাবে ২০ জনীয়া এটা দলে ৩ ছেপ্টেম্বৰতে মুম্বাই ত্যাগ কৰে।

এই ২০ জনীয়া দলটোৰ ভিতৰত ১০ জন পৰ্বতাৰোহীয়ে শৃংগত উপনীত হোৱাৰ অন্তিম পৰ্যায়ত উপনীত হৈছিল, কিন্তু তেওঁলোক হঠাতে হিমস্খলনৰ বলি হৈছিল। ইয়াৰ ভিতৰত ৫ জনক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে। নৌসেনাৰ এজন মুখপাত্ৰই কৈছে, ভাৰতীয় সেনা, বায়ু সেনা আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে বাকী পৰ্বতাৰোহীসকলক বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছে।

উত্তৰাখণ্ডৰ বাগেশ্বৰ জিলাৰ কুমাওঁত মাউণ্ট ত্ৰিশূল আছে। পৰ্বতাৰোহীৰ দলে প্ৰায়ে এই শৃংগটো বগাবলৈ আহে। ইয়াৰ পূৰ্বে, হিমাচল প্ৰদেশৰ লাহৌল স্পিতিত ট্ৰেকিং কৰাৰ বাবে খামিগৰ হিমবাহত ১৬ জনীয়া আৰোহণকাৰী এটা দল সন্ধানহীন হৈছিল। ইয়াৰ ভিতৰত, ১১ জন সদস্যক উদ্ধাৰ কৰা হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in