‘এটা চৰতে সকলো কথা কৈ দিছিল’- মই কেনেকৈ জেৰা কৰিছিলো মৌলনা মাছুদ আজাহাৰক

আজাহাৰক মুকলি কৰিবলৈ সন্ত্ৰাসবাদীয়ে অপহৰণ কৰি কান্দাহাৰলৈ নিছিল ইণ্ডিয়ান এয়াৰলাইঞ্চৰ যাত্ৰীবাহী বিমান আই চি-৮১৪।
আজাহাৰক মুকলি কৰিবলৈ সন্ত্ৰাসবাদীয়ে অপহৰণ কৰি কান্দাহাৰলৈ নিছিল ইণ্ডিয়ান এয়াৰলাইঞ্চৰ যাত্ৰীবাহী বিমান আই চি-৮১৪।

ডিজিটেল ডেস্কঃ কান্দাহাৰৰ বিমান অপহৰণৰ ঘটনা মনত আছেনে? এটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক ভাৰতৰ কাৰাগাৰৰ পৰা মুক্ত কৰিবলৈ সন্ত্ৰাসবাদীয়ে অপহৰণ কৰিছিল ইণ্ডিয়ান এয়াৰলাইঞ্চৰ এখন যাত্ৰীবাহী বিমান। ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে আটক কৰিছিল এই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীজনক। কিন্তু বিমান যাত্ৰীসকলক উদ্ধাৰৰ বাবে কান্দাহাৰলৈ নি আজাহৰক মুকলি কৰি দিছিল ভাৰত চৰকাৰে। সেই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীজনক জেৰা কৰিছিল এজন আৰক্ষীয়ে।

দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী মৌলানা মাছুদ আজাহাৰ।
দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী মৌলানা মাছুদ আজাহাৰ।

ভাৰতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আজাহাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছিল। কিন্তু তাত বাধা দিছিল চীন আৰু পাকিস্তানে। জম্মু-কাশ্মীৰত জেইছ-ই-মহম্মদৰ আক্ৰমণত ৪৬জন চিআৰপিএফৰ জোৱানে প্ৰাণ আহুতি দিয়াৰ পাছত এজন আৰক্ষী বিষয়াই মুখ খুলিছে। এই বিষয়াজনে জেৰা কৰিছিল ধৃত সন্ত্ৰাসবাদী মৌলানা মাছুদ আজাহাৰক।

তেওঁৰ মতে, মাছুদ আজাহাৰ আছিল এজন সাধাৰণ মানুহ। তেওঁক বশ কৰিবলৈ কোনো কষ্টই হোৱা নাছিল। প্ৰথমটো চৰতেই মুখেৰে হৰহৰাই বকিছিল আজাহাৰে। ছিকিমৰ প্ৰাক্তন সঞ্চালক প্ৰধান অবিনাশ মোহানানীয়ে পিটিআইত সদৰী কৰিছিল এই কথা। বিষয়াজনে কোৱা মতে প্ৰথমটো চৰতেই সন্ত্ৰাসবাদী নেতাজনে সকলো কথা কৈছিল।

তেতিয়া তেওঁ আছিল চোৰাংচোৱা বিভাগত। কেবাবাৰো তেওঁ আজাহাৰক জেৰা কৰিছিল। প্ৰথমবাৰ আজাহাৰক গ্ৰেপ্তাৰ কৰা হৈছিল কাশ্মীৰ উপত্যকাত। সেয়া আছিল ১৯৯৪চনৰ কথা।প্ৰাক্তন আৰক্ষী বিষয়াজন তেতিয়া আছিল জম্মু-কাশ্মীৰ চোৰাংচোৱাৰ মুৰব্বী। সেই জেৰাত আজাহাৰে বহু গোপন তথ্য আৰু সংগঠনত যুৱকক কেনেদৰৈ যোগদান কৰোৱা হয় আৰু কি কি উদ্দেশ্য লৈ তেওঁলোকে কাম কৰি আছে সকলো কথা কৈছিল।

কোট বালৱাৰ কাৰাগাৰত ঘণ্টাৰ পাছত ঘণ্টা ধৰি বিভিন্ন সময়ত জেৰা কৰিছিল আজাহাৰক এই বিষয়াগৰাকীয়ে। এই আজাহাৰেই কৈছিল- হৰকৎ-উল-মুজাহিদীন আৰু হৰকৎ-উল-জাহেদ-ই-ইছলামী কেনেদৰে হৰকৎ-উল-আনছাৰত চামিল হৈছিল। যাৰ সাধাৰণ সম্পাদক আছিল এই সন্ত্ৰাসবাদী নেতাজন।

প'ৰ্টগিজৰ পাছপৰ্ট লৈ বাংলাদেশত প্ৰৱেশ কৰিছিল ১৯৯৪চনত। বাংলাদেশৰ ছাহাৰানপুৰৰ পৰা তেওঁ কাশ্মীৰলৈ আহি হৰকৎ-উল-মুজাহিদীনৰ হৈ কাম-কাজ কৰিছিল। সেই তথ্যও সেই জেৰাতেই সদৰী কৰিছিল আজাহাৰে।

আজাহাৰক মুকলি কৰিবলৈ সন্ত্ৰাসবাদীয়ে অপহৰণ কৰি কান্দাহাৰলৈ নিছিল ইণ্ডিয়ান এয়াৰলাইঞ্চৰ যাত্ৰীবাহী বিমান আই চি-৮১৪।
আজাহাৰক মুকলি কৰিবলৈ সন্ত্ৰাসবাদীয়ে অপহৰণ কৰি কান্দাহাৰলৈ নিছিল ইণ্ডিয়ান এয়াৰলাইঞ্চৰ যাত্ৰীবাহী বিমান আই চি-৮১৪।

১৯৯৯চনত আজাহাৰক মুকলি কৰি দিবলৈ ইণ্ডিয়ান এয়াৰলাইঞ্চৰ আই চি-৮১৪ বিমানখন সন্ত্ৰাসবাদীয়ে অপহৰণ কৰিছিল। সেই অভিযানত সফলো হৈছিল সন্ত্ৰাসবাদী। তাৰপাছতেই তেওঁ জে ই এম গঠন কৰি ভাৰতৰ মাটিত বহু কেইটা আক্ৰমণ চলাইছিল। জেইছ-ই-মহম্মদতে সংসদ ভৱন, পাঠানকোট আৰু উৰি আক্ৰমণৰ আঁৰত আছিল। আৰু শেহতীয়াকৈ এই সন্ত্ৰাসবাদী সংগঠনটোৱে আক্ৰমণ চলাইছিল পুলৱামাত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in