চেপ্তেম্বৰৰ পৰা নতুন নিয়মঃ সাৱধান হওক, নহলে ভৰিব লাগিব ১ লাখ টকা পৰ্যন্ত জৰিমনা…

চেপ্তেম্বৰৰ পৰা নতুন নিয়মঃ সাৱধান হওক, নহলে ভৰিব লাগিব  ১ লাখ টকা পৰ্যন্ত জৰিমনা…

ডিজিটেল ডেস্কঃ বাহন চলাওতে এতিয়াৰে পৰা অতি সাৱধান হওক। কিয়নো ইতিমধ্যে ৰাজ্যসভা আৰু লোকসভাত গৃহীত হোৱা মটৰ বাহন সংশোধন বিধেয়ক-২০১৯ সমগ্ৰ দেশত প্ৰযোজ্য হব চলিত বৰ্ষৰ চেপ্তেম্বৰ মাহৰ পৰা। পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়েও ঘোষণা কৰিছে যে নতুনকৈ প্ৰৱৰ্তন কৰা এই আইনৰ বাবে পূৰ্বতকৈ বেছি সচেতন হব চালকসকল।

পৰিবহন মন্ত্ৰনালয়ৰ এজন উচ্চ পদস্থ বিষয়াৰ মতে ১ চেপ্তেম্বৰৰ পৰা এই আইন প্ৰযোজ্য হব আৰু কিছুদিনৰ পাছতে পৰিবহন ক্ষেত্ৰৰ অন্য কিছু নীতি নিয়মো ঘোষণা কৰা হব। লগতে তেও জনায় যে যান-বাহনৰ ক্ষেত্ৰত কৰা ভুলৰ জৰিমনা পূৰ্বতকৈ দুগুণ হব।

এই আইনখনৰ ভিত্তিত ভৰিবলগীয়া জৰিমনাসমূহ এনেধৰণৰ-

  • বিনা টিকটেৰে যাত্ৰা কৰিলে ভৰিব লাগিব ৫০০ টকা।
  • পৰিবহন বিভাগৰ কোনো নিৰ্দেশনা অৱমাননা কৰিলে ভৰিব লাগিব ২০০০ টকা।
  • বাহনৰ প্ৰয়োজনীয় কাগজ-পত্ৰ নাথাকিলে ৫০০০টকা জৰিমনা।
  • বিনা লাইচেঞ্জেৰে বাহন চলালে ৫০০০ টকা জৰিমনা।
  • অভাৰ স্পীডত বাহন চলালে ১০০০ হাজাৰ টকা আৰু ডাঙৰ বাহনৰ বাবে ২০০০ টকা।
  • কম বয়সীয়া চালকে বাহন চলালে ১০০০০ টকা।
  • মদ্যপান কৰি বাহন চলালে ১০০০০ টকা ( পূৰ্বতে আছিল ২০০০ টকা)
  • ঘাইপথত ৰেচিং কৰিলে ৫০০০ টকা।
  • বিনা পাৰমিটৰ বাহন ১০০০০ টকা।
  • লাইচেঞ্চৰ বিভিন্ন চৰ্ত উলংঘন কৰিলে ২৫ হাজাৰৰ পৰা ১ লাখৰ লৈকে জৰিমনা।
  • বাহনত অভাৰ লোডিং- ২০ হাজাৰ টকা আৰু প্ৰতি টনত ২০০০ টকাকৈ অতিৰিক্ত
  • বাহনত প্ৰয়োজনতকৈ অধিক যাত্ৰী কঢ়িয়ালে প্ৰতিজন যাত্ৰীৰ বাবদ ১০০০ টকা।
  • চিট বেল্ট নলগালে ১০০০ টকা।
  • হেলমেট নিপিন্ধিলে ১০০০ টকাৰ লগতে ৩ মাহলৈ লাইচেঞ্চ নিলম্বন।
  • জৰুৰীকালীন সেৱাৰ বাহনত পথ এৰি নিদিলে ১০ হাজাৰ টকা।
  • বিনা ইনচুৰেঞ্চেৰে গাড়ী চলালে ২০০০ টকা।
  • নাবালক বা নাবালিকাই গাড়ী চলালে বাহনৰ মালিকৰ ৩ বছৰৰ জেইল আৰু ২৫ হাজাৰ টকাৰ জৰিমনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in