নতুন যান-বাহন আইনৰ ৰেকৰ্ড, ট্ৰাক চালকক ২ লাখ ৫০০ টকাৰ জৰিমনা…

প্ৰতিকী ফটো
প্ৰতিকী ফটো

ডিজিটেল ডেস্কঃ যান-বাহনৰ নতুন আইন প্ৰৱৰ্তন হোৱাৰে পৰা দেশত যেন অধিক কঠোৰ হৈছে যান-বাহন আৰক্ষী। বিগত দিনকেইটাত দেশৰ ভিন্ন প্ৰান্তত এই আইন উলংঘা কৰি কেইবাজনো বাহনৰ গৰাকীয়ে ভৰিছে বুজন পৰিমাণৰ ধন।

কিন্তু জৰিমনাৰ ক্ষেত্ৰত বৃহস্পতিবাৰে সৃষ্টি হল এটা ৰেকৰ্ড। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি বৃহস্পতিবাৰে ৰাজধানী চহৰ দিল্লীত এখন ট্ৰাকৰ গৰাকীয়ে নতুন যান-বাহন আইনৰ অধীনত ভৰিব লগা হল ২ লাখ ৫০০ টকাৰ জৰিমনা। দেশত এই আইন প্ৰৱৰ্তন হোৱাৰে পৰা এয়াই হৈছে এতিয়ালৈকে সৰ্বাধিক জৰিমনা। ইয়াৰ আগতে ৰাজস্থানত এখন ট্ৰাকৰ গৰাকীয়ে ভৰিব লগা হৈছিল ১,৪১,৭০০ টকাৰ জৰিমনা।

দিল্লীত বৃহস্পতিবাৰে ২ লাখ ৫০০ টকাৰ জৰিমনা বিহা ট্ৰাকখনক কটা চালান-

  • অভাৰ লোডিঙৰ বাবে-২০,০০০ আৰু ৩৬,০০০ টকা। (১৮ টন অতিৰিক্ত সামগ্ৰীৰ বাবে প্ৰতি টনত ২,০০০ টকা জৰিমনা)
  • পৰিচয় পত্ৰ নথকাৰ বাবে ৫০০০ টকা।
  • ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট নথকাৰ বাবে ১০০০০ টকা।
  • বাহনৰ বেয়া অৱস্থাৰ বাবে ১০০০০ টকা।
  • পাৰমিট নথকাৰ বাবে ১০০০০ টকা।
  • ইনঞ্চুৰেঞ্জ নথকাৰ বাবে ৪০০০ টকা।
  • পলিউচন চাৰ্টিফিকেট নথকাৰ বাবে ১০০০০ টকা।
  • ট্ৰাকত থকা সামগ্ৰী ঢাকি নৰখাৰ বাবে ২০০০০ টকা।
  • চিট বেল্ট নমৰাৰ বাবে ১০০০ টকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in