কাণসাৰ নাই গড়কাপ্তানি বিভাগৰ, মেৰামতি ন’হল মথুৰাপুৰৰ ধোদৰ আলিৰ গাঁত…

কাণসাৰ নাই গড়কাপ্তানি বিভাগৰ,  মেৰামতি ন’হল মথুৰাপুৰৰ ধোদৰ আলিৰ গাঁত…

ডিজিটেল সংবাদ, মথুৰাপুৰঃ অসম চৰকাৰৰ গড়কাপ্তানি মন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ সংশ্লিষ্ট বিভাগটোৰ অকৰ্মণ্যতাৰ বাবে মৰণফান্দত পৰিণত হৈ চৰাইদেউ জিলাৰ অন্তগৰ্ত মথুৰাপুৰ সদৰ তিনি আলিৰ ঐতিহাসিক ধোদৰ আলি ৷ অতি ব্যস্ততাপূৰ্ণ অঞ্চলটোৰ মাজমজিয়াত সৃষ্টি হোৱা পুখুৰী সদৃশ দ গাঁতে জনসাধাৰণক যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে যদিও গড়কাপ্তানি বিভাগে বিশেষ গুৰুত্ব দিয়া নাই ৷

ঠাইখনৰ পথৰ মাজ অংশত সৃষ্টি হোৱা পুখুৰী সদৃশ দ গাঁতত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ অহাৰ লগতে বৰষুণ আহিলে পানীৰে উপচি পৰা পথটোৰ দুয়ো কাষেৰে পথচাৰী সকল অহা যোৱা কৰাৰ ক্ষেত্ৰত হাৰাশাস্তি ভুগিবলগীয়া হৈছে ৷ দীৰ্ঘদিন ধৰি এটি ব্যস্ত পথৰ মাজত এইদৰে দ গাঁত সৃষ্টি হৈ বিধ্বস্ত ৰূপ লৈ পৰি থকা পিচতো জিলাখনৰ গড়কাপ্তানি বিভাগে চকু নিদিয়াটো আশ্চৰ্যকৰ বিষয় হৈ পৰিছে ৷

উল্লেখ্য যে মথুৰাপুৰ সদৰ তিনি আলিৰ সোঁ মাজত সৃষ্টি হোৱা দ' গাঁতে পথচাৰীকে নহয় স্হানীয় ব্যৱসায়ীসকলকো ভীষণ সমস্যাৰ মাজলৈ ঠেলি দিছে ৷ অঞ্চলটোৰ প্ৰধান পথছোৱাৰ সোঁ মাজতে পুখুৰীসদৃশ গাঁতবোৰ পুতিবলৈ চৰকাৰ তথা জনপ্ৰতিনিধিয়ে অকনো গুৰুত্ব নিদিয়াত অতিষ্ঠ হৈ পৰিছে স্থানীয় জনতা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in