শেহতীয়া খবৰ
বেলটত বন্দী হ'ল ২২নং মেৰবিল নাহৰকটীয়া ঠেঙাল কছাৰী স্বায়ত্ব শাসিত সমষ্টিৰ দুগৰাকী প্ৰাৰ্থীৰ ভাগ্য...  •  ব্যতিক্ৰম দৰাঃ বিবাহস্থলীত অতিথি অপ্যায়নৰ পৰিৱৰ্তে ব্যস্ত ৰক্ত দানত...  •  ভাস্কৰ্য শিল্পী দেৱকৃষ্ণ বৰুৱাৰ মহানুভৱতাত উজ্বলিল গোবিন্দপুৰ মজলীয়া বিদ্যালয়  •  ভাৰতীয় ৰে'লত সুৰক্ষিত নহয় যাত্ৰীঃ লামডিঙত অচেতন অৱস্থাত উদ্ধাৰ দুজন...  •  বৰমাৰ লোহিত মোছাহাৰীৰ বদন্যতাঃ নিজৰ পুথিভঁৰালৰ দুই সহস্ৰাধিক গ্ৰন্থ দান কৰিলে বড়ো থুনলাই আফাদক...  •  চুপাৰি চুৰিত অভিযুক্ত তিনিজনক জে'ললৈ প্ৰেৰণ....  •  ৪ শ্ৰমিকক আক্ৰমণ কৰা নাহৰফুটুকীক মৰিয়াই মৰিয়াই হত্যা...  •  বাক্সাত তৰমুজৰ খেতি পৰিদৰ্শন বি টি আৰৰ কাৰ্যবাহী সদস্যৰ...  •  নগাঁৱত চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দঃ এজনক আটক...  •  সিংহ যুৱক তথা প্ৰাক্তন মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাক সোঁৱৰণ অগপ,আছুৰ...

মথুৰাপুৰ চ’ছিয়েল ৱেলফেয়াৰ দৰিদ্ৰলৈ বস্ত্ৰ উপহাৰ…

ডিজিটেল সংবাদ,মথুৰাপুৰঃ মাঘৰ বিহু উপলক্ষত চৰাইদেউ জিলাৰ বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ স্বেচ্ছাসেৱী সংগঠন চ’ছিয়েল ৱেলফেয়াৰ গ্ৰুপে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰে ৷ স্বেচ্ছাসেৱী সংগঠনটোৱে আজি মথুৰাপুৰ মাজগাঁৱত অৰ্দ্ধ শতাধিক দৰিদ্ৰলৈ বস্ত্ৰ উপহাৰ আগবঢ়াই।

উল্লেখ মথুৰাপুৰ চ’ছিয়েল ৱেলফেয়াৰ নামৰ স্বেচ্ছাসেৱী সংগঠটোৱে ধাৰাবাহিক ভাৱে সাধ্যানুসাৰে অতি ভিতৰুৱা তথা দুৰ্গম অঞ্চল বসবাস কৰা লোকৰ মাজত সংগঠনটোৱে পুৰুষ-মহিলাৰ লগতে কণ কণ ল’ৰা-ছোৱালীয়ে পৰিধান কৰিব পৰা বিভিন্ন সাজপাৰ বিতৰণ কৰি আছে ৷

উক্ত কাৰ্যসূচী অংশ স্বৰূপে আজি গ্ৰুপটোৰ কৰ্মকৰ্তা সকলে মাজগাওঁ জংঘল ভকত গাৱঁত অতি পিছপৰা আৰু আৰ্থিকভাৱে দুৰ্বল লোকসকলৰ মাজত মাঘ বিহু উপলক্ষে অঞ্চল সমুহৰ দৰিদ্ৰ লোকসকলৰ মাজত বস্ত্ৰ বিতৰণৰ এক কাৰ্যসূচী হাতত লয় ৷ এই কাৰ্যসূচীত গ্ৰুপটোৰ উপদেষ্টা জুৱেদ আলি,ৰাধু চৌধুৰী, সদস্য ক্ৰমে প্ৰণৱ বৰগোহাঁই,বাসুদেৱ কুমাৰ আৰু সীমান্ত গগৈয়ে অংশগ্ৰহণ কৰে ৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি