অভয়াপুৰীৰ পৰা মাতৃ-পুত্ৰ সন্ধানহীন

অভয়াপুৰীৰ পৰা মাতৃ-পুত্ৰ সন্ধানহীন

ডিজিটেল সংবাদ, অভয়াপুৰীঃ অভয়াপুৰীৰ খৰগপুৰত ১ আগষ্টৰ পৰা পুত্ৰসহ এগৰাকী মহিলা নিৰুদ্দেশ হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ নাম শেৱালী ৰায়।

পুত্ৰ কপিলদেৱ ৰায়সহ বাসগৃহৰ পৰা মহিলাগৰাকী নিৰুদ্দেশ হোৱা বুলি পৰিয়ালৰ সূত্ৰত প্ৰকাশ। কোনো সদাশয় ব্যক্তিয়ে সন্ধানহীন মাতৃ-পুত্ৰৰ সন্ধান পালে পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

সন্ধানহীন শেৱালী আৰু পুত্ৰ কপিলদেৱক প্ৰত্যক্ষ কৰিলে ৮৩৯৯৮-৭৫৬৬৩ অথবা ৯১০১০-৫০৩২৬ নম্বৰ যোগাযোগ কৰিব পাৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in