কেনে হ’ব নতুন ৰূপৰ ‘মাদাৰ অল্ড এজ হোম’? কি কি থাকিব তাত?

কেনে হ’ব নতুন ৰূপৰ ‘মাদাৰ অল্ড এজ হোম’? কি কি থাকিব তাত?

ৰাইজে হাত জোকাৰিছে। প্ৰস্তুতি চলিছে 'মাদাৰ অল্ড এজ হোম'ৰ নিৰ্মাণৰ। সম্পূৰ্ণ হৈছে প্ৰাৰম্ভিক পৰিকল্পনাৰ নক্সা। স্থায়ী ঠিকনা লাভ কৰিব এই বৃদ্ধাশ্ৰমখনে। ইতিমধ্যে প্ৰায় এক কোটিতকৈ অধিক টকা বৃদ্ধাশ্ৰমখনৰ নিৰ্মাণৰ বাবে দান-বৰঙণি দিবলৈ আগবাঢ়ি আহিছে ৰাইজ। কেনে হ'ব এই নতুন ৰূপৰ 'মাদাৰ অল্ড এজ হোম'। কি কি সুবিধা থাকিব তাত? 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ এক বিশেষ প্ৰতিবেদন।

ভাড়াঘৰত চলি থকা মাদাৰ অল্ড এজ হোমৰ স্থায়ী ঠিকনা হ'ব মঠঘৰীয়াস্থিত মুকুল মহন্তৰ বাসগৃহৰ চৌহদত। অসম আৰু অসমীয়াক প্ৰাণভৰি ভাল পোৱা। স্বতন্ত্ৰ অৰ্থনীতিৰ সপোন দেখা মুকুল মহন্তৰ পুত্ৰই এই বৃদ্ধাশ্ৰমখনৰ বাবে দান কৰিছে পিতৃৰ ভূ-সম্পত্তি। মঠঘৰীয়াত থকা প্ৰয়াত অভিযন্তা মুকুল মহন্তৰ বাসগৃহৰ চৌহদত 'মাদাৰ অল্ড এজ হোম' নিৰ্মাণৰ বাবে প্ৰাৰম্ভিক কাম আৰু পৰিকল্পনা আৰম্ভ হৈছে। বৃদ্ধাশ্ৰমখন নিৰ্মাণৰ বাবে সহযোগ কৰিবলৈ আগবাঢ়ি আহিছে বহু লোক।

'প্ৰতিদিন টাইম'ৰ 'অভিমত' অনুষ্ঠানত এই বিষয়ে সবিশেষ আলোচনা হোৱাৰ পাছতেই সহায়ৰ বন্যা বৈছে বৃদ্ধাশ্ৰমখনলৈ। ইতিমধ্যে কোটি টকাৰো অধিক দান-বৰঙণি সংগ্ৰহ আৰু দান কৰাৰ প্ৰতিশ্ৰুতি দিছে বিভিন্নজনে। কেনেদৰে নিৰ্মাণ কৰা হ'ব এই বৃদ্ধাশ্ৰমখন। তাৰো প্ৰাৰম্ভিক পৰিকল্পনা আৰু নক্সাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে।

বৃদ্ধাশ্ৰমখন হ'ব ৫ মহলাৰ। ইয়াৰে সন্মুখৰ ভাগত থাকিব এখন লবী। এই লবীতে থাকিব মুকুল মহন্তৰ এটা প্ৰতিমূৰ্তি। তাৰ পৰা দেখা পোৱা যাব মুকুল মহন্তৰ পূৰ্বৰ ঘৰটো। যিটো ঘৰত মুকুল মহন্তৰ সামগ্ৰী সমূহ সংৰক্ষণ কৰি এক সংগ্ৰহালয় নিৰ্মাণ কৰা হ'ব। এই লবীতেই অতিথিসকলক সাক্ষাতৰ বাবে থাকিব ব্যৱস্থা। কোনো অনুষ্ঠানৰ বাবে মুকলি ঠাই, ককা-আইতা সকলে নাম-প্ৰসংগতে ধৰি আন প্ৰয়োজনীয় কামত ব্যৱহাৰ কৰিব পৰাকৈ সকলো সুবিধা থাকিব। নৰ্থ ইষ্ট ইঞ্জিনিয়াৰ্ছে প্ৰস্তুত কৰা এই বৃদ্ধাশ্ৰমখনৰ প্ৰাৰম্ভিক পৰিকল্পনা আৰু নক্সা আমাৰ হাতত পৰিছেহি। এইখনেই সেই প্ৰাৰম্ভিক নক্সা।

৫+১ মহলীয়া এই বৃদ্ধাশ্ৰমখনৰ গ্ৰাউণ্ড ফ্লৰতেই থাকিব গাড়ী পাৰ্কিঙৰ ব্যৱস্থা। সন্মুখত থাকিব এখন সুদৃশ্য লন। গ্ৰাউণ্ড ফ্লৰৰ লগতে থাকিব লগা আন ৫টা মহলত ১৫০-২০০ বৃদ্ধ-বৃদ্ধাক আশ্ৰয় দিব পৰা যাব। বৃদ্ধাশ্ৰমখনত থাকিব এটা কনফাৰেন্স হল। লাইব্ৰেৰীৰ সুবিধাও থাকিব এই বৃদ্ধাশ্ৰমখনত ।ধৰ্মীয় গ্ৰন্থ, কাকত-পত্ৰ আদি উপলব্ধ হ'ব গ্ৰন্থগাৰত। চালে চকু ৰোৱা হ'ব এই বৃদ্ধাশ্ৰমখন।

ইমান দিনে ভাড়াঘৰত চলি থকা বৃদ্ধাশ্ৰমখনৰ নিৰ্মাণ কাৰ্যৰ বাবে প্ৰাৰম্ভিক কাম-কাজ চলি আছে। সন্মুখৰ লবী মুকলি স্থানত অতিথিসকলৰ সৈতে বৃদ্ধাশ্ৰমৰ বাসিন্দাসকলক সাক্ষাতৰ বাবে ব্যৱস্থা থাকিব। এখন আধুনিক বৃদ্ধাশ্ৰমত থাকিব লগা সকলো সা-সুবিধা উপলব্ধ হ'ব ইয়াত। এই বৃদ্ধাশ্ৰমখন নিৰ্মাণৰ বাবে ইতিমধ্যে গঠন কৰা হৈছে এখন নিৰ্মাণ কমিটী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in