বিশ্বনাথত জঘন্য কাণ্ড! মাতৃ-আইতাকে হত্যা কৰিলে এটি নৱজাতক…

বিশ্বনাথত জঘন্য কাণ্ড! মাতৃ-আইতাকে হত্যা কৰিলে এটি নৱজাতক…

ডিজিটেল সংবাদ, বিশ্বনাথঃ কিমান নিৰ্দয় হ'লে এগৰাকী মাতৃয়ে হত্যা কৰিব পাৰে নিজ গৰ্ভৰ সদ্যোজাত শিশুক৷ অবৈধ সম্পৰ্কৰ পৰিণতিত সন্তানসম্ভৱা হোৱা এগৰাকী নাৰীয়ে নিজৰ কলংক মোছনৰ বাবে কিমান নিকৃষ্ট পন্থা অৱলম্বন কৰিব পাৰে? ৯মাহ ৯দিন নিজ গৰ্ভত ৰখাৰ পাছত জন্ম দিয়া সন্তানটি নিজ হাতে হত্যা কৰাৰ দৰে নিকৃষ্ট পন্থা অৱলম্বন কৰিব পাৰে ?

এনে এক হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে বিশ্বনাথ বিহালীৰ দক্ষিণ মৰাণ গাৱঁত৷ বিহালীৰ বৰগাং মৰাণ গাঁৱত এক অবৈধ প্ৰেমৰ পৰিণতি সংঘটিত হয় এই জঘন্য কাণ্ড ৷ নিজ জন্মদাত্ৰী মাতৃ আৰু আইতাকৰ নিষ্ঠুৰতাত মৃত্যু হয় সদ্যোজাত দেৱ শিশুটিৰ৷

অভিযোগ অনুসৰি, নিমখ খুৱাই মুখত কাপোৰেৰে সোপা দি মাক আৰু আইতাকে নিষ্ঠুৰভাৱে হত্যা কৰে কণমানি এই নৱজাতকটিক ৷ ইফালে দেৱ শিশুটিক হত্যা কৰি মাক মিনা গোৱালা আৰু আইতাক শান্তি গোৱালাই পলায়ন কৰে৷

দেওবাৰৰ সন্ধিয়া প্ৰায় ৫ মান বজাত জঘন্য কাণ্ডটো সংঘটিত হৈছিল যদিও সোমবাৰেহে এই ঘটনা পোহৰলৈ আহে ৷ ইতিমধ্যে বিহালীৰ বৰগাং আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখি পাষাণ মাতৃ আৰু দেৱ শিশু হত্যাকাৰী আইতাকৰ ঠিকনাৰ সন্ধান অব্যাহত ৰাখিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in