বিজেপিৰ মুখ্য কাৰ্যালয়লৈ নিয়া হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীৰ নশ্বৰ দেহ, আবেলি নিগমবোধত হ’ব অন্ত্যোষ্টিক্ৰিয়া

বিজেপিৰ মুখ্য কাৰ্যালয়লৈ নিয়া হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীৰ নশ্বৰ দেহ, আবেলি নিগমবোধত হ’ব অন্ত্যোষ্টিক্ৰিয়া

ডিজিটেল ডেস্কঃ দেওবাৰে আবেলি অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অৰুণ জেটলীৰ। দেওবাৰে পুৱাৰ ভাগত তেওঁৰ নশ্বৰ দেহ দিল্লীস্থ বিজেপিৰ মুখ্য কাৰ্যালয়লৈ নিয়া হয়। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ শেষ যাত্ৰাত লোকে লোকাৰণ্য হৈ পৰে পৰে ৰাজপথ।

বিজেপিৰ মুখ্য কাৰ্যালয়ত তেওঁৰ নশ্বৰ দেহ লৈ অনাৰ পিছতে অগণন গুণমুগ্ধ আৰু বিজেপিৰ নেতা-কৰ্মীয়ে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে অৰুণ জেটলীক। ইয়াৰ পিছতে আবেলিৰ ভাগত নিগমবোধ ঘাটলৈ নিয়া হ'ব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ। তাতেই অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন হ'ব প্ৰয়াত নেতাগৰাকীৰ।

উল্লেখ্য যে, শ্বাস প্ৰশ্বাসৰ অসুবিধা আৰু অন্য ৰোগত আক্ৰান্ত হৈ থকা অৰুণ জেটলীক দিৰ্ঘদিন ধৰি দিল্লীৰ এইমছত চিকিৎসা চলাই থকা হৈছিল। ৰোগাক্ৰান্ত জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে অৱশেষত ৬৬ বছৰ বয়সত শনিবাৰে এইমছতে শেষ নিশ্বাস ত্যাগ কৰে। এগৰাকী সু ৰাজনীতিবিদ হিচাপে সকলোৰে প্ৰিয় অৰুণ জেটলীৰ দেহাৱসানৰ বাতৰি লাভ কৰাৰ পিছতে বিজেপি নেতা-কৰ্মী আৰু গুণমুগ্ধৰ মাজত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in