শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...

পুৱাৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ

386

১. শুকুৰবাৰে কামৰূপ মহানগৰত তাপমাত্ৰা ২৯ ডিগ্ৰী ছেলচিয়াছ। ১৬ কিলোমিটাৰ প্ৰতিঘন্টাত বতাহ বলাৰ লগতে ৫৮ শতাংশ আদ্ৰতা হোৱাৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰৰ।

২. শুকুৰবাৰে গুৱাহাটীত পেট্ৰ’লৰ প্ৰতিলিটাৰৰ মূল্য ৭৪.৫২ টকা। ঠিক তেনেদৰে ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৬৮. ২২ টকা।

৩. বাংগালুৰুত আছাদুদ্দিন ওৱেছীৰ ৰেলীত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া যুৱতীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ। ২৩ ফেব্ৰুৱাৰী লৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ যুৱতীগৰাকীক।

৪. ডবকাৰ উদমাৰি গাঁৱত আৰক্ষীৰ অভিযানত দুটা দুৰ্ধৰ্ষ ডকাইত গ্ৰেপ্তাৰ৷ ধৃত ডকাইত দুটাৰ নাম ক্ৰমে মিছবাহ উদ্দিন আৰু নুৰ হুছেইন৷

৫. মুম্বাইৰ দাদৰ এলেকাত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভষ্মীভূত হয় এখন কাপোৰৰ দোকান। আহত ২জন লোক।

৬. শুকুৰবাৰে মহা শিৱৰাত্ৰী। ৰাজ্যজুৰি পুৱাৰে পৰা মন্দিৰলৈ ভক্তৰ লানি নিছিগা সোত। উখল-মাখল পৰিৱেশে বিভিন্ন শিৱ মন্দিৰত।

৭. মধ্যপ্ৰদেশত শোকাৱহ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ভিন্দৰ গৌৰি হ্ৰদত পৰিলগৈ এখন বাহন। নিহত ৩জন লোক।

৮. শুকুৰবাৰে পুৱাই দিল্লীত আধাৰশিলা স্থাপন কৰা হ’ল স্থল সেনা ভৱনৰ। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে স্থাপন কৰে আধাৰশিলা।

৯. কৰ্ণাটকৰ প্ৰাক্তন মন্ত্ৰী তথা জেডিইউ নেতা চি চেন্নাইগপ্পাৰ মৃত্যু। বাংগালুৰুৰ এখন হাস্পতালত তেওঁৰ মৃত্যু হয়।

১০. নিউজিলেণ্ডৰ বিৰু্দ্ধে ভাৰতৰ প্ৰথমখন এদিনীয়াত ৫৫ অভাৰৰত ৫ উইকেটৰ বিনিময়ত সংগ্ৰহ ১২২ ৰান। বৰষুণৰ বিধি-পঠালিৰ বাবে স্থগিত ৰখা হৈছে খেলখন।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি