পঢ়ক পুৱাৰ ১০টা গুৰুত্বপূৰ্ণ খবৰ…

পঢ়ক পুৱাৰ ১০টা গুৰুত্বপূৰ্ণ খবৰ…

১. পুলৱামাৰ শ্বহীদৰ স্মৃতিত শুকুৰবাৰে দেশজুৰি পালন কৰা হৈছে ক'লা দিৱস। ২০১৮ চনৰ ১৪ নৱেম্বৰৰ দিনটোতে সন্ত্ৰাসবাদীৰ আক্ৰমণত পুলৱামাত প্ৰাণ হেৰুৱাইছিল ৪০ গৰাকীৰো অধিক ভাৰতীয় জোৱানে।

২. শ্ৰীনগৰৰ চিআৰপিএফৰ লেথপোৰা কেম্পত পুলৱামাত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা ৪০ জোৱানলৈ শ্ৰদ্ধাঞ্জলী ভাৰতীয় সেনাৰ।

৩. চীনত বিভীষিকাৰ সৃষ্টি কৰিছে কোৰোনা ভাইৰাছে। নিহতৰ সংখ্যা ডেৰ সহস্ৰাধিকলৈ বৃদ্ধি। বৃহস্পতিবাৰৰ দিনটোতে প্ৰাণ হেৰুৱায় ১২১ জন লোকে।

৪. শুকুৰবাৰে পুৱতি নিশা যোৰাবাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভস্মীভূত এখন ৪ চকীয়া বাহন। তেজপুৰৰ পৰা গুৱাহাটী অভিমুখী আহি আছিল বাহনখন। বাহন খনত যান্ত্ৰিক বিজুতি হোৱাৰ বাবে অগ্নিসংযোগ হোৱাৰ সন্দেহ।

৫. ৰাজহুৱা সা-সম্পত্তি ধ্বংস কৰাৰ অপৰাধত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ জিলা প্ৰশাসনে ১৩ গৰাকী লোকক চিনাক্ত কৰি ২১ লাখ টকাৰ ক্ষতিপুৰণ দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। ইতিমধ্যে জিলা প্ৰশাসনৰ তৰফৰ পৰা ১৩ গৰাকী ব্যক্তিলৈ প্ৰেৰণ কৰা হৈছে পত্ৰ।

৬. মহানগৰীৰ ক্ষেত্ৰীৰ ধোপগুৰিত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ। ৰাষ্ট্ৰীয় ঘাইপথত তেজৰে ৰাঙলী হৈ পৰি থকা অৱস্থাত যোৱা নিশা উদ্ধাৰ ২৪/২৫ বছৰীয়া যুৱকজনৰ মৃতদহটো।

৭. বৃহস্পতিবাৰে নিশা খানাপাৰাৰ ডায়েৰীগেটত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা। দ্ৰুতবেগী ট্ৰাকে প্ৰাণ ল'লে এগৰাকী প্ৰবক্তাৰ।
ৰুণজুন দুৱৰা নামৰ কৃষি বিশ্ববিদ্যালয়ৰ সহকাৰী প্ৰবক্তাগৰাকীয়ে নিজৰ স্কুটীৰে গৈ থকা অৱস্হাত মহতিয়াই নিয়ে এখন দ্ৰুতবেগী ট্ৰাকে।

৮. মধ্যপ্ৰদেশৰ জবলপুৰত পুৱাই বিধ্বংসী অগ্নিকাণ্ড। এটা গুদামত সংঘটিত হয় এই অগ্নিকাণ্ড। কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি ভষ্মীভূত।

৯. ৪ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হৈছে পৰ্টুগালৰ ৰাষ্ট্ৰপতি মাৰ্চেল' ৰেবেলো ডে চাওচা। দিল্লী বিমান বন্দৰত ৰাষ্ট্ৰপতিগৰাকীৰ আদৰণি জনায় কেইবাগৰাকীও শীৰ্ষ বিষয়াই।

১০. শুকুৰবাৰৰ পৰা সাধাৰণ যাত্ৰীৰ বাবে মুকলি কৰি দিয়া হৈছে কলকতাৰ ইষ্ট-ৱেষ্ট মেট্ৰ' ৰে'ল সেৱা। চল্টলেক চেক্টৰ-৫ৰ পৰা যুৱভাৰতী ষ্টেডিয়ামলৈ আৰম্ভ হোৱা এই মেট্ৰ' সেৱাৰ বৃহস্পতিবাৰে আনুষ্ঠানিক শুভাৰম্ভ কৰিছিল ৰে'লমন্ত্ৰী পীয়ুষ গোৱেলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in