পুৱাৰ খবৰ

পুৱাৰ খবৰ

১. ৰাজ্যত বিগত ২৪ ঘণ্টাত কোভিড পৰিস্থিতিৰ কোনো উন্নতি ঘটা নাই। বৰঞ্চ পূৰ্বৰ তুলনাত কিছু বৃদ্ধি পাইছে। বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে মুঠ ১,৫৪৭ জন। এই সময়চোৱাত কোভিড পৰীক্ষা কৰা হৈছিল মুঠ ৭৪,১১৪ জনৰ। সেই অনুসৰি কোভিড পজিটিভিটিৰ হাৰ ২.০৯ শতাংশ।আনহাতে আজিৰ দিনটোত কোভিডত আক্ৰান্ত হৈছে মৃত্যু হৈছে মুঠ ২৫ জন।

২. বিগত ২৪ ঘণ্টাত কামৰূপ মহানগৰত সৰ্বাধিক ১৯৩ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে।আনহাতে গোলাঘা্টাত আক্ৰান্ত হৈছে ১৪৭ জন, ডিব্ৰুগড়ত আক্ৰান্ত হৈছে ১৩৯ জন আৰু যোৰহাটত আক্ৰান্ত হৈছে ১১৫ জন।

৩. বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈ সৰ্বাধিক মৃত্যু হৈছে ডিব্ৰুগড়, গোলাঘাট আৰু শোণিতপুৰত। জিলা তিনিখনত ৩ জনকৈ লোকৰ মৃত্যু হৈছে। আনহাতে যোৰহাটত ২জন, কামৰূপ গ্ৰাম্য ২জন, কৰিমগঞ্জত ২ জন, কোকৰাঝাৰাত ২ জন, লখিমপুৰত ২ জন, শিৱসাগৰত ২ জন, বৰপেটাত ১ জন, দৰঙত ১ জন, হোজাইত ১ জন আৰু নলবাৰীত ১ জন ব্যক্তি কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে।

৪.  যোৱা ২৪ ঘণ্টাত ৰাজ্যত মুঠ ৫,৫২,৪২৫ গৰাকী ব্যক্তি কোৰোনাত আক্ৰান্ত হৈছে আৰু ইয়াৰে ৫,৩০,৬৭৮ গৰকী ব্যক্তিয়ে আৰোগ্য লাভ কৰিছে। আনহাতে মৃত্যু হৈছে ৫,০৫৪ গৰকী ব্যক্তিৰ। সেই অনুসৰি আৰোগ্যৰ হাৰ ৯৬.০৬ শতাংশ আৰু মৃত্যুৰ হাৰ ০.৯১ শতাংশ।

৫.  পেগাছাছ'ৰ জালত অসমৰ দুগৰাকী নেতা।সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জলকুমাৰ ভট্টাচাৰ্যৰ ফোন পেগছাছৰ জৰিয়তে টেপিঙৰ তথ্য লাভ। আলফা নেতা অনুপ চেতিয়াৰ ফোন পেগছাছৰ জৰিয়তে টেপিং কৰাৰ তথ্য লাভ।ইজৰাইলী চোৰাংচোৱা তথ্য-প্ৰযুক্তি পেগছাছৰৰ জৰিয়তে দেশৰ প্ৰায় ৩ শতাধিক ৰাজনৈতিক নেতা, সাংবাদিক, সংগঠনৰ নেতাৰ ফোন টেপিঙৰ তথ্য পোহৰলৈ আহিছিল কিছুদিন পূৰ্বে।

৬. আজিৰে পৰা পুনৰ আৰম্ভ হ'ব গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ৰ'পৱে সেৱা। পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৫.৩০ বজালৈ চলিব এই সেৱা। কোভিড প্রট'কল মানি ৰ'পৱেত উঠিব পাৰিব যাত্রীসকলে। কোভিডৰ দ্রুত সংক্রমণৰ বাবে বিগত ৬ মে'ৰ পৰা বন্ধ হৈ আছিল এই সেৱা।

৭. জি এম ডি এয়ে এক জাননীৰ জৰিয়তে ৰ'পৱেৰ ভাৰা সলনি হোৱাৰ কথা প্ৰকাশ কৰিছে। সাধাৰণ জনতাৰ বাবে পূৰ্বৰ তুলনাত ৫০ শতাংশ ভাড়া বৃদ্ধি কৰা হৈছে।পূৰ্বৰ অহা-যোৱা ভাড়া আছিল ১০০ টকা। বৃহস্পতিবাৰৰ পৰা এই মূল্য ১৫০ টকালৈ বৃদ্ধি হ'ব।আনহাতে এবাৰ পাৰ হ'লে ৬০ টকাৰ পৰিৱৰ্তে ১০০ টকালৈ বৃদ্ধি কৰা হৈছে ভাৰা। ৩ বছৰ বয়সৰ পৰা ১২ বছৰীয়া শিশু, কিশোৰ আৰু জ্যেষ্ঠ নাগৰিকৰ ভাড়া হ্রাস কৰি আধা কৰা হৈছে। বিশেষভাৱে সক্ষম লোকৰ ভাৰা সম্পূৰ্ণ ৰেহাই দিয়া হৈছে।

৮.  আত্মসম্পৰ্ণ কৰিব দুধৰ্ষ এম বাথাই। অসম আৰক্ষীয়ে বাথাৰ মূৰৰ মূল্য নিৰ্ধাৰণ কৰিছিল ১০ লাখ টকা। সূত্ৰ অনুসৰি বাথাৰ আত্মসমৰ্পণ কৰাৰ প্ৰক্ৰিয়া ৰাজনৈতিকভাৱে আৰম্ভ হৈছে। বাথাৰ লগতে আত্মসমৰ্ণন কৰিব ৬ জন অন্য নেতাৰ সৈতে মুঠ ৬০ জন কেডাৰে।

৯. দিল্লীৰ ৰাজপথত বুধবাৰৰ নিশা পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক যৌন আতিশয্য চলোৱাৰ অপচেষ্টা চলায় কেইজন মান লোকে।দিল্লীৰ হজ খাছ অঞ্চলত নিশা প্ৰায় ৮.৩০ মান বজাত সংঘটিত হৈছে এই ঘটনা। উত্তৰ-পূৰ্বাঞ্চলৰ কেইগৰাকীমান যুৱতীয়ে নিশা পথেৰে গৈ থকা অৱস্থাতে কেইজনমান লোকে তেওঁলোকক আগভেটি ধৰে আৰু অশ্লীল প্ৰস্তাৱ দিয়ে।ইয়াৰ পিছতে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী কেইগৰাকীয়ে ৰণচণ্ডী ৰূপ ধাৰণ কৰে আৰু লোক কেইজনক তৰ্জন-গৰ্জন কৰি উভতি ধৰে।

১০. কামৰূপ জিলাৰ বকোত মেঘালয়ে আগ্ৰাসন কৰা ঠাইসমূহ ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা সহ বিভিন্ন বিভাগৰ বিষয়াৰ এটা দলে বুধবাৰে পৰিদৰ্শন কৰে । ৪৮নং বকো বিধান সভাসমষ্টিৰ মেঘালয়ে আগ্ৰাসন কৰা হাহিম, মালাং আৰু গিজাং নামৰ ঠাই কেইডোখৰ পৰিদৰ্শন দলটোৱে পৰিদৰ্শন কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in