পুৱাৰ খবৰ

পুৱাৰ খবৰ

১.ৰাজ্যত বিগত ২৪ ঘণ্টাত মুঠ ৫২৪ গৰাকী ব্যক্তিৰ দেহত কোৰোনমাৰ উপস্থিতি ধৰা পৰিছে। এই সময়চোৱাত ৭৯,২৪৫ গৰাকী ব্যক্তিৰ দেহত কোৰোনা পৰীক্ষা কৰা হৈছিল। সেই অনুসৰি যোৱা ২৪ ঘণ্টাত কোৰোনা পজিটিভিটিৰ হাৰ ০.৫৫ শতাংশ।

২. যোৱা ২৪ ঘণ্টাত ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে মুঠ ৪ গৰাকী ব্যক্তি। ইয়াৰ ভিতৰত ২ জনৰ কামৰূপ মহানগৰত আৰু ২ জনৰ লখিমপুৰত মৃত্যু হৈছে। আনহাতে সৰ্বাধিক কামৰূপ মহানগৰত ৭১ গৰাকী, গোলাঘাটত ৪১ গৰাকী  শিৱসাগৰত ৩২ গৰাকী শোণিতপুৰত ২৭ গৰাকী ব্যক্তিৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰিছে।

৩.বৃহস্পতিবাৰে জনতাভৱনত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰৰ কেবিনেট বৈঠক। এই কেবিনেট বৈঠকৰ পিছতে সংবাদমেল সম্বোধন স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ। মাজুলীৰ ঘটনাৰ বাবে কেবিনেটৰ আৰম্ভণিতে কৰা হৈছে মৌন প্রাৰ্থনা। অতিৰিক্ত মুখ্য সচিব মনিন্দ্র সিঙক দিয়া হৈছে মাজুলী ঘটনাৰ তদন্তৰ দায়িত্ব। ঘটনাৰ তদন্তৰ প্ৰতিবেদন এমাহৰ ভিতৰত দাখিল কৰিব লাগিব। মাজুলীৰ ঘটনাৰ বাবে আৰক্ষীকো ফৌজদাৰী গোচৰ তৰাৰ নিৰ্দেশ কেবিনেটৰ। মাজুলী সংযোগী দলং নিৰ্মাণ সম্পৰ্কে পৰ্যবেক্ষণ কৰিবলৈ বিত্তমন্ত্রী অজন্তা নেওগক দায়িত্ব প্ৰদান।

৪.ডি এন এল এয়ে ৬ মাহৰ বাবে ঘোষণা কৰা যুদ্ধ বিৰতি সন্দৰ্ভতো কেবিনেটত সিদ্ধান্ত গ্ৰহণ। এই সময়ছোৱাত তেওঁলোকৰ বিৰুদ্ধে কোনোধৰণৰ অভিযান চলোৱা নহয়। সংগঠনটোৱে এই সময়চোৱাত অস্ত্র-শস্ত্র লৈ ঘূৰা আৰু ধন দাবী আদি কাৰ্যত লিপ্ত হ'ব নোৱাৰিব।

৬.চৰকাৰী চাকৰি সন্দৰ্ভতো লোৱা হৈছে সিদ্ধান্ত। এতিয়াৰে পৰা চৰকাৰী চাকৰি মকৰলৰ ক্ষেত্রত পুলিচ ভেৰিফিকেছনৰ প্রয়োজন নহ'ব। প্রাৰ্থীয়ে ছেল্ফ ডিকলাৰেচন দিব লাগিব। কোনো প্রাৰ্থীয়ে ভুল তথ্য দিলে তেওঁলোকৰ ওপৰত আইনগত ব্যৱস্থা লোৱা হ'ব। আধাৰ কাৰ্ডৰ জৰিয়তে নিয়োগ বিনিময় কেন্দ্রত পঞ্জীয়ন কৰিব পাৰিব। চৰকাৰী চাকৰিত বিশেষভাৱে সক্ষম সকলৰ বাবে পূৰ্বৰ ৩ শতাংশৰ পৰিৱৰ্তে ৪ শতাংশ আসন সংৰক্ষণ থাকিব।

৭. এতিয়াৰে পৰা দূৰ শিক্ষাৰ ডিগ্রী, ডিপ্ল'মা আদি নিয়মীয়াৰ সৈতে একেই গণ্য কৰা হ'ব। গুৱাহাটী বিশ্ববিদ্যালয় আৰু আইড'ল আদিৰ ডিগ্রী, ডিপ্ল'মা একেই বিবেচনা কৰা হ'ব।

৮. মৰিগাওঁ জিলাৰ উপায়ুক্তই জিলাখনৰ জনসাধাৰণৰ বাবে মুকলি কৰিছে তেওঁৰ দুটা মোবাইল নম্বৰ। জিলাবাসীৰ সুবিধাৰ্থে উপায়ুক্তগৰাকীয়ে ৮৮১১৯৫১৫৫২ হোৱাটছএপ নম্বৰ আৰু ফোন কৰিব পৰাকৈ ৮০৯৯২৫৩০৪৬ নম্বৰ মুকলি কৰিছে।জিলাখনৰ জনসাধাৰণে সকলোধৰণৰ চৰকাৰী কাৰ্যালয়ৰ ৰাজহুৱা অভিযোগ এই নম্বৰ দুটাৰ জৰিয়তে উপায়ুক্তক পোনপটীয়াকৈ দাখিল কৰিব পাৰিব। ইয়াৰ উপৰিও জনসাধাৰণে উপায়ুক্ত কাৰ্যালয়ত লিখিত আকাৰে অভিযোগ দাখিল কৰিব পৰাকৈ কাৰ্যালয়ত স্থাপন কৰিছে এটা ৰাজহুৱা অভিযোগ বাকচ।

৯. গুৱাহাটীৰ ৰেভ পাৰ্টিৰ ৭ অভিযুক্তলৈ জামিন প্ৰদান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।সমান্তৰালকৈ এই ৰেভ পাৰ্টিৰ ৫ জনৰ জামিন আবেদন নাকচ কৰিলে উচ্চ ন্যায়ালয়ে।মুঠ ১২ অভিযুক্তই জামিনৰ বাবে কৰিছিল আবেদন।ৰেভ পাৰ্টিৰ সৈতে মুঠ ১৯ জন ব্যক্তি অভিযুক্ত হৈছিল।বৰ্তমানে এই ৰেভ পাৰ্টিৰ সৈতে জড়িত থকা ১২ জন অভিযুক্ত কাৰাগাৰত আছে।চৰকাৰী পক্ষৰ হৈ যুক্তি দিছিল অধিবক্তা মাখন ফুকনে।

১০. ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। অসমত ৪ অক্টোবৰত হ'ব ৰাজ্যসভাৰ এখন আসনৰ বাবে উপ নিৰ্বাচন। উল্লেখ্য যে, ১০ মে'ত খালী হৈছিল বিশ্বজিত্‍ দৈমাৰীৰ আসন। মুঠ ৫খন ৰাজ্যত ৬খন অসমৰ বাবে অনুুষ্ঠিত হব এই নিৰ্বাচন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in