পুৱাৰ বাতৰি…

পুৱাৰ বাতৰি…

১. ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ২১ জন…

ৰাজ্যত বৃহস্পতিবাৰৰ দিনটোত পুনৰ কোৰোনাত আক্ৰান্ত হয় ২১ গৰাকী লোক । কোৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰে ১১৬ গৰাকী লোকে । বৃহস্পতিবাৰে এজনো কোৰোনাত আক্ৰান্ত হৈ এগৰাকীও লোকৰ মৃত্যু হোৱা নাই ।বৃহস্পতিবাৰৰ দিনটোত কামৰূপ মেট্ৰত ৬ গৰাকী, তিনিচুকীয়াত ৫ গৰাকী,ডিব্ৰুগড়ৰ ২ গৰাকী আৰু দক্ষিন শালমাৰাত ২ গৰাকী লোক আক্ৰান্ত হয় কোৰোনাত । ৰাজ্যত সৰ্বমুঠ কোৰোনাত আক্ৰান্ত হয় ২,১৬,৯৪০ গৰাকী,কোৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰে ২,১৩,২৯৫ গৰাকী । ইফালে কোৰোনাত আক্ৰান্ত হৈ ৰাজ্যত সৰ্বমুঠ মৃত্যু হয় ১০৭৭ গৰাকী লোক ।

২. ব্যাপক সংশোধন হ'ব উচ্চতৰ মাধ্যমিকৰ পাঠ্যপুথিৰ….

ব্যাপক সংশোধন হ'ব উচ্চতৰ মাধ্যমিকৰ পাঠ্যপুথিৰ ।শিক্ষা সংসদৰ উচ্চস্তৰীয় বৈঠকত এই সিদ্ধান্ত গ্ৰহন কৰা হয় । সিদ্ধান্ত অনুসৰি ২০২১-২২ শিক্ষা বৰ্ষৰ পৰা HSত নাথাকিব বিকল্প ইংৰাজী বিষয় । আধুনিক ভাৰতীয় ভাষাসমূহৰ সন্নিহিত পাঠ্যপুথি যুগুতৰ প্রস্তাৱ গ্ৰহন কৰা হয় বৈঠকত । মাতৃভাষাত ডিটিপিৰ দক্ষতা বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপৰ লগতে বিহুৰ ব্যৱহাৰিক পাঠদানৰ বাবে বিদ্যালয়ৰ পৰিদৰ্শকক দায়িত্ব অৰ্পণ কৰে । বৃত্তিমূলক প্রশিক্ষণ আৰু স্ব-নিয়োজন সৃষ্টিৰ ক্ষেত্রত সিদ্ধান্ত গ্রহণ কৰে বৈঠকত । ইফালে বৃত্তিমূলক পাঠ্যক্রমৰ পাঠ্যপুথি অনুবাদ হ'ব অসমীয়া ভাষালৈ ।

৩. তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাবৰ্তনত সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নেৰেন্দ্ৰ মোডীয়ে

২২ জানুৱাৰী শুক্ৰবাৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাবৰ্তনত অংশ ল'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । শুক্ৰবাৰে ৰাতিপুৱা ১০ বাজি ৩০ মিনিটত তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাবৰ্তনত সম্বোধন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে । টুইট যোগে এই কথা ব্যক্ত কৰে মোডীয়ে । মোডীয়ে লগতে কয় যে এয়া অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ উদ্দীপ্ত নৱপ্ৰজন্মৰ সৈতে মত বিনিময় কৰাৰ এক উত্তম সুযোগ।

৪. জন্মু- কাশ্মীৰত শ্বহীদ এগৰাকী ভাৰতীয় জোৱান….

পাকিস্তানে দেওবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত নিয়ন্ত্ৰণ ৰেখাৰ কাষত পাকিস্থাননে যুদ্ধ বিৰতি উলংঘন কৰে । পাকিস্থানৰ গুলীবৰ্ষনত শ্বহীদ হয় এগৰাকী জোৱান ।এগৰাকী বিষয়াই জনোৱা অনুসৰি পাক সেনাই পুঞ্চৰ কৃষ্ণা ঘাটী ছেক্টৰত এলঅ'চি-ৰ ওচৰত অপ্ৰৰোচিতভাৱে গুলীবৰ্ষণ কৰে । ভাৰতীয় সেনাইয়ো ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়ে।এই ঘটনাত সেনাৰ দহ জেকে ৰাইফলছ ইউনিটৰ হাবিলদাৰ নিৰ্মাল সিং গুলীচালনাত শ্বহীদ হয় ।

৫. ৯ লাখ ৯৯ হাজাৰতকৈ অধিক লোকক প্ৰদান কৰা হৈছে কোভিড ভেকচিন…

১৬ জানুৱাৰীৰ পৰা ভাৰত আৰম্ভ হৈছিল কোভিড ভেকচিন প্ৰদানৰ কাৰ্যসূচী । বৃহস্পতিবাৰে কোভিড ভেকচিন সম্পৰ্কত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সংবাদমেল আয়োজন কৰি টিকাকৰণ সম্পৰ্কে বিতংভাৱে বৰ্ণনা কৰে।স্বাস্থ্য মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব ডা: মনোহকৰ আগনানীয়ে কয় যে বৰ্তমানলৈ মুঠ ৯,৯৯,০৬৫ টা ভেকছিন প্ৰদান কৰা হৈছে । মুঠ ১৮,১৫৯ টা ভেকচিন ক্ষেত্ৰ সম্পূৰ্ণ কৰা হৈছে। ২১ জানুৱাৰীত ২৭ খন ৰাজ্যত টিকাকৰণ আৰম্ভ হৈছে । বৃহস্পতিবাৰে মুঠ ১,৯২,৫৮১ জন লোকক ভেকচিন প্ৰদান কৰা হয়।

৬. কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ আশ্বাস,কোভিড ভেকচিন সুৰক্ষিত…

কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ বৰ্ধনে কয় যে কোভিড-19 ভেকছিনে মানুহক সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সক্ষম কৰাৰ লগতে কিছু সময়ৰ ভিতৰত এই মহামাৰীটো নষ্ট হ'ব।স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে জনসাধৰনৰ মাজত মাজত টিকাকৰণৰ বিষয়ে সন্দেহ দূৰ কৰিবলৈ আইইচি-ৰ পোষ্টাৰ মুকলি কৰোঁতে এই কথা কয়। ভেকছিনৰ সুৰক্ষা আৰু কাৰ্যকাৰীতাৰ ওপৰত মন্তব্য কৰি কেন্দ্ৰীয় মন্ত্ৰীজনে কয়, "এয়া পৰিকল্পিত যে এহাতে আন দেশবোৰে আমাক প্ৰতিষেধক বিচাৰিছে, আনটো দেশত এনে এটা অংশ আছে যি ইয়াৰ সংকীৰ্ণ ৰাজনৈতিক সুবিধাৰ বাবে এই প্ৰতিষেধকবোৰৰ বিষয়ে সন্দেহৰ সৃষ্টি কৰি আছে।"

৭. চিৰাম ইনষ্টিটিউটত ভয়ংকৰ অগ্নিকাণ্ড,৫ জন নিহত…

পুনে স্থিত চিৰাম ইনষ্টিটিউটত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । চিৰাম ইনষ্টিটিউটৰ নিৰ্মানৰত অট্টালিকাত বৃহস্পতিবাৰে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত ৫ গৰাকী লোকৰ মৃত্যু হয় । ইফালে এই অগ্নিকাণ্ড ভেকচিন নিৰ্মান কাৰখানাৰ পৰা দূৰত সংঘটিত হোৱা বাবে কোভিড ভেকচিন নিৰ্মানত কোনো ধৰনৰ প্ৰভাৱ নপৰে ।চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া বিশ্বৰ সৰ্ববৃহৎ ভেকছিন নিৰ্মাতা । এই ইনষ্টিটিউট খনৰ পৰিসৰ প্ৰায় ১০০ একৰ অঞ্চলত বিস্তৃত হৈ আছে। অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা অট্টালিকাটো ভেকচিন নিৰ্মান কাৰখানাৰ পৰা কিছু দূৰত অৱস্থিত ।

৮. ডেৰ বছৰলৈ কৃষি আইন বলবৎ নকৰাৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰ,২২ জানুৱাৰীত কৃষকে জনাৱ মতামত…

কেন্দ্ৰীয় চৰকাৰৰ সৈতে কৃষক সংগঠন সমূহে দিল্লীৰ বিজ্ঞান ভৱনত বুধবাৰে দশমলানি বৈঠকত কেন্দ্ৰীয় চৰকাৰে কৃষি আইন ডেৰ বছৰলৈ বলবৎ নকৰাৰ প্ৰস্তাৱ দিয়ে কৃষক সংগঠন সমূহক ।কেন্দ্ৰীয় চৰকাৰে ন্যায়ালয়ত শপতনামাৰ জৰিয়তে ডেৰ-দুই বছৰলৈ কৃষি আইন স্থিগিত ৰখাৰ প্ৰস্তাৱ দিছিল কৃষক সংগঠন সমূহক ।ইফালে কৃষক সংগঠন সমূহে এই সন্দৰ্ভত মতামত ২২ জানুৱাৰীৰ পৰবৰ্তী বৈঠক এই সম্পৰ্কে মতামত প্ৰকাশ কৰিব কেন্দ্ৰীয় চৰকাৰক ।

৯. ৫০ হাজাৰৰ সীমা আতিক্ৰম কৰিলে ছেনচেক্সে…

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে শপত লোৱাৰ পিছদিনাই ইয়াৰ প্ৰভাৱ পৰিল ভাৰতত । বৃহস্পতিবাৰে শ্বেয়াৰ বজাৰত দিনটোৰ আৰম্ভনিতে উত্থান ঘটিল ছেনচেক্সৰ । বোম্বে ষ্টক একচেঞ্জত ছেনচেক্স ৩০৪ বৃদ্ধি হোৱাৰ ফলত এই সংখ্যাই ৫০ হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে ।এয়া হ'ল বোম্বে ষ্টক একচেঞ্জৰ সৰ্বকালৰ সৰ্বাধিক ছেনচেক্স । এই সংখ্যা ৫০১২৬.৭৩ হোৱাৰ বিপৰীতে নেফটিও ১৪৭০০ হ'ল । ইয়াৰ ফলত ৰিলায়েন্স ইণ্ডাষ্ট্ৰি শ্বেয়াৰ মূল্য বৃদ্ধি পাই । ভাৰতৰ লগতে এচিয়াৰ আন বজাৰ সমূহতো ইয়াৰ ইতিবাছক প্ৰভাৱ পৰে ।

১০. অতীন দাসলৈ আগবঢ়োৱা হৈছে 'গণৰাজ্য দিৱস সাংবাদিকতা বঁটা ২০২১'…

অসম চৰকাৰে ২৬ জানুৱাৰীত প্ৰতিটো বছৰৰ দৰে এই বছৰো 'গণৰাজ্য দিৱস সাংবাদিকতা বঁটা ' প্ৰদান কৰা হ'ব । এই বৰ্ষৰ 'গণৰাজ্য দিৱস সাংবাদিকতা বঁটা ২০২১' আগবঢ়োৱা হৈছে জ্যেষ্ঠ সাংবাদিক অতীন দাসলৈ । গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব । অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ সৌজন্যত প্ৰদান কৰা এই বঁটাত আচে এক লাখ টকা,প্ৰশস্তি পত্ৰ,স্মাৰক,অংগ বস্ত্ৰ,এখন শৰাই আৰু গামোছা ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in