পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. বুধবাৰে কোভিডত আক্ৰান্ত ১৯৫ জন…

বুধবাৰে ৰাজ্যত কোৰোনাত আক্ৰান্ত হয় ১৯৫ গৰাকী । কোৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰে ৩১ গৰাকীয়ে । কোৰোনাত এতিয়াও আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৮৪৭ গৰাকী লোক । ইফালে দেশত বৰ্তমানলৈ কোৰোনাত আক্ৰান্ত হয় ২,১৯,০২৭ জন।

২. লক্ষ্ণৌত বৃহস্পতিবাৰৰ পৰা নৈশ সান্ধ্য আইন ঘোষণা…

দেশত বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমন । কোৰোনাৰ সংক্ৰমন বৃদ্ধিৰ বাবে দেশৰ বিভিন্ন চহৰত ঘোষণা কৰা হৈছে নৈশ সান্ধ্য আইন। লক্ষ্ণৌত বুধবাৰে আৰক্ষী আয়ুক্তই নৈশ সান্ধ্য আইন ঘোষণা কৰে । বৃহস্পতিবাৰৰ পৰা নিশা ৯ বজাৰ পৰা ৰাতিপুৱা ৬ বজালৈ ঘোষণা কৰে লকডাউন ।

৩. ডালমিয়া চিমেন্ট কাৰখানা চৌহদত অগ্নিকাণ্ড…

ডালমিয়া চিমেন্ট কাৰখানা চৌহদত বুধবাৰে নিশা এক অগ্নিকাণ্ড সংঘটিত হয় ।লংকাৰ ২ নং পিপল পুখুৰী স্থিত কাৰকানাত এই ঘটনা সংঘটিত হয় । দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে । ৮ খনকৈ অগ্নি নিৰ্বাপক বাহনেৰে জুই নিৰ্বাপন কৰে ।

৪. পৰীক্ষা সন্দৰ্ভত শিক্ষাৰ্থীৰ সৈতে অনলাইন বাৰ্তালাপ নৰেন্দ্ৰ মোডীৰ…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বুধবাৰে আগন্তুক পৰীক্ষা সন্দৰ্ভত সমগ্ৰ দেশৰ শিক্ষাৰ্থীসকলৰ সৈতে অনলাইন বাৰ্তালাপ কৰে। তেওঁ বুধবাৰে 'পৰীক্ষাৰ ওপৰত আলোচনা' কাৰ্যসূচীৰ সময়ত কয় যে পৰীক্ষাটো শিক্ষাৰ্থী সকলৰ জীৱনৰ অন্তিম মহলা নহয় । গতিকে পৰিয়াল বা শিক্ষক সকলে শিশু সকলৰ ওপৰত কোনো চাপ দিব নালাগে। চাপৰ ফলত পৰীক্ষাত উন্নত প্ৰদৰ্শনৰ পৰিৱৰ্তে শিশুৰ ওপৰত ওলোটা প্ৰভাৱ পৰে।

৫. আইপিএলত কোন হ'ব চেম্পিয়ন : ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভনৰ ভবিষ্যতবাণী…

আইপিএল আৰম্ভ হোৱাৰ আগত ভবিষ্যতবাণী কৰিছে ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভনে । এই চিজনত মুম্বাই ইণ্ডিয়ানছে খিতাপ দখল কৰিব বুলি টুইট যোগে ভবিষ্যত বানী সদৰি কৰে ভনে । এই ভবিষ্যতবানীকলৈ বিভিন্ন জনে মন্তব্য কৰিছে আৰু সামাজিক মাধ্যমত এই বিষটোৱে চৰ্চা লাভ কৰিছে । ইফালে ৯ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব এই বৰ্ষৰ আইপিএল ।

৬. নিৰ্বাচন আয়োগক ৪৮ ঘন্টাৰ ভিতৰত মমতাই দিব লাগিব উত্তৰ…

বুধবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ নিৰ্বাচন আয়োগে এক জাননী প্ৰেৰণ কৰে ।পশ্চিম বংগৰ মুছলমান ভোটাৰকলৈ কৰা এক মন্তব্যকলৈ আয়োগে জাৰি কৰিছে জাননী । ৪৮ ঘন্টাৰ ভিতৰত নিৰ্বাচন আয়োগক এই সন্দৰ্ভত উত্তৰ দিব লাগিব মমতাই । মমতা বেনাৰ্জীয়ে মুছলমান ভোটাৰ সকলক তেওঁলোকৰ ভোট বিভিন্ন ৰাজনৈতিক দলৰ মাজত বিভক্ত নহ'বলৈ দিবলৈ আহ্বান জনাইছিল ।সাম্প্ৰদায়িক ভিত্তিত তৃণমূল কংগ্ৰেছৰ বাবে ভোট বিচাৰাৰ অভিযোগ মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে ।

৭. কোভিড ভেকচিন নাই,মহাৰাষ্ট্ৰৰ পানভেলৰত বন্ধ টিকাকৰণ কেন্দ্ৰ…

কোভিড ভেকছিন উপলব্ধ নোহোৱাৰ বাবে মহাৰাষ্ট্ৰৰ পানভেলৰ সকলো চৰকাৰী আৰু ব্যক্তিগত টিকাকৰণ কেন্দ্ৰত টিকাকৰণ অভিযান অস্থায়ীভাৱে বন্ধ কৰা হৈছে । ভেকছিনবোৰ মজুত হোৱাৰ পিছত পিছত কেন্দ্ৰবোৰ পুনৰ খোলা হ'ব বুলি পানভেল পৌৰ নিগমে জানিব দিয়ে ।

৮ কলিকতাৰ নিৰ্বাচন আয়োগৰ সন্মুখত বিজেপিৰ প্ৰতিবাদ…

কলকাতাৰ নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ সন্মুখত বিজেপিৰ প্ৰতিবাদ । বিজেপি নেতা সৌমিত্ৰ খান আৰু দলৰ কৰ্মীসকলে প্ৰতিবাদ বুধবাৰে সাব্যস্ত কৰে প্ৰতিবাদ । চিটালকুচীত পশ্চিমবংগ ৰাজ্যিক বিজেপিৰ মুৰব্বী দিলীপ ঘোষৰ কনভয়ৰ ওপৰত হোৱা আক্ৰমণৰ তদন্ত বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে বিজেপি কৰ্মী সকলে ।

৯. কোভিডৰ সংক্ৰমন বৃদ্ধি,চিবিএছচি বোৰ্ড পৰীক্ষা বাতিলৰ দাবী শিক্ষাৰ্থীৰ…

দেশত বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমন । কোৰোনাৰ সংক্ৰমন বৃদ্ধিৰ বাবে টুইটাৰত চিবিএছচি বোৰ্ড পৰীক্ষা বাতিলৰ দাবী জনাইছে শিক্ষাৰ্থীয়ে ।টুইটাৰত #cancelboardexams2021, #CancelourCBSEboardexams2021 আৰু #CancelBoards2021 লিখি পৰীক্ষা বাতিলৰ দাবী শিক্ষাৰ্থীৰ ।ইফালে ৪ মেৰ পৰা অনুষ্ঠিত হ'ব চিবিএছচি পৰীক্ষা ।শিক্ষাৰ্থী সকলে অনলাইন ভাবে পৰীক্ষা অনুষ্ঠিত কৰাৰো পষোকতা কৰে ।বৰ্তমানলৈ এই সন্দৰ্ভত বোৰ্ডে বৰ্তমানলৈ কোনো সিদ্ধান্ত গ্ৰহন কৰা নাই ।

১০. ভোটাৰ তালিকাত নাম নাই ভি কে শশীকলাৰ…

৬ এপ্ৰিলত দেশৰ ৫ ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হৈ যায়। তামিলনাডু বিধান সভা নিৰ্বাচনত ভোট নিবলৈ সুযোগ নাপালে তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত জয়াললিতাৰ ঘনিষ্ঠ সহযোগী ভি কে শশীকলাই। ইয়াৰ কাৰণ হ'ল- শশীকলাৰ ভোটাৰ তালিকাত নাম নাই।বৰ্তমান বাংগালোৰৰ পৰাগানা আগ্ৰহাৰা কাৰগাৰত বন্দী হৈ আছে শশীকলা। শশীকলাৰ অধিবক্তাই জনোৱা অনুসৰি. নিৰ্বাচনী বিধি সংশোধন হোৱাৰ বাবে ২০১৯ চনৰ জানুৱাৰী মাহতেই শশীকলাৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in