পুৱাৰ খবৰ

পুৱাৰ খবৰ

১. বিগত ২৪ ঘণ্টাতৰাজ্যত নতুনকৈ কোভিডত আক্ৰান্ত হ'ল ১৯২ জন লোক। এই সময়ছোৱাত মুঠ ৩৮, ৮৯২ গৰাকী ব্যক্তিৰ দেহত কৰা হৈছিল কোভিড পৰীক্ষা। সেই অনুসৰি কোভিড পজিটিভিতিৰ হাৰ ৪৯ শতাংশ।

২. যোৱা ২৪ ঘণ্টাত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৮৬ গৰাকী, গোৱালপাৰাত ১৫ গৰাকী, কামৰূপ গ্ৰাম্য জিলাত ১৩ গৰাকী, শিৱসাগৰত ১০ গৰাকী ব্যক্তিৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰিছে।

৩. আনহাতে লখিমপুৰ জিলাত ২ জন, কামৰূপ মহানগৰ, শিৱসাগৰ আৰু শোণিতপুৰত ১ জনকৈ লোক কোভিডত আক্ৰান্ত হৈ মৃত্যু হয়।

৪. আগন্তুক ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত মুকলি কৰা হব জি এম চি এইছৰ নতুন চুপাৰ স্পেচিয়েলিটি চিকিৎসালয়খন। এই নতুন চুপাৰ চিকিৎসালয়খন কাৰ্যক্ষম হোৱাৰ পিছত কাৰ্ডিঅ'লজী, নিউৰোলজী, কাৰ্ডিয়াক চাৰ্জাৰী আৰু নিউৰো চাৰ্জাৰী বিভাগ সম্পূৰ্ণৰূপে জিএমচিএইচৰ পৰা নতুন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হ'ব। 

৫.  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিত্তীয় কেলংকাৰীৰ অভিযোগত নিলম্বিত হোৱা উপাচাৰ্য ৰঞ্জিত তামুলীক বৰ্খাস্ত কৰা হ'ল। উপাচাৰ্য ৰঞ্জিত তামুলীৰ অভিযোগৰ তদন্ত কৰিবলৈ ৰাজ্যপালে গঠন কৰি দিছিল তদন্ত কমিটী। এই তদন্ত কমিটীৰ প্ৰতিবেদনৰ ভিত্তিতেই উপাচাৰ্য ৰঞ্জিত তামুলীক বৰ্খাস্ত কৰা হৈছে।

৬. মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ সৈতে হোৱা আলোচনাত দিয়া উন্নয়নৰ আশ্বাসৰ দৰে আন বিধায়কসকলৰ সৈতেও আলোচনা কৰি প্ৰতিটো সমষ্টি উন্নয়ন কৰাৰ আশ্বাস প্ৰদান কৰক আৰু বিৰোধী দলৰ বিধায়কৰ মাজত বিভাজন অনাৰ নতুন কৌশল প্ৰয়োগ নকৰাকৈ ৰাজধর্ম পালন কৰক। এই আহ্বান জনাইছে অসম প্ৰদেশ কংগ্ৰেছে।

৭. ক্ৰমান্বয়ে যেন অপৰাধনগৰীলৈ পৰিগণিত হৈছে গুৱাহাটী মহানগৰী।সোমবাৰে পুনৰ গুৱাহাটী মহানগৰীত উদ্ধাৰ হ'ল এগৰাকী যুৱকৰ মৃতদেহ। মহানগৰীৰ লখিমী নগৰৰ চিন্ময় পথত উদ্ধাৰ কৰা হোৱা মৃতদেহটো মিলন চেত্ৰী নামৰ এজন যুৱকৰ বুলি চিনাক্ত কৰা হৈছে।

৮. মধ্যপ্ৰদেশৰ এগৰাকী স্কুল অপাৰেটৰে নিৰ্মাণ কৰি উলিয়ালে তাজমহলৰ দৰেই এটা ঘৰ।আনন্দ প্ৰকাশ চোকছে নামৰ স্কুল অপাৰেটৰগৰাকীয়ে তেওঁৰ ঘৰটো তাজমহলৰ দৰে নিৰ্মাণ কৰিছে। ৩ বছৰ সময়লৈ নিৰ্মাণ কৰা এই তাজমহলৰ দৰে ঘৰটো তেওঁ নিজ পত্নী মঞ্জুছা চোকছেক উপহাৰ হিচাপে আগবঢ়াইছে। 

৯. অহা ২৪ নৱেম্বৰ অৰ্থাৎ বুধবাৰে অসম জাতীয় বিদ্যালয়ত ব্যতিক্রমী ধৰণেৰে 'লাচিত দিৱস' উদযাপন কৰিবলৈ লোৱা হৈছে। অসমীয়া জাতিৰ কর্মোদ্যম আৰু বীৰত্বৰ প্রতীকস্বৰূপ আহোম সেনাপতি লাচিত বৰফুকনৰ কৰ্ম আৰু আদৰ্শৰ সৈতে শিক্ষার্থী সকলক পৰিচিত কৰোৱাৰ উদ্দেশ্যে সম্পূর্ণ কোভিড বিধিৰে এই দিৱস অনুষ্ঠিত কৰা হ'ব।

১০. কামৰূপ মহানগৰ জিলাত কোভিড সংক্ৰমণ বৃদ্ধি হৈ থকা স্পৰ্শকাতৰ এলেকা সমূহ ইতিমধ্যে চিনাক্ত কৰা হৈছে। ৰাজধানী মণ্ডল (capital zone) আৰু পূৱ মণ্ডলত (East zone) বিশেষকৈ এতিয়াও কোভিডৰ সংক্ৰমণ হ্ৰাস নোহোৱাৰ বাবে পুণৰ কোভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাৰ নিৰ্দেশ দিয়ে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝায়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in