পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. ইতিহাসত আজিৰ দিনটো

১৮৮৩ – সোণৰ পদক লাভেৰে পদাৰ্থবিদ তথা ৰসায়নবিদ মেডাম কুৰীয়ে স্কুলীয়া জীৱন শেষ কৰিছিল। ১৮৯৭ – ৮.১ ৰিখটাৰ স্কেল প্ৰাৱল্যৰ প্ৰচণ্ড ভূমিকম্পৰ সৃষ্টি হয়। এই ভূমিকম্পৰ ফলত অসমত প্ৰায় ১৫০০জন লোকৰ মৃত্যু হৈছিল। ১৮৯৮ – ফিলিপাইন স্বাধীন হৈছিল। ১৯৬১ – মহাকাশলৈ যোৱা প্ৰথম মানৱ য়ুৰি গেগেৰিন-এ পোলেণ্ডৰ পৰা ''Cross of Grunewald, 1st class'' সন্মান লাভ কৰিছিল।

২. অতি শীঘ্ৰেই বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী অসম চৰকাৰৰ মন্ত্ৰী সভাত অন্তৰ্ভুক্ত হ'ব

অতি শীঘ্ৰেই বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী অসম চৰকাৰৰ মন্ত্ৰী সভাত অন্তৰ্ভুক্ত হ'ব। শীঘ্ৰেই বিটিচিত ৮ খনকৈ পৌৰ সভা গঠন হ'ব। অনুষ্ঠিত হ'ব ভি চি ডি চিৰ নিৰ্বাচন। মাজবাটত খাদ্য সামগ্ৰী বিতৰন কৰি এই মন্তব্য সাংসদ দিলীপ শইকীয়াৰ।

৩. কোভিডক পৰাস্ত কৰিলে নীলপৱন বৰুৱাই…

কোভিড যুদ্ধত জয়ী হৈ ঘৰলৈ উভতিল যশস্বী চিত্ৰশিল্পী নীলপৱন বৰুৱা। হাস্পতালত থকাৰ সময়ছোৱা বিচনাত বহি ছবি আঁকি কটাই দিলে সকলোৰে প্ৰিয় শিল্পী, ঋষিতুল্য নীলপৱন বৰুৱাই। ইফালে কংগ্ৰেছ নেতা ৰিপুণ বৰাও সুস্থ হৈ উভতিল ঘৰলৈ।

৪. লামডিং-লংকা সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ভূমিস্খলন

লামডিং-লংকা সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি ভয়ংকৰ ভূমিস্খলন হয় ৷ চাৰিলেনযুক্ত পথটোৰ এছ ট্ৰানিঙৰ এটা ফালে পাহৰৰ মাটি খহি পৰে ৷ উল্লেখ্য যে কালি নিশাৰ পৰা লামডিঙত নেৰানেপেৰা বৰষুণ দি থকাৰ ফলতে আজি এই ভূমিস্খলন হয় ৷

৫. মায়ঙৰ ঝাৰগাঁও মহকুমা স্বাস্থ্য কেন্দ্ৰ আকস্মিক পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ…

শুকুৰবাৰে বিয়লিৰ ভাগত মৰিগাঁও জিলাৰ জাগীৰোড বিধান সভা সমষ্টিৰ অন্তৰ্গত ঝাৰগাঁও মহকুমা স্বাস্থ্য কেন্দ্ৰত আকস্মিক ভাবে উপস্থিত হৈ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই স্বাস্থ্য কেন্দ্ৰ খন পৰিদৰ্শন কৰে।স্বাস্থ্য বিভাগৰ উপ সচিব গৰাকীক লগত লৈ কেশৱ মহন্তই পৰিদৰ্শন কৰা কালত ঝাৰগাঁও মহকুমা স্বাস্থ্য বিষয়া ডাক্তৰ পবন চন্দ্ৰ পাটৰে বিভিন্ন আন্তঃগাঁথনিৰ সমস্যাৰ কথা অৱগত কৰে।

৬.ৰ'বটৰ জৰিয়তে লাইভ অস্ত্ৰোপচাৰ সফলতাৰে কৰি সমগ্ৰ বিশ্বতে চৰ্চিত অসমৰ বিশেষজ্ঞ চিকিৎসক, অধ্যাপক সুভাষ খান্না…

দেশৰ চিকিৎসাৰ ক্ষেত্ৰখনত ডাঃ সুভাষ খান্না এটা চিনাকি নাম। নিত্য-নতুন তথ্য-প্ৰযুক্তিৰ সংযোজনেৰে চিকিৎসাৰ ক্ষেত্ৰখনক সমৃদ্ধ কৰা এই বিশিষ্ট চিকিৎসকগৰাকী পুনৰ চৰ্চালৈ আহিছে। ৰ'বটৰ জৰিয়তে লাইভ অস্ত্ৰোপচাৰ সফলতাৰে কৰি সমগ্ৰ বিশ্বতে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে বিশেষজ্ঞ চিকিৎসক, অধ্যাপক সুভাষ খান্নাই।

৭. ঘিলামৰাৰ কঢ়া নদীৰ বুকুত সন্ধানহীন কিশোৰৰ মৃতদেহ উদ্ধাৰ…

ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত জালভাৰী গাঁওৰ দুই সন্ধানহীন কিশোৰৰ এজন জ্যোতিষ কুমাৰ গগৈৰ মৃতদেহ অৱশেষত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ঢকুৱাখনাৰ এছ ডি আৰ এফ বাহিনী। বৃহস্পতি বাৰে পুৱা প্ৰায় ১০-৩০ বজাত জালভাৰী গাঁওৰ সমীপৰ পুঠীখাটিৰ কঢ়া নদীৰ পাৰত আহাৰ খাই গা ধুবলৈ বুলি নদীত নামি দুটা দিনে সন্ধানহীন হৈ থকা দুই কিশোৰৰ ভিতৰত জ্যোতিষ কুমাৰ গগৈ(১৯)ৰ মৃতদেহ কঢ়া নদীৰ ঢাপলিয়াল গাঁওৰ ওচৰত এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

৮. ছাত্ৰ-ছাত্ৰীক স্থায়ী বাসিন্দা প্ৰমাণ পত্ৰ প্ৰদানৰ দাবীত ধনশিৰি আছুৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ…

 গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তবৰ্তী চুঙাজন, নাওজান, উৰিয়ামঘাট ,গেলাবিলৰ লগতে মহকুমাটোৰ টেঙানি আদি অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলক স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে ধনশিৰি মহকুমা ছাত্ৰ সন্থাই গোলাঘাট জিলাৰ উপায়ুক্তৰ জৰিয়তে শুকুৰবাৰে মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। উল্লেখ্য যে, ধনশিৰি মহকুমাৰ সীমান্ত বাসীৰ ভূমিৰ ম্যাদী পট্টা নথকাৰ বাবে উক্ত পৰিয়ালৰ ছাত্ৰ ছাত্ৰী সকল স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰৰ পৰা বঞ্চিত হৈ আছে ।

৯. আমেৰিকাত স্বীকৃতি লাভ কৰাত ব্যৰ্থ হ'ল Covaxin

আমেৰিকাত স্বীকৃতি লাভ কৰাত ব্যৰ্থ হ'ল Covaxin। Bharat Biotechৰ ভেকচিনক স্বীকৃতি নিদিলে আমেৰিকাৰ FDAই।

১০. নিশা প্ৰেমিকাক লগ কৰিবলৈ আহি হত্যাৰ বলি যুৱক

নিশা প্ৰেমিকাক লগ কৰিবলৈ আহি হত্যাৰ বলি যুৱক। প্ৰেমিকক মৰিয়াই মৰিয়াই হত্যাৰ অভিযোগ প্ৰেমিকাৰ পৰিয়ালৰ বিৰুদ্ধে। ডবকাৰ ভেলেউগুৰিত সংঘটিত হৈছে এই ঘটনা। যুৱকজনক প্ৰহাৰ কৰি নলাত পেলাই দিছিল প্ৰেমিকাৰ পৰিয়ালে। 

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in