পুৱাৰ ১০টা গুৰুত্বপূৰ্ণ খবৰ

পুৱাৰ ১০টা গুৰুত্বপূৰ্ণ খবৰ

১. গুৱাহাটীত দেওবাৰে ডিজেলৰ মূল্য ৬৮.৫৩ টকা। পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৭৪.৭৪ টকা।

২. দেওবাৰে কামৰূপ মহানগৰ জিলাত তাপমাত্ৰা ২৪ ডিগ্ৰী ছেলচিয়াছ। ৬ কিলোমিটাৰ প্ৰতিঘন্টা গতিত বতাহ বলাৰ লগতে ৬২ শতাংশ আদ্ৰতা থকাৰ সম্ভাৱনা প্ৰকাশ বতৰ বিজ্ঞান কেন্দ্ৰৰ।

৩. হিমাচল প্ৰদেশত বিধ্বংসী অগ্নিকাণ্ড। জুইত সম্পূৰ্ণৰূপে জাহ গ'ল এটা ঘৰ।

৪. 'এগজিট প'ল এগজেক্ট প'ল নহয়'। দিল্লী বিধানসভা নিৰ্বাচনক লৈ বিজেপি নেত্ৰী মীনাক্ষী লেখীয়ে কৰিছে এই মন্তব্য।

৫. অনিৰ্দিষ্টকাললৈ বন্ধ সোণাৰিৰ শিঙৰাজান চাহ বাগিচা। প্ৰায় এবছৰে কৰ্মচাৰীৰ দৰমহা, ৰেচন ইত্যাদি নিদিয়াৰ অভিযোগ।

৬. দেওবাৰে অনুষ্ঠিত হ'ব ১৯ অনুৰ্ধৰ বিশ্ব কাপৰ চূড়ান্ত খেল। ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত হ'হলগীয়া খেলখনত পঞ্চমবাৰৰ বাবে বিশ্বকাপ আজুৰিবলৈ চেষ্টা চলাব ভাৰতে।

৭. চীনত কোৰোনা ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যা ৮১১জনলৈ বৃদ্ধি। আক্ৰান্ত ৩৭,১৯৮ গৰাকী লোক।

৮. নলবাৰীৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণ। ভাঙি চূৰমাৰ কৰে কাৰ্যালয়টোৰ চকী-মেজ।

৯. সোমবাৰৰ পৰা ৰাজ্যৰ ৮৬০টা পৰীক্ষা কেন্দ্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা। ৰাজ্যৰ ৩ লাখ ৫৮ হাজাৰ ৪৫৩ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব পৰীক্ষাত। ইয়াৰে ১,৬৭,৮৫০ গৰাকী ছাত্ৰ আৰু ১,৯০,৬০৩ গৰাকী ছাত্ৰী।

১০. গুজৰাটৰ আহমেদাবাদত এটা কাপোৰৰ কাৰখানাত শনিবাৰে নিশা সংঘটিত অগ্নিকাণ্ডত চাৰিজন লোকৰ মত্যু। এতিয়ালৈকে অগ্নিকাণ্ডৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in