পুৱাৰ ১০টা গুৰু্ত্বপূৰ্ণ খবৰ

পুৱাৰ ১০টা গুৰু্ত্বপূৰ্ণ খবৰ

১. সোমবাৰে কামৰূপ মহানগৰ জিলাত তাপমাত্ৰা ২৩ ডিগ্ৰী ছেলচিয়াছ। ১১ কিলোমিটাৰ প্ৰতিঘন্টা গতিত বতাহ বলাৰ লগতে ৫৮ শতাংশ আদ্ৰতা থকাৰ সম্ভাৱনা প্ৰকাশ বতৰ বিজ্ঞান কেন্দ্ৰৰ।

২. গুৱাহাটীত বুধবাৰে পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৭৫.৩৬ টকা। বুধবাৰে ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৬৯.২৪ টকা।

৩. বুধবাৰৰ পৰা আৰম্ভ হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশন। পুৱাৰে পৰা অধিৱেশনৰ বাবে উদুলি মুদুলি দিহিঙীয়া মহুৰা পথাৰ, বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰত।

৪. নৰনাৰায়ণ সেতুত মঙলবাৰে নিশা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা৷ বাইক আৰোহীয়ে খুন্দা মাৰিলে ডিভাইডাৰত৷ থিতাতে নিহত বাইক আৰোহী ডা° অৰিন্দম প্ৰকাশ মণ্ডল৷

৫. দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ পানীখাইটীত হস্ত নিৰ্মিত বোমাসদৃশ চাৰিটা সামগ্ৰী উদ্ধাৰ। আৰক্ষীয়ে উদ্ধাৰ কৰিছে চাৰিওটা সামগ্ৰী।

৬. মঙলবাৰে নিশা পশ্চিম বংগৰ বুৰদ্বানত অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে তৃণমূল কংগ্ৰেছৰ এজন কৰ্মীক। বুৰদ্বানৰ বাসগৃহলৈ নিশা গৈ থকা অৱস্থাত তৃণমূল কৰ্মী ৰাথিন বিশ্বাসক হত্যা।

৭. বুধবাৰে দিল্লীত নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে। দিল্লীৰ কন্দলি আৰু হজ কাজীত দুখনকৈ জনসভা সম্বোধন কৰিব ৰাহুল আৰু প্ৰিয়ংকাই।

৮. পশ্চিমবংগত বিধ্বংসী অগ্নিকাণ্ড। ৰবিন্দ্ৰ নগৰত জুইত জাহ গ'ল কেবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান।

৯. ভাৰত-নিউজিলেণ্ডৰ মাজত প্ৰথমখন এদিনীয়াত নিউজিলেণ্ডৰ সন্মুখত ৩৪৮ ৰানৰ লক্ষ্য। প্ৰথমে বেটিং কৰি ভাৰতে সংগ্ৰহ কৰে ৪ উইকেটৰ বিনিময়ত ৩৪৭ ৰান।

১০. বাক্সাৰ তামুলপুৰত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ'ল কেইবা লাখ টকাৰ সা-সম্পত্তি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in