পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. বৃহস্পতিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধ- দিছপুৰৰ চৰকাৰী আৱাসত আয়োজন আদ্যশ্ৰাদ্ধৰ- বিভিন্ন ধৰ্মীয় অনুষ্ঠানেৰে আদ্য শ্ৰাদ্ধৰ আয়োজন পৰিয়ালৰ- সচিবালয়ৰ সমীপত ৰাইজৰ বাবে থাকিব শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা- গুণমুগ্ধই এই স্থানতে প্ৰাক্তন মুখ্যমন্ত্ৰীলৈ জনাব পাৰিব শ্ৰদ্ধাঞ্জলি

২. আগন্তুক বিধানসভা নিৰ্বাচনত অশ্বমেধৰ ঘোঁৰাৰ দৰে দৌৰিব অসম গণ পৰিষদ। এই মন্তব্য দলটোৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ। খুমটাই সমষ্টিৰ কেইবাখনো আঞ্চলিক সমিতিয়ে পদত্যগ কৰাৰ পিছত সমষ্টিটোত উপস্থিত হৈ দলীয় কৰ্মী সকলৰ মনোবল বৃদ্ধিৰ চেষ্টা চলাই অতুল বৰাই।

৩. কাছাৰৰ কাটিগড়াত পথ দুৰ্ঘটনাক লৈ ভয়ংকৰ পৰিস্থিতি। শ শ লোকে অৱৰোধ কৰিলে ৬নং ৰাষ্ট্ৰীয় ঘাইপথ। দুৰ্ঘটনাত নবীন চন্দ্ৰ কলেজৰ ৫ ছাত্ৰৰ শোকাৱহ মৃত্য।কেউজন ছাত্ৰ নবীন চন্দ্ৰ কলেজৰ স্নাতক প্ৰথম বৰ্ষৰ। ৬নং ৰাষ্ট্ৰীয় পথত এল্ট'-ট্ৰাকৰ মুখামুখি সংঘৰ্ষ- ঘটনাস্থলীত উপস্থিত বিধায়ক অমৰ চান্দ জৈনক থেলা-হেঁচা।

৪. ৭ ডিচেম্বৰত অনুষ্ঠিত হ'ব BTC নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ। ওদালগুৰি আৰু বাক্সা জিলাৰ ১৭৩৯ কেন্দ্ৰত ১৩০গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ১৩ লাখ ভোটাৰে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতে দুটাকৈ সমষ্টিত ভাগ্য নিৰ্ণয় হ'ব UPPLৰ সভাপতি প্ৰমোদ বড়োৰ।

৫. নাহৰকটীয়াৰ জয়পুৰ ফালটোতোলাত এই অগ্মিকাণ্ড।অইল ইণ্ডিয়াৰ গাফিলতিত সংঘটিত এই অগ্নিকাণ্ড।ধাননি পথাৰৰ নিচেই কাষতে আছে তেল পৰিবাহী পাইপ লাইন- জয়পুৰ OCSৰ পৰা দুলিয়াজনলৈ আছে পাইপ লাইন। কিছুদিন পূৰ্বে পাইপৰ পৰা তেল বিয়পি পৰিছিল পথাৰখনত।

৬. ১৬, ১৭ ডিচেম্বৰত অসম জাতীয় পৰিষদৰ অভিৱৰ্তন। ঐতিহাসিক শিৱসাগৰত হ'ব এই অধিৱেশন। ৰংঘৰৰ বাকৰিৰ পৰা উলিয়াব শোভাযাত্ৰা। অভিৱৰ্তনতে নিৰ্বাচিত হ'ব দলটোৰ নেতৃত্ব।

৭. অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ হৈছে।১৪ জুনৰ বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু আৰু ড্ৰাগছ সম্পৰ্কীয় গোচৰত গ্ৰেপ্তাৰ হৈছিল চৌভিক।বুধবাৰে বিশেষ এনডিপিএচৰ ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰিছে।

৮. দেশৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি বৰিছ জনছন। ফোনযোগে ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীক আমন্ত্ৰণ জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এক সূত্ৰই প্ৰকাশ কৰিছে এই কথা। এই সম্বন্ধে অৱশ্যে ইতিবাচক সঁহাৰি দিছে বৰিছ জনছনে

৯.কাছাৰত সংঘটিত পথ দুৰ্ঘটনাত শোক প্ৰকাশ মুখ্যমন্ত্ৰীৰ।বুধবাৰে দুৰ্ঘটনাত নিহত হৈছিল ৫জনকৈ ছাত্ৰ। নিহত ছাত্ৰ কেইজন নবীন চন্দ্ৰ কলেজত অধ্যয়নৰত আছিল।

১০. বিৰাট কোহলীয়ে ভংগ কৰিলে শচীন তেণ্ডুলকাৰৰ অভিলেখ। এদিনীয়া আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত দ্ৰুতগতিত ১২০০০ ৰাণৰ অভিলেখ কোহলীৰ। কেৰিয়াৰৰ ২৪২টা ইংনিছত কোহলীয়ে গঢ়িলে এই অভিলেখ। শচীন তেণ্ডুলকাৰে ৩০০ টা ইংনিছতহে সম্পূর্ণ কৰিছিল ১২০০০ ৰাণ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in