পুৱাৰ ১০ খবৰ…

পুৱাৰ ১০ খবৰ…

১. অসমতো কোৰোনা ভাইৰাছত এজন আক্ৰান্তৰ সন্দেহ। কেৰালাৰ পৰা অহা মৰিগাঁৱৰ যুৱকৰ শৰীৰত কৰণা ভাইৰাছৰ সন্দেহ।

২. দেওবাৰে কামৰূপ মহানগৰ জিলাত তাপমাত্ৰা ২২ ডিগ্ৰী ছেলচিয়াছ। ১১ কিলোমিটাৰ প্ৰতিঘন্টা গতিত বতাহ বলাৰ লগতে ৫৫ শতাংশ আদ্ৰতাৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰৰ।

৩. ক'ৰোনা ভাইৰাছত আক্ৰান্ত দেশৰ দ্বিতীয়জন লোক ৷ পুনৰ কেৰেলাত ধৰা পৰিল ক'ৰোনা ভাইৰাছত আক্ৰান্ত ব্যক্তি।

৪. অসমত অসমীয়া ভাষা প্ৰধান ভাষা হ'বই লাগিব। মাতৃভাষা আমাৰ জন্মস্বত্ব। শুৱালকুছিত এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীৰ।

৫. 'ফিল্মফেয়াৰলৈ যদি মোক মাতে মই যাম। ফিল্মফেয়াৰৰ নিচিনা অনুষ্ঠান হ'ব লাগে, সেইটো মই বন্ধ কৰিবলৈ কোৱা নাইঃ জুবিন গাৰ্গ।

৬. শনিবাৰে নিশা দুলীয়াজানৰ টেঙাখাটেদি বৈ যোৱা বুঢ়ীদিহিং নৈত ভয়ংকৰ অগ্নিকাণ্ড। উল্লেখযোগ্য যে বিগত তিনিদিন ধৰি দুলীয়াজানৰ ১৬নং তিনিআলিৰ সমীপৰ অইলৰ পাইপলাইনৰ পৰা নিৰ্গত হোৱা খাৰুৱা তেল চহৰখনৰ পানী নিষ্কাশণৰ মুখ্য নলাইদি বুঢ়ীদিহিং নদীত পৰি ভয়াৱহ প্ৰদূষণৰ সৃষ্টি হৈছিল।

৭. মাজত মাথোঁ দুদিন। ৫ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হব শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিবেশন।

৮. নিৰ্ভয়া কাণ্ডৰ চাৰি অভিযুক্তৰ ফাঁচিৰ নতুন তাৰিখক লৈ আজি দিল্লী উচ্চ ন্যায়ালয়ত পুনৰ শুনানি ৷

৯. ৰাইজৰ ধন শৰাধ কৰি ফিল্মফেয়াৰ এৱাৰ্ড পাতিছে। এই মন্তব্য আছুৰ সম্পাদক লুৰণজ্যোতি গগৈৰ।

১০. আজি ভাৰত-নিউজিলেণ্ডৰ পঞ্চম তথা শেষৰখন টি-২০ মেচ। ভাৰতীয় সময়নুসৰি ১২.৩০ বজাৰ পৰা আৰম্ভ হব মেচ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in