পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. ইতিহাসত ২৮ নৱেম্বৰ…

আজি ২৮ নৱ্ম্বেৰ। বছৰটো শেষ হ'বলৈ এই দিনৰ পৰা মুঠ ৩৩টা দিন বাকী আছে। ১৮৬৭ চনৰ আজিৰ দিনটোত অসমীয়া সাহিত্য জগতত ৰোমাণ্টিকতাবাদৰ সূচনা কৰা সাহিত্যিক "প্ৰতিমাৰ খনিকৰ" চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হৈছিল।

২. ভেকচিনলৈ আৰু কিমান বাকীঃ আজি খবৰ লব প্ৰধানমন্ত্ৰীয়ে…

অচিৰেই দেশৰ বজাৰত উপলদ্ধ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কোৰোনা ভেকচিনৰ। ইতিমধ্যে কেইবাটাও গৱেষণা প্ৰতিষ্ঠানত শেষৰ পৰ্যায়ৰ ট্ৰায়েল চলি আছে। এনে সময়তে শনিবাৰে পুণেৰ শ্ৰীৰাম ইনষ্টিটিউটত উপস্থিত হৈ কোৰোনা ভেকচিনৰ অগ্ৰগতিৰ সন্দৰ্ভত বজ লব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

৩. মণিপুৰত বলবৎ নৈশ সান্ধ্য আইন…

শেহতীয়াকৈ দেশত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে। কোৰোনাৰ সংহাৰৰ বাবে মণিপুৰত বলবৎ কৰা হৈছে নৈশ সান্ধ্য আইন। সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৪ বজালৈ এই সান্ধ্য আইন। অত্যাৱশ্যকীয় সেৱা, খাদ্য-সামগ্ৰী ভৰ্তি ট্ৰাক আৰু অফিচিয়েল ডিউটী থকাসকলে পাব ৰেহাই।

৪. স্বাধীনতা নিৰ্দিষ্ট কেইজনমান লোকৰ বাবে নহয়ঃ উচ্চতম ন্যায়ালয়

স্বাধীনতা নিৰ্দিষ্ট কেইজনমান লোকৰ বাবে নহয়। অৰ্ণৱ গোস্বামীৰ অন্তৱৰ্তীকালীন জামিনৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰি বোম্বে উচ্চ ন্যায়ালয়ক এনেদৰে পুনৰ সমালোচনা কৰে উচ্চতম ন্যায়ালয়ে। উল্লেখ্য যে, ৪ সপ্তাহলৈ বৃদ্ধি কৰা হৈছে গোস্বামীৰ অন্তৰ্ৱৰ্তীকালীন জামিনৰ ম্যাদ।

৫. ৰাজস্থানত সংঘটিত ভয়ংকৰ ঘটনা…

দিল্লীৰ পৰা জয়পুৰলৈ গৈ থকা এখন বাছ বিদ্যুতৰ উচ্চক্ষমতাপন্ন তাঁৰত লাগি অগ্নিকাণ্ড সংঘটিত হয়।ঘটনাটোত ৩জন লোক অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটে আৰু লগতে ৬জন লোক গুৰুতৰভাৱে আহত হয়। এই সমগ্ৰ বিষয়ৰ ওপৰত তদন্ত ঘোষণা কৰিছে প্ৰশাসনে।

৬. সমাগত তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন…

সমাগত তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। দিন চমু চপাৰ লগে লগে প্ৰতিটো দলেই ককালত টঙালি বান্ধিছে। উল্লেখ্য যে, ১৭ ডিচেম্বৰত তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। ইতিমধ্যে ৩৫টা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। ৩৬টা সমষ্টিৰ ৩৫টাত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে।

৭. ১০ হাজাৰ কোটি দিছিলো, হাগ্ৰামাই কত ৰাস্তা বনালে…

বি টি চিত ক্ৰমান্বয়ে গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ। বিজেপিয়ে যোৱা শুকুৰবাৰে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰাৰ পাছত তুংগত উঠিছে কথাৰ কটাকটি। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ হাগ্ৰামা মহিলাৰীক কটাক্ষ কৰি কয় যে, ৫বছৰত ১০হাজাৰ কোটি টকা দিছিলো, কত ৰাস্তা বনালে হাগ্ৰামা মহিলাৰীয়ে।

৮. কৃষকৰ বাবে অস্থায়ী জেল নহয় দিল্লীৰ ষ্টেডিয়ামত

প্ৰতিবাদী কৃষকসকলক বাধা দিবৰ বাবে ৯ খন ষ্টেডিয়ামত অস্থায়ী জেল সাজিবলৈ দিল্লী চৰকাৰৰ পৰা অনুমতি বিচাৰিছিল দিল্লী আৰক্ষীয়ে। দিল্লী আৰক্ষীৰ এই অনুৰোধ পোনচাতেই নসাৎ কৰে দিল্লী চৰকাৰে। দিল্লীৰ ষ্টেডিয়ামক অস্থায়ী জেললৈ পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত দিল্লী চৰকাৰে কয় যে দিল্লী আৰক্ষীয়ে এই সিদ্ধান্তৰ পৰিৱৰ্তন কৰক।

৯. মুকলি আকাশৰ তললৈ নাহে লালু…

মুকলি আকাশৰ তললৈ অহাৰ বাট স্তদ্ধ হল লালু প্ৰসাদ যাদৱৰ। পুনৰ লালু প্ৰসাদৰ আশাত চেঁচা পানী ঢালিলে ন্যায়ালয়ে। তেওঁৰ জামিনৰ বাবে দাখিল কৰা আবেদনৰ শুনানি শুকুৰবাৰে গ্ৰহণ কৰাৰ কথা আছিল যদিও ঝাৰখণ্ড ন্যায়ালয়ে ১১ ডিচেম্বৰলৈকে এই শুনানি স্থগিত ৰাখিছে।

১০. বিগত দুটা দিনত পাক সেনাৰ গুলীত প্ৰাণ গল ৪জনকৈ জোৱানৰ…

বিগ দুটা দিনত পাকিস্তানী সেনাই ধাৰাবাহিকভাৱে দুদিন যুদ্ধ বিৰতি উলংঘন কৰাৰ ফলত চাৰিজনকৈ ভাৰতীয় সেনাই প্ৰাণ হেৰুৱায়। যোৱা বৃহস্পতিবাৰে দুজন আৰু শুকুৰবাৰে দুজন সেনা পাক সেনাৰ গুলীত শ্বহীদ হয়। উল্লেখ্য যে, এই বিষয়টোক লৈ ভাৰতীয় সেনাৰ উচ্চ পৰ্যায়ৰ বিষয়াসকল বৈঠকত মিলিত হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in