পুৱাৰ ১০ খবৰ…

পুৱাৰ ১০ খবৰ…

১. চীনৰ ৱুহানৰ পৰা ১১২ গৰাকী ভাৰতীয় নাগৰিকক লৈ বৃহস্পতিবাৰে পুৱাই দিল্লী পালেহি বায়ুসেনাৰ বিশেষ বিমান।

২. ৰেপিড' চালকসকলৰ লগত মই আছো, যদি কিবা অসুবিধা আছে আকৌ আহিলেই হ'ল। এই মন্তব্য শিল্পী জুবিন গাৰ্গৰ।

৩. অগ্নিগৰ্ভা দিল্লী। বৃহস্পতিবাৰৰ পুৱাৰ লৈকে নিহত সংখ্যা ৩২ লৈ বৃদ্ধি।

৪. মেলবৰ্ণত ভাৰত-নিউজিলেণ্ডৰ মাজত মহিলা টি-২০ বিশ্বকাপৰ খেল। নিউজিলেণ্ডক ১৩৪ ৰানৰ লক্ষ্য বান্ধি দিছে টীম ইণ্ডিয়াই।

৫. দিল্লী হিংসাত্মক পৰিস্থিতিৰ মাজতে ৫ শীৰ্ষ আৰক্ষী বিষয়াক বদলি।

৬. দিল্লীৰ হিংসাত্মক ঘটনাক লৈ দক্ষিণৰ অভিনেতা ৰজনীকান্তৰ প্ৰতিক্ৰিয়া। ক'লে- এয়া গৃহ বিভাগৰ বিফলতা।

৭. দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ মুৰলীধৰৰ বদলিকৰণক লৈ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ প্ৰতিক্ৰিয়া। ক'লে- মাজনিশা বদলিকৰণ আশ্বৰ্যজনক।

৮. চলন্ত ৰেললৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ শিলগুটি নিক্ষেপঃ নিৰাপত্তাহীনতাত ৰেলযাত্ৰী। ওদালগুৰিৰ সমীপৱৰ্তী অঞ্চলত সঘনাই সংঘটিত ঘটনাত আহত বহু লোক।

৯. মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মিলঅ'কিত নিৰ্বিচাৰ গুলীচালনা, নিৰ্বিচাৰ গুলীচালনাত নিহত ৭জন, ঘটনাৰ পিছতে নিজকে গুলীয়াই আত্মহনন কৰে দুৰ্ৱৃত্তই

১০. অসম-অৰুণাচল সীমান্তত ড্ৰাগছৰ মেলা, ওৰে নিশা লখিমপুৰৰ বান্দৰদেৱাত আৰক্ষীৰ অভিযান, লাখ লাখ নিচাজাতীয় টেবলেট, বিভিন্ন ড্ৰাগছ জব্দ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in