পুৱাৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ

পুৱাৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ

১. গুৱাহাটীত সোমবাৰে ডিজেলৰ মূল্য ৬৯.৮১ টকা। পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৭৫.৯৪ টকা।

২. সোমবাৰে কামৰূপ মহানগৰ জিলাত তাপমাত্ৰা থাকিব ২২ ডিগ্ৰী ছেলচিয়াছ। ৮ কিলোমিটাৰ প্ৰতিঘন্টা গতিত বতাহ বলাৰ লগতে ৬৮ শতাংশ আদ্ৰতা থকাৰ সম্ভাৱনা প্ৰকাশ বতৰ বিজ্ঞান কেন্দ্ৰৰ।

৩. সোমবাৰে বকুলবনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাৰ মৃত্যতিথি। ১৯০৭ চনৰ ৩১ ডিচেম্বৰত জন্ম হোৱা কবিগৰাকীয়ে ১৯৮৩ চনৰ ২৭ জানুৱাৰীত ইহলীলা সম্বৰণ কৰে।

৪. সোমবাৰে স্বাক্ষৰিত হ'ব তৃতীয়খন বড়ো চুক্তি। বড়ো সমস্যাৰ স্থায়ী সমাধানৰ লক্ষ্যৰে স্বাক্ষৰ কৰা হ'ব চুক্তিখন।

৫. তৃতীয়খন বড়ো চুক্তি সুন্দৰভাৱে স্বাক্ষৰ হোৱাৰ কামনা। বিটিএডিৰ বিভিন্ন স্থানত উৰিল বগা পতাকা। সমূহীয়া প্ৰাৰ্থনাও কৰে অসংখ্য লোকে।

৬. সোমবাৰে দিনৰ ১১.৩০ বজাত বিতু সোণোৱাল আৰু ধৈৰ্য্য কোঁৱৰক NIA আদালতত হাজিৰ কৰা হ'ব। চানমাৰিৰ নিয়াৰ আদালতত হাজিৰ কৰোৱা হব দুয়োজনকে।

৭. অবড়ো লোকৰ সৈতে আলোচনা নকৰাকৈ তৃতীয়খন বড়ো চুক্তি স্বাক্ষৰ কৰাৰ বাবে চৰকাৰ আগবঢ়াৰ বিৰোধিতা। ২১ টা সংগঠনে আহ্বান কৰা কৰা বন্ধত অচল ৰাজ্যৰ বিভিন্ন অঞ্চল।

৮. তৃতীয়খন বড়ো চুক্তি স্বাক্ষৰ হোৱাৰ প্ৰাকক্ষণত পুৱাই ৰাজঘাটত শ্ৰদ্ধাঞ্জলি NDFB নেতৃত্বৰ। অমৰ জোৱান জ্যোতিত শ্ৰদ্ধাঞ্জলি আত্মসমৰ্পণকাৰী NDFB কেডাৰৰ।

৯. জনপ্ৰিয় বাস্কেটবল খেলুৱৈ কোবে ব্ৰায়েন্ট আৰু তেওঁৰ কন্যাসহ নিহত ৯জনকৈ লোক। যিখন হেলিকপ্টাৰেৰে তেওঁলোক গৈ আছিল সেইখন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত প্ৰাণ হেৰুৱাই এই লোক কেইজনে।

১০. মহানগৰীৰ পাঞ্জাবাৰীৰ বাঘৰবাৰী শিৱ মন্দিৰত চুৰি কাণ্ড। মন্দিৰৰ মূৰ্তিৰ আ-অলংকাৰৰ লগতে নগদ ধন নিয়ে চোৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in