পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. মঙলদৈ টিয়াঝাৰত মঙ্গলবাৰে আবেলি বাঘৰ এক সন্ত্ৰাস সংঘটিত হয়।বাঘৰ আক্ৰমণত গুৰুতৰ ভাবে আহত হয় তিনি জন লোক। ৰঞ্জিত দৈমাৰী নামৰ এজন গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হৈ মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি হব লগা হয়। পথাৰত কাম কৰি থকা অৱস্থাত বাঘে আক্ৰমণ কৰে লোক তিনি জনক। ইয়াৰে এজন লোকৰ আঘাত গুৰুত্বৰ।

২. এমাহৰ ভিতৰত দাখিল কৰিব লাগিব অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ অভিযোগনামা। জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অনিমেষৰ হত্যাকাণ্ডক দুৰ্ভাগ্যজনক আখ্যা মুখ্যমন্ত্ৰীৰ। ৰাজ্য চৰকাৰে ৫ লাখ টকা আগবঢ়াইছে পৰিয়ালটোলৈ।

৩. শিক্ষা বিভাগৰ ৭২৩ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান। শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত নিযুক্তি পত্ৰ বিতৰণ কৰিলে মুখ্যমন্ত্ৰীয়ে ।মহাবিদ্যালয়ৰ ১৩০ গৰাকী সহকাৰী অধ্যাপক, তৃতীয় শ্ৰেণী পদত ১৬ গৰাকীক নিযুক্তি।

৪. পুনৰ জামিন নাকচ বৰাকৰ বিতৰ্কিত নেতা প্ৰদীপ দত্তৰয়ৰ। শিলচৰ আদালতে নাকচ কৰে BDFৰ মুৰব্বী দত্তৰয়ৰ জামিন আবেদন।৬ ডিচেম্বৰৰ ভিতৰত আৰক্ষীক কেচ ডায়েৰী দিয়াৰ নিৰ্দেশ আদালতৰ। প্ৰদীপ দত্তৰয়ৰ হৈ আদালতত আবেদন কৰিছিল অধিবক্তাই।

৫. চামগুৰিৰ‌ প্ৰাক্তন বিধায়ক অতুল শৰ্মাৰ মৃত্যু ।গুৱাহাটীত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় প্ৰাক্তন বিধায়ক গৰাকীৰ । অসম গন‌ পৰিষদ দলৰ বিধায়ক আছিল অতুল শৰ্মা। উচ্চ ৰক্তচাপ জনিত কাৰণত কেইবাদিনো ধৰি চিকিৎসাধীন হৈ আছিল প্ৰবীণ নেতাজন। ১৯৯৬ৰ পৰা ২০০১লৈ চামগুৰিৰ এগৰাকী অগপ বিধায়ক হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল প্ৰয়াত অতুল শৰ্মায়ে।

৬. চৰাইদেউ জিলাৰ সোণাৰি ৰাজহুৱা খেলপথাৰত আয়োজিত এক অনুষ্ঠানত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ, সাংস্কৃতিক পৰিক্ৰমা, শক্তি, পৰ্যতন বিভাগৰ মন্ত্ৰী বিমল বৰা আৰু অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য এলেকা উন্নয়নৰ বিভাগৰ মন্ত্ৰী যোগেন মহনে চৰাইদেউ জিলাৰ মুঠ ৪,৪৭৪ গৰাকী হিতাধিকাৰীক ২৫ হাজাৰ টকাকৈ ধনৰাশিৰ চেক বিতৰণ কৰে।

৭. লক্ষীমপুৰ জিলাৰ যোগীবাৰী গাঁৱত আজি ক'ভিড ভেকচিন প্ৰদানক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'য় । অসমত গাঁৱে গাঁৱে প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ তৰফৰ পৰা প্ৰদান কৰা ক'ভিড ভেকচিন লক্ষীমপুৰ যোগীবাৰী গাঁৱত ঘৰে ঘৰে প্ৰদান কৰা হৈছিল ।যোগীবাৰী উপস্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মী সকলে পথাৰৰ পৰা খেৰ কাটি অহা উৎপল পেগু নামৰ এজন ব্যক্তিক পথতেই মটৰ চাইকেলৰ ওপৰতেই ভেকচিন প্ৰদান কৰে ।

৮. সত্ৰনগৰী বৰপেটা চহৰত কালি নিচেই পুৱাতে প্ৰবেশ কৰা বনৰীয়া হাতী দুটাই কালি নিশাৰ ভাগত চহৰখনৰ ওলাই যোৱা বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে হাতী দুটাই ব্ৰহ্মপুত্ৰৰ নদী পাৰ হৈ বৰপেটা জিলাৰ কাছুমাৰা থানাৰ অন্তৰ্গত কেতেকী চৰত কহুৱাৰ মাজত আশ্ৰয় গ্ৰহণ কৰি আছে ৷ ইপিনে , বনৰীয়া হাতী দুটাৰ আক্ৰমণত এজন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে।

৯. অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ হাতীচোং শাখাৰ অন্তৰ্গত হাতীচোং মহাবিদ্যালয় গোটটি আজি গঠন কৰা হয়। হাতীচোং শাখাৰ সম্পাদক সংকল্প বৰাই আঁত ধৰা সভাত উপস্থিত থাকে নগাঁও জিলাৰ সাংগঠনিক সম্পাদক তুষাৰ ভৌমিক ডাঙৰীয়া আৰু হাতীচোং শাখাৰ পূৰ্বৰ সম্পাদক মাধূৰ্য্য প্ৰতিম শইকীয়া।

১০. সদৌ অসম নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ যোগ্য চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাই আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডা০ ৰনোজ পেগুক সাক্ষাৎ কৰি ৩১ ডিচেম্বৰৰ পূৰ্বে পদ প্ৰাদেশিকীকৰণৰ অনুমোদন দিয়াৰ বাবে আবেদন জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in