পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. আজিৰে পৰা বাজি উঠিব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ৰণ দুন্দুভি…

আজিৰে পৰা বাজি উঠিব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ৰণ দুন্দুভি। কৰোনা মহামাৰীৰ বাধা নেওচি অৱশেষত ৬ মাহৰ অচলাৱস্থাৰ পিছত সংযুক্ত আৰৱ আমিল শ্বাহীত অনুষ্ঠিত হ'ব T-20 প্ৰতিযোগিতাখনৰ ত্ৰয়োদশ সংস্কৰণ। উদ্বোধনী খেলত ভাগ ল'ব যোৱাবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ান আৰু চেন্নাই ছুপাৰ কিংছে।

২. লুৰিণজ্যোতি গগৈক প্ৰত্যাহ্বান জনালে তেৰচ গোৱালাই..

সাহস আছে যদি দুলীয়াজান বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰক লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈক এনেদৰে প্ৰত্যাহ্বান জনাই বিজেপিৰ বিধায়ক তেৰচ গোৱালাই। তেওঁ লগতে ক'লে অসমবাসীৰ আবেগ-অনুভূতিক লৈ খেল খেলিছে আছুৱে।

৩. কোৰোনাৰ মাজতে সোমবাৰৰ পৰা খুলিব শিক্ষানুষ্ঠান…

কোৰোনাৰ মাজতে সোমবাৰৰ পৰা খুলিব শিক্ষানুষ্ঠান। আৰম্ভ হ'ব নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান। শিক্ষানুষ্ঠান খোলাৰ সন্দৰ্ভত মন্তব্য শিক্ষামন্ত্ৰী হিমন্তৰ। অভিভাৱকৰ অনুমতি পত্ৰলৈ ছাত্ৰ-ছাত্ৰী যাব লাগিব বিদ্যালয়লৈ। বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী উপস্থিত থকাতো বাধ্যতামূলক নহয়। এদিনত ৫০% শিক্ষকহে উপস্থিত থাকিব লাগিব।

৪. SEBAত তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযান….

দুৰ্নীতি নিবাৰক শাখাৰ ১২জনীয়া দলৰ অভিযান। উত্‍‍কোচ লৈ থকা অৱস্থাতে গ্ৰেপ্তাৰ হেমন্ত ডেকাক। হেমন্ত ডেকাৰ পৰা জব্দ কৰিলে নগদ ৪ হাজাৰ টকা। SEBAৰ সহকাৰী সচিব হেমন্ত ডেকাক জেৰা দুৰ্নীতি নিবাৰকৰ। জব্দ বহু আপত্তিজনক সামগ্ৰীৰ লগতে গুৰুত্বপূৰ্ণ নথি-পত্ৰ। সহকাৰী সচিব হেমন্ত ডেকাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ।

৫. ফেনে-ফোটোকাৰে ওফন্দি উঠিছে জীয়াঢল কুমতীয়া

অৰুণাচল প্ৰদেশত হোৱা মুষলধাৰ বৰষুণৰ বাবে ফেনে-ফোটোকাৰে ওফন্দি উঠিছে জীয়াঢল কুমতীয়া। ধেমাজিত জটিল হৈ পৰিছে বান পৰিস্থিতি। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰেও বাগৰিছে পানী।

৬. চিকিৎসক ৰাহুল বসুমতাৰীৰ হত্যাকাৰীক ফাঁচীৰ দাবীত ওদালগুৰিত শিক্ষাৰ্থীৰ সমদল

বিগত ৪ ছেপ্টেম্বৰত যোৰহাট চহৰৰ মাজমজিয়াত ওদালগুৰিৰ এগৰাকী কণিষ্ঠ চিকিৎসকক হত্যাৰ প্ৰতিক্ৰিয়া আজিও ওদালগুৰিত অব্যাহত আছে। প্ৰয়াত চিকিৎসকজনে স্কূলীয়া শিক্ষা লাভ কৰা ওদালগুৰিৰ ডায়মণ্ড ইংলিছ স্কুলৰ প্ৰাক্তন শিক্ষাৰ্থীসকলে আজি এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰে। চিকিৎসকগৰাকীৰ হত্যাত জৰিত দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীৰে বিদ্যালয় চৌহদৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই হাতে-হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰীসকলে ৰাহুলৰ হত্যাকাৰীক ফাঁচী দিয়ক, ৰাহুল হত্যাৰ ন্যায় লাগে, ন্যায় অৱিহনে ক্ষান্ত নহও, ন' জাষ্টিছ ন' ৰেষ্ট, উই ৱাণ্ট জাষ্টিচ ইত্যাদি শ্লোগানেৰে সমদলটি উত্তাল কৰি তোলে।

৭. ২ কোটিৰো অধিক বেতনপ্ৰাপ্ত কৰ্মচাৰীয়ে চাকৰি হেৰুৱালেঃ সাংসদ অধীৰ ৰঞ্জন চৌধুৰী…

কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে ৰাজহুৱা কৰা এক তথ্যই চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সাংসদগৰাকীয়ে শুকুৰবাৰে সদনৰ মজিয়াত মন্তব্য কৰিছিল, "২ কোটিৰো অধিক বেতনপ্ৰাপ্ত কৰ্মচাৰীয়ে চাকৰি হেৰুৱালে।" ইয়াৰ সমান্তৰালকৈ কংগ্ৰেছ সাংসদগৰাকীয়ে "১৪ লাখ শ্ৰমিকৰ বৰ্তমান কৰ্ম সংস্থাপন নাই" বুলিও মন্তব্য কৰিছে।

৮. দুলীয়াজানৰ টিপলিংস্থিত AISF শিবিৰত অঘটন

দুলীয়াজানৰ টিপলিংস্থিত AISF শিবিৰত অঘটন। গুলীবিদ্ধ অৱস্থাত উদ্ধাৰ AISFৰ এজন জোৱান। গকুল চন্দ্ৰ নাথ নামৰ জোৱান জনৰ গাত গুলী বুকুত গুলীবিদ্ধ জোৱানজনক চিকিত্সালয়লৈ প্ৰেৰণ। ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই জোৱানজনে আত্মহত্যাৰ চেষ্টা কৰাৰ সন্দেহ কিন্তু সমগ্ৰ ঘটনাৰ ৰহস্যৰ সম্ভেদ পাইছে সহকৰ্মীয়ে।

৯. অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ৰদ-বদল

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ৰদ-বদল। লখিমপুৰৰ আৰক্ষী অধীক্ষক ৰাজবীৰ সিঙক গুৱাহাটীলৈ বদলি। গুৱাহাটী (চেন্ট্ৰেল)ৰ অতিৰিক্ত আৰক্ষী আয়ুক্তৰূপে তেওঁক বদলি কৰা হৈছে। হোজাইৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনক কাহিলীপাৰাৰ দশম এপিবিএনৰ কমাণ্ডেন্টৰূপে বদলি কৰা হৈছে। এছিচটেন্ট ইনস্পেক্টৰ জেনেৰেল অৱ পুলিচ (Logistics) গৌৰৱ উপাধ্যায়ক এছিচটেন্ট ইনস্পেক্টৰ জেনেৰেল অৱ পুলিচ (Law and Order)লৈ বদলি কৰা হৈছে।

১০. বাঘজানত নিষিদ্ধ OILৰ বিষয়া আৰু কৰ্মীৰ প্ৰৱেশ

বাঘজানত নিষিদ্ধ OILৰ বিষয়া আৰু কৰ্মীৰ প্ৰৱেশ। ১১৪ দিন অতিক্ৰম কৰিলেও আজিকোপতি ক্ষতিপূৰণ নাপালে বাঘজানবাসীয়ে। পৰিণতিত ক্ষুব্ধ ৰাইজৰ পথৰ ওপৰতে বাঁহৰ বেৰিকেড লগাই উত্তাল প্ৰতিবাদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in