পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমৰ ৩০গৰাকী বিধায়ক কোৰোনাত আক্ৰান্ত…

অসমত সাংঘাতিক হাৰত বৃদ্ধি হৈছে কভিড১৯ ৰ পজিটিভৰ সংখ্যা। ইয়াৰ মাজত আছে অসম বিধান সভাৰ ৩০ গৰাকী বিধায়ক। সাৰি যোৱা নাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰা আৰম্ভ কৰি পাৰ্বত্য উন্নয়ন তথা খনি বিভাগৰ কেবিনেট মন্ত্ৰী ছুম' ৰংহাং আৰু অসম বিধান সভাৰ উপাধাক্ষ আমিনুল হক লস্কৰো। শাসকীয় বিজেপিৰেই সৰ্বাধিক ১৪ গৰাকী বিধায়ক আক্ৰান্ত হৈছে কোৰোনাত।

২. তৰুণ গগৈ আৰু প্ৰফুল্ল মহন্তৰো সকলো খবৰ ৰাখিছে চীনা গুপ্তচৰ প্ৰতিষ্ঠানে!

চীনা ব্যক্তিগত প্ৰতিষ্ঠান Zhenhua Data Information Private Limited-এ Overseas Key Information DataBaseত উত্তৰ-পূবৰ অতি কমেও ১৮০ গৰাকী ৰাজনীতিবিদ আৰু আমোলাৰ ভৌগোলিক অৱস্থিতিৰ পৰা আৰম্ভ কৰি সকলো খিনি তথ্য লিপিবদ্ধ কৰি ৰাখিছে। আজি দিল্লীৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰকাশ কৰা বাতৰি অনুসৰি, অসমৰ দুজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সবিশেষ নিৰীক্ষণ কৰি লিপিবদ্ধ কৰি ৰাখে এই প্ৰতিষ্ঠানটোৱে।

৩. কোৰোনাৰ প্ৰতিষেধক পাবলৈ অপেক্ষা কৰিব লাগিব অন্তত ৪-৫ বছৰ…

সমগ্ৰ বিশ্ববাসীয়ে কৰোনাৰ প্ৰতিষেধক পাবলৈ অপেক্ষা কৰিব লাগিব অন্তত ৪-৫ বছৰ। ২০২৪ৰ পূৰ্বে সকলোৰে বাবে প্ৰতিষেধক প্ৰস্তুত কৰিব পৰাৰ সামৰ্থ নাই ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানসমূহৰ। এই মন্তব্য ছেৰাম ইনষ্টিটিউট অব ইণ্ডিয়াৰ শীৰ্ষ কাৰ্যবাহী আদৰ পুনাৱালাৰ।

৪. অসমৰ দুই কাগজ কল পুনৰ কাৰ্যক্ষম কৰাৰ দাবী ৰিপুণ বৰাৰ…

আজি ৰাজ্যসভাৰ শূন্যকালত কংগ্ৰেছ সাংসদ ৰিপুণ বৰাই অসমৰ মৃতপ্ৰায় কাগজ কল দুটা পুনৰুদ্ধাৰ কৰিবলৈ দাবী উত্থাপন কৰে। ৪৫ মাহে বেতনৰ পৰা বঞ্চিত বিষয়া আৰু কৰ্মচাৰীসকলৰ দৰমহা মোকলাই দিয়াৰ দিশত সংশ্লিষ্ট মন্ত্ৰণালয়ক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় বৰাই। নিজৰ ভাষণত বৰাই কয় – "আমি আমাৰ দুটা কাগজ কল বন্ধ কৰি থৈছোঁ আৰু চীন দেশৰ পৰা কাগজ আমদানি কৰিছোঁ; এই কাম প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সপোনৰ অন্তৰায় হৈছে।

৫. দেশৰ ভিতৰতে উজলিল যোৰহাট চিকিৎসা মহাবিদ্যালয়…

দেশৰ ভিতৰতে উজলিল যোৰহাট চিকিৎসা মহাবিদ্যালয়। ফেকাল্টিসকলক প্ৰশিক্ষণ প্ৰদানেৰে অধিক দক্ষ কৰি তোলা দিশৰ পৰা দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ এম চি আই ৰিজনেল চেণ্টাৰে। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ২০১৯ চনত স্থাপন কৰা এম চি আই ৰিজনেল চেণ্টাৰ ফৰ মেডিকেল এডুকেচন টেকনলজিছে দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে সৰ্বাধিক সংখ্যক ফেকাল্টিক নতুন মেডিকেল পাঠ্যক্ৰমৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদানৰ জৰিয়তে। 

৬. ২০২০চনত কিমানটা ভূমিকম্পই জোঁকাৰি গৈছে ভাৰতক…

চলিত বৰ্ষৰ ১ মাৰ্চৰ পৰা ৮ ছেপ্তেম্বৰ পৰ্যন্ত ভাৰতক জোকাৰি গৈছে ৪১৩টাকৈ ভূমিকম্পই। এই তথ্য শেহতীয়াকৈ সদৰি কৰিলে Ministry of Earth Sciencesয়ে। মন্ত্ৰণালয়ে লগতে সদৰি কৰিছে যে, এই ৪১৩টা ভূমিকম্পৰ ভিতৰত ১৩৫টা ভূমিকম্পৰ প্ৰাৱল্য ৩.০কৈও কম। বাকী ১৫৩টা ভূমিকম্পৰ প্ৰাৱল্য আছিল ৩.০ৰ পৰা ৩.৯ৰ ভিতৰত। এই ভূমিকম্পত কোনো লোক হতাহত নোহোৱাৰ কথাও সদৰি কৰিছে মন্ত্ৰণালয়ে।

৭. নতুন ৰাজনৈতিক দলৰ সন্দৰ্ভত কি ক'লে জুবিন গাৰ্গে…

নতুন দল সম্পৰ্কত জুবিনৰ মম্তব্য। নতুন দল কিমান সফল হব সেয়া এতিয়াই কৈ দিব নোৱাৰি। কেনেকৈ নিজক প্ৰজেক্ট কৰিব তাৰ ওপৰত নিৰ্ভৰ কৰিব। নতুন নতুন আঞ্চলিক দল বহুত হল। এনেকৈ ভাগ হৈ থাকিলে ফল নধৰিব। সকলো একগোট হলে ভাল, ৰাজনৈতিক দলৰ লগত মই নাই।কিন্তু কা ৰ প্ৰসংগ আহিলে মই বিৰোধিতা কৰি যাম।

৮. নাৰায়ণপুৰত এটা বিধ্বস্ত পথে জলাকলা খুৱাইছে জনতাক…

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এটা গুৰুত্বপূৰ্ণ পথ । মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পৰা নুনিবাৰী-চকীয়াল হৈ মাজুলী সংযোগী সদা ব্যস্ত এই গুৰুত্বপূৰ্ণ পথটোৱে স্বাধীনতাৰ ৭ দশকৰ পিছতো নেদেখিলে উন্নয়নৰ মুখ । পথটোত সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাত আৰু একাঠু পৰ্যন্ত বোকাময় হৈ পৰাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভোগাই আহিছে পথচাৰী সকলক । বছৰ বছৰ ধৰি পুনৰ নিৰ্মাণ নোহোৱাত একপ্ৰকাৰ বিধ্বস্ত হৈ পৰিছে পথটো ।

৯. দৰঙত কোভিড আক্ৰান্তৰ সংখ্যা ৩৩৭৯ জনলৈ বৃদ্ধি…

দৰং জিলাত বাঢ়ি গৈ আছে কভিড আক্ৰান্ত ৰ সংখ্যা । জিলা স্বাস্থ্য বিভাগে মঙলবাৰে জিলা তথ্য আৰু জনসংযোগ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ মতে মঙলবাৰে দিনৰ ভাগত জিলাখনৰ ৩৪ জন লোক আক্ৰান্ত হৈছে ক'ভিডত। এই সকলক ধৰি দৰঙত ক'ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৩৩৭৯ জনলৈ বৃদ্ধি পালে। আনহাতে মঙলবাৰ পৰ্যন্ত জিলাখনৰ পৰা ২৮৪২ জন ৰোগীক সুস্থ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে ।

১০. বটদ্ৰৱাৰ ধনীয়াভেটিত সত্যৰঞ্জন বৰাৰ পুত্তলিকা দাহ…

ৰাজ্যৰ বিভিন্ন ঠাইৰ সভা – সমিতিত অংশ গ্ৰহণ কৰি ইছলাম ধৰ্মাৱলম্বী মুছলমান লোক সকলৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি অহা চৰ্চাত থকা নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে নগাঁও জিলাৰ বটদ্ৰৱা বিধান সভা সমষ্টিৰ ধনীয়াভেটি গাঁৱৰ ৰাইজ। মঙলবাৰে বিয়লি স্থানীয় ধনীয়াভেটি গাঁৱৰ ৰাইজে বটদ্ৰৱা – বড়ি বজাৰ সংযোগী গড়কাপ্তানী পথৰ ধনীয়াভেটি বজাৰত সত্যৰঞ্জন বৰাৰ বিৰোদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in