পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. আজি দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস…

লালকিল্লাত দেশৰ প্ৰধানমন্ত্ৰীয়ে ধাৰাবাহিক ভাৱে সপ্তমবাৰৰ বাবে উত্তোলন কৰিব পতাকা। কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ বাবে অতি কম সংখ্যক লোকৰ উপস্থিতিত কৰা হব পতাকা উত্তোলন।অসমত জজ খেলপথাৰত পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মৰিগাঁৱত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব বিত্ত মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই।

২. বলিউদৰ বিশিষ্ট গায়ক এছ পি বালাসুব্ৰমণিয়মৰ স্বাস্থ্যৰ অধিক অৱনতি…

বলিউদৰ বিশিষ্ট গায়ক এছ পি বালাসুব্ৰমণিয়মৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে। স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবেই শুকুৰবাৰে তেওঁক আই চি ইউত ভৰ্তি কৰা হৈছে। উল্লেখ্য যে, কেইটামান দিনৰ পূৰ্বে গায়কগৰাকীৰ দেহত কোৰোনাৰ অৱস্থিতি ধৰা পৰিছিল আৰু হাস্পতালত ভৰ্তি কৰা হৈছিল। যোৱা ৫ আগষ্টত হস্পাতাল ভৰ্তি হৈছিল কুকিল কন্ঠৰ অধিকাৰী শিল্পীগৰাকী।

৩. পশ্চিম কাৰ্বি আংলঙৰ খেৰনিত বিধ্বংসী অগ্নিকাণ্ড…

শুকুৰবাৰে নিশা পশ্চিম কাৰ্বি আংলঙৰ খেৰনিত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। খেৰনিৰ সাপ্তাহিক বজাৰত সূত্ৰপাত হয় এই অগ্নিকাণ্ডৰ। সম্পূৰ্ণৰূপে জাহ গ'ল ২০ৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান । বহু পলমকৈ অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হোৱাৰ অভিযোগ ৰাইজৰ। ভষ্মীভূত কেইবা লক্ষ টকাৰ সা-সম্পত্তি। স্থানীয় ৰাইজৰ সহযোগত বহু পলমকৈ অগ্নি নিৰ্বাপন কৰা হয়।

৪. ৰাজ্যৰ ৪০গৰাকী ক্ৰীড়াবিদলৈ পেঞ্চন, ৪০ জনলৈ এককালীন সাহায্য…

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত শুকুৰবাৰে ৰাজ্যৰ ৪০ জন ক্ৰীড়াবিদলৈ পেঞ্চন, ৪০ জনলৈ এককালীন সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে চৰকাৰে। পেঞ্চন লাভ কৰা প্ৰতিজন ক্ৰীড়াবিদক মাহে দিয়া হ'ব ৮ হাজাৰকৈ। এককালীন সাহায্যৰূপে ৪০ জনক প্ৰদান কৰা হ'ব ৫০ হাজাৰকৈ টকা।

৫. বিলত মাছ ধৰিবলৈ গৈ চৰাইদেউত এজন সন্ধানহীন

শুক্ৰবাৰে সন্ধিয়া বিলত মাছ ধৰিবলৈ গৈ সন্ধানহীন হৈ আছে চৰাইদেউৰ এজন লোক। সন্ধানহীন লোকজন চৰাইদেউ জিলাৰ চফ্ৰাই আৰক্ষী চকীৰ অন্তৰ্গত মোহন গাঁৱৰ অমূল্য শইকীয়া (৫৫) বুলি প্ৰকাশ পাইছে। পৰিয়ালে জানিবলৈ দিয়া মতে লোকজনৰ বাসগৃহৰ কিছু নিলগত থকা মোহন বিলত মাছ ধৰিবলৈ বুলি ঘৰৰ পৰা শুক্ৰবাৰে সন্ধিয়া ওলাই গৈছিল।

৬. স্বাধীনতা দিৱসত যান-বাহনৰ চলাচলত বিশেষ নিৰ্দেশনা গুৱাহাটীত…

স্বাধীনতা দিৱসত যান-বাহনৰ চলাচলত বিশেষ নিৰ্দেশনা প্ৰদান কৰা হৈছে গুৱাহাটী মহানগৰীত। বাণিজ্যিক বাহন চলাচল সম্পূৰ্ণৰূপে বন্ধ MG ৰোডত। ন' পাৰ্কিং জ'ন হিচাপে ঘোষণা কৰা হৈছে বহুকেইটা স্থান। জজ ফিল্ডৰ পূব দিশে, উত্তৰ দিশে ন' পাৰ্কিং। DC ক'ৰ্টৰ পৰা চিফ জাষ্টিছ পইণ্টলৈ ন' পাৰ্কিং।

৭. কোৰোনামুক্ত হ'ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

কোৰোনামুক্ত হল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। টুইটাৰৰ জৰিয়তে নিজেই এই কথা সদৰি কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। ঈশ্বৰক ধন্যবাদ দিয়াৰ লগতে শুভাকাংক্ষীক কৃতজ্ঞতা জনালে তেওঁ। উল্লেখ্য যে চিকিত্সকৰ পৰামৰ্শমৰ্মে কিছুদিন হোম আইছ'লেশ্যনত থাকিব অমিত শ্বাহ। ২ আগষ্টত অমিত শ্বাহৰ দেহত ধৰা পৰিছিল কোৰোনা।

৮. শুকুৰবাৰৰ দিনটোত অসমত ২৭০৬গৰাকী দেহত কোৰোনাৰ অৱস্থিতি…

শুকুৰবাৰৰ দিনটোত ৰাজ্যত ২৭০৬গৰাকীৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ। স্বাস্থ্যমন্ত্ৰীয়ে সদৰি কৰা অনুসৰি শুকুৰবাৰৰ দিনটোত ৰাজ্যত ৪৯হাজাৰ ৬০৩গৰাকী লোকক কৰা হৈছিল কোৰোনা টেষ্ট। বৰ্তমান অসমত কোৰোনাত আক্ৰান্ত হোৱা মুঠ ৰোগীৰ সংখ্যা হলগৈ ৭৪হাজাৰ ৫০১। আশাৰ খবৰ যে, অসমত ৪৯হাজাৰো অধিক কোৰোনা ৰোগী সুস্থ হৈ ইতিমধ্যে ঘৰলৈ উভটিছে।

৯. ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ মে' মাহৰ পৰা মাহেকীয়া মাচুল কমেও ২৫% হ্ৰাসৰ নিৰ্দেশ…

শুকুৰবাৰে ৰাজ্যৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানলৈ এই নিৰ্দেশাৱলী শিক্ষা বিভাগৰ। মে' মাহৰ পৰা শিক্ষানুষ্ঠানৰ মাহেকীয়া মাচুল কমেও ২৫% হ্ৰাসৰ নিৰ্দেশ প্ৰদান কৰিছে শিক্ষা বিভাগে। কোৰোনাসৃষ্ট পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে এই নিৰ্দেশ চৰকাৰৰ। প্ৰাক-প্ৰাথমিকৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত কাৰ্যকৰী হ'ব এই নিৰ্দেশ।

১০. কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ সংযুক্ত সচিব আক্ৰান্ত কোৰোনাত…

দেশবাসীক প্ৰতিদিনাই সংবাদমেল যোগে কোৰোনাৰ আপডেট জনাই থকা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ সংযুক্ত সচিব লৱ আগ্ৰৱাল আক্ৰান্ত হৈছে কোৰোনাত। শুকুৰবাৰে বিষয়াগৰাকীৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। উল্লেখ্য যে, ১৯৯৬ৰ আই এ এছ কেডাৰ লৱ আগ্ৰৱালৰ বয়স ৪৮বছৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in