পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. ইতিহাসত আজিৰ দিনতো…

অসমীয়া বাৰ্তালোচনী "জোনাকী"ৰ প্ৰথম সংস্কৰণ প্ৰকাশ। ৯৪৯ চনৰ আজিৰ দিনটোত, ভাৰতৰ প্ৰথমজন মহাকাশচাৰী ৰাকেশ শৰ্মাৰ জন্ম হৈছিল।

২. দেৱব্ৰত শইকীয়াৰ বিৰোধী দলপতিৰ মৰ্যাদা কৰ্তনত স্থগিতাদেশ হাইক'ৰ্টৰ…

দেৱব্ৰত শইকীয়াৰ বিৰোধী দলপতিৰ মৰ্যাদা কৰ্তনত স্থগিতাদেশ হাইক'ৰ্টৰ। পহিলা জানুৱাৰীৰ পৰা বিৰোধী দলপতিৰ মৰ্যাদা হেৰুৱাইছিল শইকীয়াই। বিধানসভা সচিবালয়ে কৰ্তন কৰিছিল শইকীয়াৰ বিৰোধী দলপতিৰ মৰ্যাদা

৩. টিহুত স্বামী বিবেকানন্দ জয়ন্তী উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন

ভাৰতীয় জনতা যুৱ মৰ্চাৰ টিহু মণ্ডলৰ উদ্যোগত স্বামী বিবেকানন্দজয়ন্তী উপলক্ষে ১২ জানুৱাৰীত নলবাৰী জিলাৰ টিহু মহকুমাত ছাত্ৰ–ছাত্ৰীৰ মাজত এখনি বিশেষ চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন হয় । ভাৰতীয় জনতা যুৱ মৰ্চাৰ টিহু মণ্ডলৰ সম্পাদক ধ্ৰুৱজ্যোতি হালৈৰ তত্ত্বাৱধানত আয়োজিত প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠান টিহুৰ জাতীয় বিদ্যালয়ত অনুষ্ঠিত হয় ।

৪. ওদালগুৰিত ছয় তীৰ ব্যৱসায়ীক আটক…

তীৰ ব্যৱসায়ীৰ বিৰুদ্ধে ওদালগুৰি আৰক্ষীৰ অভিযান। আজি ওদালগুৰি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অসীম বৰাৰ নেতৃত্বত চলোৱা এই অভিযানত ছয় গৰাকী তীৰ ব্যৱসায়ীক আটক কৰে। আটকাধীন তীৰ ব্যৱসায়ী কেইগৰাকী হৈছে পুৰণি গৰৈবাৰীৰ গোপাল দাস(৪৫), ৰাম বিলাস চৌহান(৩৭), মহি ব্ৰহ্ম(৩৮), কানাইলাল চৌহান(২৭), সাপখাইটিৰ হেমন্ত উপাধ্যায়(৩৫), আৰু পিংকু টপাদাৰ(৩৯) বুলি জানিব পৰা গৈছে।

৫. অসমৰ মানচিত্ৰত আৰু এখন নতুন জিলা…

অসমৰ মানচিত্ৰত আৰু এখন নতুন জিলা। বজালীয়ে পালে নতুন জিলাৰ মৰ্যাদা। বজালী মহকুমাৰ সমগ্ৰ পৰিসৰ সামৰি হ'ব জিলাখন।

৬. নগাঁৱৰ কঠিয়াতলী ৰেংবেঙত ভয়ংকৰ পথ দুৰ্ঘটনা…

নগাঁৱৰ কঠিয়াতলী ৰেংবেঙত সংঘটিত হৈছে এটা ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰাকৰ সৈতে সংঘৰ্ষ বলেৰ' পিক আপ বাহনৰ। দুৰ্ঘটনাৰ ফলত থিতাতে প্ৰাণ হেৰুৱাইছে ২জনকৈ লোকে। একেদৰে এই দুৰ্ঘটনাত ৩জন লোক আহত হৈছে।

৭. নীলবাগানত বোৱাৰীৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ অভিযোগ…

হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত নীলবাগানৰ তাৰকাটা গাঁৱত তলাৱদ্ধ কোঠালিৰ ভিতৰত ডিঙিত চীপ লোৱা অৱস্থাত এগৰাকী বোৱাৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।বোৱাৰী গৰাকীৰ পিতৃ গৃহ ডবকাৰ ভগীৰাম গাঁৱত।

৮. সুদীৰ্ঘ ৩০ বছৰৰ পিছত পুণৰ প্ৰাণ পাই উঠিছে মঙলদৈ ইউনাইটেড ক্লাব সংগীত বিদ্যালয়

সুদীৰ্ঘ ৩০ বছৰৰ পিছত পুণৰ প্ৰাণ পাই উঠিছে মঙলদৈ ইউনাইটেড ক্লাব সংগীত বিদ্যালয়। ইউনাইটেড ক্লাবৰ সভাপতি বীৰেণ মেধি, সম্পাদক পৰাগ ডেকা আৰু অন্যান্য বিষয়ববীয়া সকলৰ উদ্যমত যোৱা ১০ জানুৱাৰীত বিধায়ক গুৰুজ্যোতি দাসে পুণৰ উদ্বোধন কৰে এই বিদ্যালয়। এই উদ্বোধনী অনুষ্ঠানত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক সমৰেন্দ্ৰ নাৰায়ন দেৱ, অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি ইদ্ৰিছ আলী, বিশিষ্ট শিল্পী দম্পতী জয়প্ৰকাশ মেধি – মৰমী মেধি, বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা, গীতিকাৰ হেমন্ত দত্ত, মঙলদৈ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ ,সংগীত শিল্পী জীৱেন্দ্ৰ মোহন দেৱশৰ্মা, সমাজকৰ্মী জয়ন্ত চহৰীয়া আদি উপস্থিত থাকি অতীত স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে।

৯. বকোত গাঁৱপঞ্চায়ত সমবায় সমিতিৰ নিৰ্বাচনৰ ফলাফল

এইবাৰ প্ৰথমবাৰৰ বাবে ৰাভা হাছঙ যৌথ সংগ্ৰাম সমিতিয়ে সমবায় নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। প্ৰথমবাৰতে সংখ্যা গৰিষ্ঠতা লাভ কৰি ৰাভা হাছঙ যৌথ সংগ্ৰাম সমিতিয়ে সমবায় সমিতিখন নিজৰ দখলত নিবলৈ সক্ষম হয়। জানিবপৰা মতে যোৱা ১০জানুৱাৰীত কামৰূপ জিলাৰ ৪৮নং বকো বিধানসভা সমষ্টিৰ চুকুনীয়াপাৰা চ'কত থকা লুকীগাঁৱ পঞ্চায়ত সমবায় সমিতিখনৰ অংশীদাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল ।

১০. বোকাজান আৰক্ষীৰ জালত ড্ৰাগছ সহ সৰবৰাহকাৰী

বোকাজান আৰক্ষীৰ জালত ড্ৰাগছ সহ সৰবৰাহকাৰী ।২০২১ৰ প্ৰথমটো মাহতেই ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ ।৩১ টা চাবোনৰ বক্সত উদ্ধাৰ কৰা হয় ৩৭১গ্ৰাম ড্ৰাগছ। ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্ৰায় ১০ লাখ টকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in